Uruka 2025: উৰুকা আৰু পৰম্পৰা, মাঘৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন…
Uruka 2025: মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়চোৱাত প্ৰতিগৰাকী অসমীয়া সাজু হৈছে হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ। মাঘ বিহুৰ অপৰিহাৰ্য অংগ হ'ল উৰুকা। এই উৰুকাৰো আছে এক পৰম্পৰা।
মাঘ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়চোৱাত সকলোৱে প্ৰস্তুতি চলাইছে হেঁপাহৰ ভোগালীক আদৰিবলৈ। গাভৰু-মহিলাসকলে যদি পিঠা- লাড়ুৰ যোগাৰ কৰিছে, ডেকাসকলে আকৌ ভেলাঘৰ সাজিছে। মুঠতে ব্যস্ততাৰ মাজতো সকলোৱে চলাই গৈছে প্ৰস্তুতি। পুহ- মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় মাঘ বিহু। আঘোণ, পুহ মাহত কৃষকে শস্য চপাই ভঁৰাল ভৰাই আৰু সকলোৱে বিহুৰ সময়ত উদৰ পুৰাই একেলগে ভোজ-ভাত খায়। এই সময়চোৱাত ধনী- দুখীয়া সকলোৰে দুমুঠি খাবলৈ থাকে। সেয়ে এই বিহুক ভোগালী বিহু বুলি কোৱা হয়।
তাৰিখ
অসমীয়াৰ প্ৰতিটো বিহু কৃষিভিত্তিক আৰু আটাইকেইটাৰে নিজা নিজা বৈশিষ্ট আছে। মাঘ বিহুৰ অন্যতম আকৰ্ষণ হৈছে উৰুকা আৰু মেজি। বিহুৰ আগৰ দিনটোত অৰ্থাৎ সংক্ৰান্তিৰ দিনা উৰুকা পালন কৰা হয়। এইবাৰ অসমীয়াই উৰুকা পালন কৰিব ১৩ জানুৱাৰী, ২০২৫ ত।
উৰুকা আৰু পৰম্পৰা
উৰুকাৰ দিনা সকলোৱে লগে ভাগে মিলি এসাঁজ খায়। ঠাইভেদে উৰুকাৰ পৰম্পৰা বেলেগ বেলেগ। বছৰ বছৰ ধৰি অসমীয়াই উৰুকা পালন কৰি আহিছে। এই দিনটোত সকলোৱে মেজিৰ ওচৰত ভেলাঘৰ সাজি অথবা ঘৰত লগে ভাগে এসাঁজ খায়। পৰম্পৰা অনুসৰি, উৰুকাৰ নিশা ভোজৰ বাবে মাছ অপৰিহাৰ্য। অসমৰ জলাশয়সমূহ মাছৰ বাবে উপযোগী। বিহুৰ উৰুকাৰ দিনা বিভিন্নজনে বিল, পুখুৰী, নদী আদিত মাছ মাৰিবলৈ যায়। ইয়াৰোপৰি আন কিছুমানে বজাৰৰ পৰা ক্ৰয় কৰি আনি আনন্দত ভোজ ভাত খায়। কিছুমান ঠাই গাঁৱবাসীয়ে একেলগে মাছ ধৰাৰ পৰম্পৰা আছে।
দিনৰ দিনটো মাছ ধৰি বজাৰ কৰি আহি ৰাতি মাছে মঙহে সকলোৱে এসাঁজ খায়। উৰুকা মানেই হৈছে ভোজভাত। উৰুকাৰ পাছদিনা বাঁহ, খৰি জ্বলাই জুই পুৱাই পুহমহীয়া শীতক বিদায় দিয়া হয়। কিছুমান ঠাইত উৰুকাৰ নিশা চুৰি কৰাৰ পৰম্পৰা আছে। এই সময়ত গাঁৱৰ প্ৰায় প্ৰতিঘৰৰে খেতিত বন্ধাকবি,মূলা, বিলাহী আদি থাকে। উৰুকাৰ নিশা যেতিয়া গৃহস্থই অন্য কামত ব্যস্ত হৈ থাকে তেতিয়া গাঁৱৰ ডেকাসকলে শাক-পাচলি আদি চুৰ কৰি আনে। কিছুমানে আকৌ ঢেকি, জেওৰা আদি চুৰি কৰি অনাও দেখা যায়। এয়া যেন চুৰি নহয়, এয়া যেন স্ফুৰ্তি।
উৰুকাৰ পিছদিনা সকলোৱে মিলি মেজি জ্বলায়। কিছুমানে নৰাৰে মেজি সজাৰ বিপৰীতে আন কিছুমানে কাঠেৰে মেজি আছে। উৰুকাৰ পাছদিনা পুৱতি নিশা উঠি ডেকাসকলে প্ৰথমে ভেলাঘৰটো জ্বলাই দিয়ে আৰু পাছত মেজি জ্বলায়। মেজিৰ জুই জ্বলাই গোৱা হয় “পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল।” মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে।
উৰুকাৰ দিনা দোকমোকালি সকলোৱে নিজ নিজ বাৰীৰ লাগনি (নাৰিকল, তামোল, বেল, শিলিখা ইত্যাদি) গছবোৰ নৰা বা ধানখেৰেৰে বন্ধাটো একপ্ৰকাৰৰ নিয়ম। লোকবিশ্বাস অনুসৰি এনেদৰে গছবোৰ নাবান্ধিলে গছৰ গুটি নালাগে। ইয়াৰোপৰি কিছুমানে পুৱতি নিশা গছত টাঙোনেৰে কোবায়। মুঠতে ঠাইভেদে বিহুৰ পৰম্পৰা বেলেগ বেলেগ।