শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

WITT 2025 : প্ৰি-ডায়েবেটিছ কি ? ইয়াক কেনেকৈ ধৰা পেলাব পাৰি ? কি কয় বিশেষজ্ঞসকলে ?

ডায়েবেটিছৰ আগতে এজন ব্যক্তি প্ৰি-ডায়েবেটিছ পৰ্যায়ত থাকে। যদি ইয়াক চিনাক্ত কৰি জীৱনশৈলীৰ পৰিৱৰ্তন কৰা হয়, তেন্তে ডায়েবেটিছ ৰোগ সহজে প্ৰতিৰোধ কৰিব পৰা যায়।

WITT 2025 : প্ৰি-ডায়েবেটিছ কি ? ইয়াক কেনেকৈ ধৰা পেলাব পাৰি ? কি কয় বিশেষজ্ঞসকলে  ?
ডাঃ এছ.কে. ৱাংনু
manas-borah
Manas Borah | Published: 30 Mar 2025 07:05 AM

দেশৰ সৰ্ববৃহৎ বাতৰি নেটৱৰ্ক TV9 ৰ গ্ল’বেল ছামিট WITT 2025 অৰ্থাৎ What India Thinks Today ত ডায়েবেটিছ আৰু হৃদৰোগৰ বিষয়ে চিকিৎসকৰ সৈতে আলোচনা কৰা হয়। আলোচনাত ভাগ লয় ফৰ্টিছ হাস্পতালৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ মুকেশ ৱাধৱানী আৰু এপ’ল’ হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা এণ্ডক্ৰাইন’লজিষ্ট তথা ডায়েবেটিছ বিশেষজ্ঞ ডাঃ এছ কে ৱাংনুৱে । তেওঁলোকে ডায়েবেটিছ, প্ৰি-ডায়েবেটিছ আৰু হৃদৰোগৰ বিষয়ে আলোচনা কৰে। ডাঃ ৱাংনুৱে কয় যে, ডায়েবেটিছৰ আগতে এজন ব্যক্তি প্ৰি-ডায়েবেটিছ পৰ্যায়ত থাকে। যদি ইয়াক চিনাক্ত কৰি জীৱনশৈলীৰ পৰিৱৰ্তন কৰা হয়, তেন্তে ডায়েবেটিছ ৰোগ সহজে প্ৰতিৰোধ কৰিব পৰা যায়।

ডাঃ ৱাংনুৱে কয় যে, যি হাৰত ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে সেয়া ভৱিষ্যতৰ বাবে অতি বিপদজনক। চিন্তাৰ বিষয় যে, এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ জানিব পৰা হোৱা নাই। আনকি ডায়েবেটিছৰ পূৰ্বে হোৱা প্ৰি-ডায়েবেটিছ পৰ্যায়ৰ বিষয়েও মানুহে অৱগত নহয়। তেওঁ মতে প্ৰি-ডায়েবেটিছ ৬০ শতাংশ ৰোগীৰ ডায়েবেটিছলৈ পৰিণত হয়। এনে পৰিস্থিতিত প্ৰি-ডায়েবেটিছৰ বিষয়ে জনা উচিত।

প্ৰি-ডায়েবেটিছ কেনেকৈ ধৰা পেলাব ?

ডাঃ ৱাংনুৰ মতে,  দেশৰ ৮ কোটিতকৈ অধিক লোক ডায়েবেটিছত আক্ৰান্ত আৰু ইয়াৰ ভিতৰত ৩.৫ কোটি লোক প্ৰি-ডায়েবেটিছ পৰ্যায়ত আছে। খাদ্য নোখোৱা সময়ত যদি কোনো ব্যক্তিৰ তেজত চুগাৰৰ মাত্ৰা ১০০ৰ ওপৰত আৰু ১২৫ ৰ তলত থাকে। একেদৰে খাদ্য খোৱাৰ পিছত ১৪০ তকৈ অধিক আৰু ২০০ ৰ তলত হয় তেন্তে সেয়া প্ৰি-ডায়েবেটিছ। ইয়াক চিনাক্ত কৰিবলৈ আপুনি HBA1C পৰীক্ষাও কৰিব পাৰে। যদি এই পৰীক্ষাত চুগাৰৰ মাত্ৰা ৫.৭ৰ ওপৰত আৰু ৬.৫ৰ তলত হয়, তেন্তে সেয়া প্ৰি-ডায়েবেটিছ। এই ক্ষেত্ৰত আপুনি খাদ্য আৰু জীৱনশৈলী উন্নত কৰি ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ডাঃ ৱাংনুৱে কয় যে, প্ৰি-ডায়েবেটিছ পৰ্যায়ত ৰোগ নিয়ন্ত্ৰণ কৰিলে ভাল।

বহু লোক প্ৰি-ডায়েবেটিছ পৰ্যায়ত আছে

ডাঃ ৱাংনুৱে কয় যে, দেশৰ ৮ কোটিতকৈ অধিক লোক ডায়েবেটিছত আক্ৰান্ত আৰু ইয়াৰ ভিতৰত ৩.৫ কোটি লোক ডায়েবেটিছৰ পূৰ্বৰ পৰ্যায়ত আছে। যিহেতু এই ৰোগবোৰৰ লক্ষণসমূহ সহজে ধৰা নপৰে, সেয়েহে বেছিভাগ ৰোগীয়ে ডায়েবেটিছৰ বিষয়ে পিছত গম পায়। ইয়াক ধৰা পেলাবলৈ পৰীক্ষা কৰাব লাগিব। কোনো লক্ষণ নাথাকিলেও মাহত এবাৰ বা দুবাৰ তেজৰ চুগাৰৰ পৰীক্ষা কৰিব লাগে। যদি বেছি হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

চুগাৰ পৰীক্ষা কৰিব লাগে

যদি আপোনাৰ বয়স ৩০ বছৰৰ অধিক, বিএমআই ২৫ ৰ অধিক আৰু পৰিয়ালৰ কোনোবাই ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেন্তে চুগাৰৰ মাত্ৰা পৰীক্ষা কৰিব লাগে । যদি কোনো ব্যক্তিৰ উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু মেদবহুলতা থাকে, তেন্তে ডায়েবেটিছ হ’লে তৎক্ষণাত চিকিৎসা আৰম্ভ কৰিব লাগে।