শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰঙালীৰ ৰং উপভোগ কৰিবলৈ ৰাজ্যৰ এই কেইখন ঠাই ভ্ৰমণ কৰক…

ৰঙালী বিহুৰ উপলক্ষে ঐকিহাসিক পৰম্পৰাৰে উদযাপন কৰা বিহু উপভোগ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি ? আজি এই প্ৰতিবেদনৰ জৰিয়তে অসমীয়া বহাগ মাহত ভ্ৰমণ কৰিবলগীয়া কেইখনমান বিশেষ ঠাইৰ বিষয়ে উল্লেখ কৰিছোঁ । এই ঠাই কেইখন ভ্ৰমণ কৰি ঐতিহাসিক পৰম্পৰাৰে উদযাপন কৰা বিহু উপভোগ কৰিব পাৰিব ।

ৰঙালীৰ ৰং উপভোগ কৰিবলৈ ৰাজ্যৰ এই কেইখন ঠাই ভ্ৰমণ কৰক…
ৰঙালী বিহু
manas-borah
Manas Borah | Published: 09 Apr 2025 16:25 PM

চাওতে চাওতে বাপতি সাহোন ৰঙালী বিহুটি আহি পদূলিমুখ পালেহি । মাজত মাত্ৰ কেইটামান দিন বাকী ! ৰাজ্যৰ সকলো প্ৰান্ততে চলিছে এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি । বৰ্তমানৰ ইণ্টাৰনেট, মোবাইল আৰু চাকৰিৰ খোজত বহুতৰে বিহুটিৰ প্ৰতি পূৰ্বৰ তুলনাত আগ্ৰহ নোহোৱা হ’লেও, ৰাজ্যৰ গাঁওসমূহত ৰঙালীৰ প্ৰতি পূৰ্বৰ দৰে প্ৰকৃত আগ্ৰহ এতিয়াও দেখা যায় । আপুনি বাৰু ৰঙালী বিহুৰ উপলক্ষে ঐকিহাসিক পৰম্পৰাৰে উদযাপন কৰা বিহু উপভোগ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি ? আজি এই প্ৰতিবেদনৰ জৰিয়তে অসমীয়া বহাগ মাহত ভ্ৰমণ কৰিবলগীয়া কেইখনমান বিশেষ ঠাইৰ বিষয়ে উল্লেখ কৰিছোঁ । এই ঠাই কেইখন ভ্ৰমণ কৰি ঐতিহাসিক পৰম্পৰাৰে উদযাপন কৰা বিহু উপভোগ কৰিব পাৰিব ।

ঐতিহাসিক ৰংঘৰৰ বাকৰি বিহু চাবলৈ শিৱসাগৰলৈ যাওক

পহিলা বহাগত ৰংঘৰৰ বাকৰিত বিহু চাবলৈ সকলোৰে এটা হেঁপাহ থাকে । আহোম স্বাৰ্গদেউৰ ইতিহাস সমৃদ্ধ ৰংঘৰৰ বাকৰিত বিহু চাবৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে ভিৰ কৰে । ৰাজ্যৰ বাহিৰৰ পৰাও আহি বহু পৰ্যটকে ৰংঘৰৰ বাকৰিত বিহু চাবৰ বাবে ভিৰ কৰা দেখা যায় । পহিলা বহাগ তথা মানুহৰ বিহুৰ দিনটোত ৰংঘৰৰ বাকৰিত উদযাপন কৰা হয় ৰঙালী বিহু । স্বৰ্গদেউৰ দিনৰে পৰা ৰংপুৰৰ ৰংঘৰৰ বাকৰিত চলি আহিছে ৰঙালীৰ ৰং-ধেমালি । যদি পহিলা বহাগত বিহু উপভোগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে যাওক শিৱসাগৰৰ ৰংঘৰৰ বাকৰিলৈ ।

