শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মাত্ৰ ১০ দিন তুলসী পাত খালে কি হয় জানেনে? জানক ইয়াৰ উপকাৰী গুণ…

Tulsi Benefits: ধৰ্মীয় দৃষ্টিকোনৰ লগতে স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী তুলসী পাত। প্ৰতিদিনে তুলসী পাত সেৱন কৰিলে বহু উপকাৰী গুণ পোৱা যায়।

মাত্ৰ ১০ দিন তুলসী পাত খালে কি হয় জানেনে? জানক ইয়াৰ উপকাৰী গুণ…
তুলসী পাতImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 27 Feb 2025 06:59 AM

আয়ুৰ্বেদত তুলসীক এক গুৰুত্বপূৰ্ণ ঔষধ হিচাপে গণ্য কৰা হয়। ধৰ্মীয় দৃষ্টিকোণৰ পৰা ইয়াক পবিত্ৰ হিচাপে গন্য কৰাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো ই বহু উপকাৰী। তুলসীৰ পাতত এন্টিঅক্সিডেন্ট, ভিটামিন চি, কেলচিয়াম, আইৰণ আৰু বহুতো পুষ্টিকৰ উপাদান থাকে। এনে অৱস্থাত খালী পেটত তুলসীৰ পানী খালে স্বাস্থ্যৰ বহু উপকাৰ হয়।

আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ ডিম্পল জাংৰাৰ মতে গ্ৰীষ্ম কাল বা শীতকাল, যিকোনো সময়তে তুলসীয়ে আমাৰ শৰীৰত বহু উপকাৰী গুণ প্ৰদান কৰে। কিন্তু ইয়াক সঠিকভাৱে নিজৰ জীৱনশৈলীত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি তুলসীৰ পানী ১০ দিন ধৰি অবিৰতভাৱে সেৱন কৰে তেন্তে আপোনাৰ শৰীৰত হোৱা পৰিৱৰ্তন দেখি আপুনি আচৰিত হ’ব। গতিকে ইয়াৰ উপকাৰিতাৰ বিষয়ে বিশেষজ্ঞই কি কয়, তাৰ বিষয়ে জনা হ’ল।

শক্তি

তুলসীৰ এন্টি-ভাইৰেল, এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ফাংগেল গুণ আছে। ই আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। চৰ্দি, কাহ, জ্বৰ আদি ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

চিন্তা কম কৰে

তুলসীয়ে মানসিক চাপ তথা মানসিক অৱসাদ দূৰ কৰে। যদি আপুনি মানসিক চাপ অনুভৱ কৰি আছে তেন্তে তুলসী সেৱনে আপোনাক মানসিক শান্তি দিব পাৰে। নিয়মিতভাৱে গ্ৰহণ কৰিলে মগজুও সক্ৰিয় হৈ থাকে।

পাচনতন্ত্ৰ শক্তিশালী

তুলসী সেৱন কৰা পেটৰ বাবেও ভাল।ই হজম শক্তি সুস্থ কৰি ৰাখে আৰু পেটৰ গেছ, জ্বলা-পোৰা, বদহজম বা কোষ্ঠকাঠিন্য আদি সমস্যা দূৰ কৰে। খালী পেটত তুলসীৰ পাত খালে পেটৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

হৃদৰোগৰ সম্ভাৱনা কম

উচ্চ ৰক্তচাপৰ বাবে তুলসী উপকাৰী। ই ৰক্তবাহী নলী বহল কৰি ৰক্ত সঞ্চালন উন্নত কৰে। লগতে কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়।

ছাল আৰু চুলি

তুলসীৰ পাতত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে। যাৰ বাবে ই ছাল আৰু চুলি উজ্বল কৰি ৰখাত সহায় কৰে। ই দাগ আৰু ছালৰ অন্যান্য ৰোগসমূহ দূৰ কৰাত সহায় কৰে।  চুলিৰ বাবেও ই অত্যন্ত উপকাৰী।

কেনেকৈ খাব

  • ১০ দিন প্ৰতিদিনে তুলসীৰ পানী খাব লাগে।
  • তুলসীৰ পাত ৰাতি তিয়াই পুৱা খাব
  • তুলসী চাহ খোৱাতো উপকাৰী