শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজি হেঁপাহৰ উৰুকাঃ লগে-ভাগে মিলি এসাঁজ খোৱাৰ দিন…

Uruka 2025: আজি হেঁপাহৰ উৰুকা। সমূহ অসমীয়াই আজি উলহ-মালহেৰে পালন কৰিব ভোগালীৰ উৰুকা। উৰুকা মানেই যেন ভোগ, আনন্দ আৰু আবেগ। উৰুকাৰ নিশা জুইৰ উত্তাপ লৈ লগে-ভাগে এসাঁজ খোৱাৰ আনন্দই সুদৃঢ় কৰে সমাজত একতাৰ বান্ধোন।

আজি হেঁপাহৰ উৰুকাঃ লগে-ভাগে মিলি এসাঁজ খোৱাৰ দিন…
উৰুকা ২০২৫ Image Credit source: X ( O' Tenga)
barasha-sarma
Barasha Sarma | Published: 13 Jan 2025 07:59 AM

আজি অসমীয়াৰ হেঁপাহৰ উৰুকা। চাওতে চাওতে অসমীয়া বাপতিসাহোন মাঘ বিহু পালেহি। আজি ১৩ জানুৱাৰীৰ নিশা সমগ্ৰ অসমীয়াই উলহ পালহেৰে পালন কৰিব উৰুকা। মাঘ বিহুৰ অন্যতম আকৰ্ষণ হ’ল উৰুকা আৰু মেজি। উৰুকাৰ নিশা লগে-ভাগে খোৱাৰ আনন্দই যেন সুদৃঢ় কৰি তোলে সমাজত আমাৰ সম্পৰ্কৰ এনাজৰী। উৰুকা মানে ভোগ, উৰুকা মানে আনন্দ আৰু উৰুকা মানে যেন অসমীয়াৰ আবেগ।

বিহু অথবা উৰুকাক লৈ বছৰ বছৰ ধৰি কিছুমান পৰম্পৰা প্ৰচলিত হৈ আহিছে। আজিৰ সমাজত কিছু পৰম্পৰা লুপ্ত হ’লেও ইয়াৰ আনন্দ নাইকীয়া হোৱা নাই। উৰুকাৰ নিশা সকলোৱে মিলি প্ৰীতি ভোজ খোৱাৰ আনন্দই যেন সুকীয়া। ১০-১২ দিন ধৰি ডেকাহঁতে নৰা কাটি ভেলাঘৰ, মেজি বনাই সম্পূৰ্ণ কৰে আৰু উৰুকাৰ নিশা সকলোৱে মিলি আনন্দৰে এসাঁজ খায়। আঘোণৰ ধান চপোৱাৰ পাছত এই সময়খিনি সকলোৰে ভঁৰাল ভৰি থাকে। সকলোৰে ওচৰত দুমুঠি যোগাৰ কৰিবলৈ কিবা অলপ থাকে, সেয়ে এই মাঘ বিহুক ভোগালী বিহু বুলিও কোৱা হয়।

উৰুকা আৰু পৰম্পৰা

প্ৰতিটো বিহুৰে নিজা নিজা পৰম্পৰা আৰু বৈশিষ্ট আছে। উৰুকাৰো আছে সুকীয়া এক মাদকতা। এই দিনটোত ডেকাসকলে ভেলাঘৰত ভোজভাত খায়। ইয়াৰোপৰি কৰ্মসূত্ৰে বা বিভিন্ন কাৰণত ঘৰৰ বাহিৰত থকাসকল এই সময়ত ঘৰলৈ আহি পৰিয়ালৰ সৈতে উৰুকাৰ ভাত খায়। উৰুকাৰ নিশা লগে ভাগে ভাত ৰান্ধি, জুইৰ উত্তাপ লৈ ভোজভাত খোৱাৰ আনন্দই পৃথক।

কোৱা হয়, মাছ অবিহনে উৰুকা অসম্পূৰ্ণ। উৰুকাত মাছ ধৰাৰ এক বিশেষ পৰম্পৰা আছে।  এই সময়খিনিত পুখুৰী, জলাশয় আদি মাছেৰে ভৰি থাকে। সেয়ে উৰুকাৰ পুৱা বিভিন্নজনে মাছ ধৰিবলৈ যায়। কিছুমান ঠাইত আকৌ উৰুকাৰ নিশা চুৰি কৰাৰ পৰম্পৰা আছে। ভেলাঘৰত থকা ডেকাসকলে বিভিন্নজনৰ ঘৰৰ পৰা জেওৰা, ঢেকি, বন্ধাকবি, শাক-পাচলি আদি চুৰি কৰি লৈ যায়। কিন্তু ইয়াকে লৈ আজিৰ দিনটোত গৃহস্থইও খং নকৰে। এয়া যেন এক আনন্দ, সাতামপৰুষীয়া পৰম্পৰা।

এই উৰুকাৰ নিশা ডেকাসকলে ভেলাঘৰতে কটায়।  উৰুকাৰ দিনা দোকমোকালি সকলোৱে নিজ নিজ বাৰীৰ লাগনি (নাৰিকল, তামোল, বেল, শিলিখা ইত্যাদি) গছবোৰ নৰা বা ধানখেৰেৰে বন্ধাটো একপ্ৰকাৰৰ নিয়ম। লোকবিশ্বাস অনুসৰি এনেদৰে গছবোৰ নাবান্ধিলে গছৰ গুটি নালাগে। ইয়াৰোপৰি নামনি অসমৰ কিছুমান ঠাইত পুৱতি নিশা গছত টাঙোনেৰে কোবায় আৰু কয়- “লাগ লগা,নালগা যগি গোৰতে কাটি দিম”।

উৰুকাৰ পাছদিন পুৱা ডেকাসকলে প্ৰথমে ভেলাঘৰ আৰু পাছত মেজিত জুই জ্বলায়। এই অগ্নিক সাক্ষী কৰি অসমীয়াই ভৱিষ্যতৰ বাবে আশীৰ্বাদ বিচাৰে। বিশ্বাস, মেজিৰ জুইয়ে সমাজৰ পৰা সকলো অপায় অমংগল দূৰ কৰি সকলোৰে মাজৰ সম্পৰ্কৰ এনাজৰী মজবুত কৰে। মেজিৰ জুই কাষত সেৱা কৰি বিভিন্নজনে সেৱা কৰে। মেজি সজা, মেজি জ্বলোৱাৰো আছে বিশেষ কিছু নিয়ম।

ঠাইভেদে উৰুকাৰ পৰম্পৰা বেলেগ বেলেগ। কিন্তু বিহুক লৈ থকা অসমীয়াৰ আবেগ একেই। এবছৰ অপেক্ষাৰ অন্তত আজি সকলোৱে মিলি পালন কৰিব হেঁপাহৰ উৰুকা। আশা, উৰুকাৰ নিশাৰ ভোজভাতে আমাৰ মাজৰ সম্পৰ্কৰ বান্ধোন আৰু অধিক উন্নত কৰক। সমাজ সমৃদ্ধিশালী হওক। সকলোলৈ হেঁপাহৰ উৰুকাৰ আন্তৰিক শুভেচ্ছা।

 

অন্য খবৰ পঢ়কঃ. মাঘ বিহু কেতিয়া? জানক এই বিহুৰ ইতিহাস, পৰম্পৰা আদি সকলো

Latest News