ঐতিহাসিক লতাশিলৰ বিহু

গুৱাহাটীৰ লতাশিলৰ বিহুতলিখন ৰাজ্যৰ প্ৰথম বিহু মঞ্চ । লতাশিলৰ পৰাই প্ৰথম মঞ্চ বিহু আৰম্ভ হৈছিল বুলি কোৱা হয় । লতাশিলৰ ‘বিহু সম্ৰাজ্ঞী’, ‘বিহু ৰাণী’, ‘বিহু কুঁৱৰী’ৰ আছে সুকীয়া সন্মান । ১৯৫২ চনৰ পৰা ঐতিহাসিক লতাশিল খেলপথাৰত উদযাপন কৰি অহা হৈছে বাপতি সাহোন ৰঙালী বিহু ।  কিন্তু আপুনি যদি গুৱাহাটীৰ আশে-পাশে বিহু উপভোগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে লতাশিল খেলপথাৰলৈ যাব পাৰে ।

ৰাতি বিহু চাবলৈ তিনিচুকীয়ালৈ যাওক

মৰাণ জনজাতিৰ লোকসকলৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক হৈছে ৰাতি বিহু । মৰাণ লোকসকলৰ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্যক পৰিচিত কৰি আহিছে ৰাতি বিহুৱে । মৰাণ সকলৰ ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা ভাগত মৰা বিহুক ৰাতি বিহু বুলি কোৱা হয় । ৰাতি বিহু ডেকা-গাভৰুৱে একেলগে মাৰে । কোৱা হয় যে,গাঁৱৰ ডেকাসকলে সাজি লোৱা দুই কোঠালিযুক্ত বিহুঘৰত নিশা ভাগত ডেকা-গাভৰুৱে একেলগে বিহু মাৰে। আৰু ইয়াক ৰাতি বিহু হিচাপে জনাজাত । যদি ৰাতি বিহু উপভোগ কৰিব বিচাৰে তিনিচুকীয়া কাকপথাৰৰ দৰে মৰাণ লোকসকলে বসবাস কৰা গাঁওসমূহ ভ্ৰমণ কৰিব পাৰে ।

ফাট বিহু চাবলৈ ঢকুৱাখানালৈ যাওক

ফাট বিহু মানেই লখিমপুৰ জিলাৰ ঢকুৱাখানা, ফাট বিহু মানেই ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰি । বহাগৰ সাত বিহু পাছত পালন কৰা হয় ফাট বিহু । ফাট বিহু হৈছে অসমীয়া সাংস্কৃতিক বৈশিষ্ট আৰু ঐতিহ্যৰ বাহক স্বৰূপ । সাতবিহু যোৱাৰ পিছত ঢকুৱাখনাৰ (পূৰ্বতে হাবুং) হাৰ্হি দেৱালয়ত একেলগে কেইবাটাও জনগোষ্ঠীয় লোকে ফাট বিহু মাৰিছিল। বৰ্তমান বহাগ মাহৰ শেষৰটো শুক্ৰ, শনি আৰু দেওবাৰে মʼহঘূলি চাপৰিত পালন কৰা হয় ফাট বিহু । আপুনি যদি ফাট বিহু উপভোগ কৰিব বিচাৰে তেন্তে এই বহাগতে লখিমপুৰ জিলাৰ ঢকুৱাখানা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ।

চহা গাঁওসমূহ ভ্ৰমণ কৰক

ৰাজ্যৰ এনে কিছুমান গাঁও আছে য’ত এতিয়াও ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহু পালন কৰে । অসমীয়া পুৰণি ৰীতি-নীতিৰে পালন কৰা বিহু যদি উপভোগ কৰিব বিচাৰে তেন্তে সেই গাঁওসমূহ ভ্ৰমণ কৰিব পাৰে । গাঁওসমূহত পাব নিভাঁজ গাঁৱৰ পৰিবেশ । সেই গাঁওসমূহত দেখা পাব কৃত্ৰিমতাৰ প্ৰভাৱ নথকা অসমৰ গঞা জীৱনৰ এক বাস্তৱ প্ৰতিচ্ছবি । সেই গাঁওসমূহত অনুভৱ কৰিব প্ৰকৃত ৰঙালীৰ ৰং । পলম নকৰিব এতিয়াই কৰক ভ্ৰমণৰ পৰিকল্পনা ।