গ্ৰীষ্ম বন্ধত ফুৰিব যাব পাৰে এই ঠাইলৈ! পাহৰি যাব ছিমলা, মনালীক…
হেপি ভেলী চাহ বাগিচা সকলোতকৈ বিখ্যাত আৰু পুৰণি। ১৮৫৪ চনত স্কটিছ ৰোপণকাৰী জৰ্জ উইলিয়ামছনে এই চাহ বাগিচাখন প্ৰতিষ্ঠা কৰিছিল। ইয়াত ক’লা, সেউজীয়া, বগা আদি বহুতো জাতৰ চাহ উপলব্ধ। এই চাহ বাগিচাখনৰ চাহক সৰ্বোত্তম বুলি গণ্য কৰা হয়।
দেশৰ বিভিন্ন প্ৰান্তত জুন মাহত গৰমে জ্বলা-কলা খুৱাই মানুহক। সেয়ে সময় পালেই মানুহ ফুৰিবলৈ যাব বিচাৰে ঠাণ্ডা ঠাইলৈ। গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বেছিভাগ মানুহে যায় ছিমলা, মনালী আদি পাহাৰীয়া ঠাইলৈ। কিন্তু ইয়াৰ বাহিৰেও ভাৰতত বহুতো ধুনীয়া ঠাই আছে যি বহু ধুনীয়া আৰু তালৈ আপুনি যাব পাৰে। কিছুমান এনে ঠাই আছে যিয়ে সৌন্দৰ্য্যৰ ফালৰ পৰা ছিমলা, মানালীৰ দৰে ঠাইকো পিছ পেলাই যায়। আমি কৈ আছো দাৰ্জিলিঙৰ কথা। দাৰ্জিলিং এনে এখন সুন্দৰ চহৰ য’ত যিকোনো ঋতুতে ভ্ৰমণ কৰিব পাৰি। এই পাহাৰীয় ঠাইখন কেৱল ধুনীয়াই নহয় ইয়ালৈ যোৱা পথটোও অতি মনোমোহা। সকলোফালে আপুনি দেখা পাব সেউজীয়া। পাহাৰ-পৰ্বত, চাহ বাগান আদিয়ে মন মুহিব আপোনাৰ।
দাৰ্জিলিঙৰ নাম শুনাৰ লগে লগে চাহ বাগিচাৰ দৃশ্য মনলৈ আহে। হিমালয় পৰ্বতৰ বুকুত অৱস্থিত দাৰ্জিলিং এটা সুন্দৰ পাহাৰীয়া ষ্টেচন। প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমীয়ে জীৱনত এবাৰ হলে দাৰ্জিলিং ভ্ৰমণ কৰিব লাগে। এই ঠাইখনৰ সৌন্দৰ্য্যই বিদেশী পৰ্যটককো আকৰ্ষণ কৰে। ইয়াত বছৰটোৰ প্ৰতিটো সময়তে পৰ্যটকে ভিৰ কৰে। যদি আপুনি গ্ৰীষ্মকালীন ছুটীৰ সময়ত ক’ৰবালৈ যোৱাৰ কথা ভাবিছে, তেন্তে এইবাৰ আপুনি দাৰ্জিলিং যাব পাৰে। ইয়াত ভ্ৰমণ কৰিবলৈ আছে বহু ঠাই।
১) টাইগাৰ হিল
দাৰ্জিলিঙৰ আটাইতকৈ বিখ্যাত পৰ্যটনস্থলী টাইগাৰ হিল। ইয়াৰ পৰা আপুনি দেখা পাব মাউণ্ট এভাৰেষ্ট, হিমালয়ৰ পূৱ অংশ, চাহ বাগিচা আৰু কাঞ্চনজংঘাৰ মনোমোহা দৃশ্য। এই ঠাইৰ সকলোতকৈ বিশেষত্ব হল যে ইয়াৰ পৰা আপুনি দেখা পাব সূৰ্যোদয়। কাঞ্চনজংঘাৰ শৃংগৰ মাজেৰে দেখা পোৱা এই দৃশ্যই মন মুহিব আপোনাৰ। দাৰ্জিলিঙৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত টাইগাৰ হিল।
২) ৰক গাৰ্ডেন
ৰক গাৰ্ডেন মূল চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত চুন্নু চমৰ জলপ্ৰপাতৰ ওচৰত অৱস্থিত এখন পাহাৰত অৱস্থিত। দাৰ্জিলিঙৰ এই বিখ্যাত পৰ্যটন স্থলীটো পাহাৰ আৰু শিল কাটি নিৰ্মাণ কৰা হৈছে। ইয়াত থকা হ্ৰদটোৱে ইয়াৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি কৰে।
৩) হেপি ভেলী চাহ বাগিচা
দাৰ্জিলিঙত বহু চাহ বাগিচা আছে যদিও হেপি ভেলী চাহ বাগিচা সকলোতকৈ বিখ্যাত আৰু পুৰণি। ১৮৫৪ চনত স্কটিছ ৰোপণকাৰী জৰ্জ উইলিয়ামছনে এই চাহ বাগিচাখন প্ৰতিষ্ঠা কৰিছিল। ইয়াত ক’লা, সেউজীয়া, বগা আদি বহুতো জাতৰ চাহ উপলব্ধ। এই চাহ বাগিচাখনৰ চাহক সৰ্বোত্তম বুলি গণ্য কৰা হয়।