Valentine’s Day 2025: ভেলেণ্টাইন সপ্তাহত প্ৰেমিক-প্ৰেমিকাই যাব পাৰে গুৱাহাটীৰ এই ৰোমান্টিক ঠাইবোৰলৈ, স্মৰণীয় হ’ব প্ৰতিটো মুহূৰ্ত

Romantic Destinations: ভেলেণ্টাইন সপ্তাহ আৰম্ভ হ’বলৈ মাত্ৰ এসপ্তাহ বাকী আছে। এই সময় প্ৰেমিক-প্ৰেমিকাৰ বাবে অতি বিশেষ। এই সময়ছোৱাত প্ৰেমিকযুগলে মানসম্পন্ন সময় কটাবলৈ ওলাই যায়। এই দিনটোত গুৱাহাটীৰ বিভিন্ন আকৰ্ষণীয় আৰু ৰোমান্টিক ঠাইলৈ যাব পাৰে।

Valentines Day 2025: ভেলেণ্টাইন সপ্তাহত প্ৰেমিক-প্ৰেমিকাই  যাব পাৰে গুৱাহাটীৰ এই ৰোমান্টিক ঠাইবোৰলৈ, স্মৰণীয় হ’ব প্ৰতিটো মুহূৰ্ত

ভেলেণ্টাইন সপ্তাহত ফুৰিবলৈ যোৱা ৰোমান্টিক ঠাই

Updated On: 

05 Feb 2025 11:01 AM

কিছুদিন পিছত আৰম্ভ হ’ব ভেলেণ্টাইন সপ্তাহ। এই সপ্তাহটো প্ৰতিজন প্ৰেমিক-প্ৰেমিকাৰ বাবে অতি বিশেষ। এই দিনটোত ইজনে সিজনৰ প্ৰতি প্ৰেম প্ৰকাশ কৰে। বহু সময়ত প্ৰেমৰ প্ৰস্তাৱ দিবলৈও বিশেষ স্থান বিচাৰে।

গুৱাহাটীত বহুতো সুন্দৰ ঠাই আছে যিবোৰ অতি ৰোমান্টিক আৰু শান্তিপূৰ্ণ। গতিকে গুৱাহাটীৰ আটাইতকৈ ৰোমান্টিক ঠাইবোৰৰ বিষয়ে জানত, য’ত আপুনি নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে যাব পাৰিব। ইয়ালৈ গৈ ইজনে সিজনৰ লগত অতি মধুৰ সময় কটাব পাৰিব।

দীপৰ বিল

গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা (Important Bired Area) বুলি চিহ্নিত কৰিছে। এই বিলখনৰ পৰিৱেশ বৰ সুন্দৰ। প্ৰিয়জনৰ সৈতে আপুনি এই স্থানলৈ যাব পাৰে।

হাতীশিলা

চন্দ্ৰপুৰ পথত অৱস্থিত হাতীশিলা সুন্দৰ ঠাই। এই ঠাইখনৰ সমীপতে দুটা ডাঙৰ ডাঙৰ শিলৰে নিৰ্মিত এটা গণেশ মন্দিৰ আছে। হাতীশিলাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ ফুল-ফুলেও বনভোজকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে। ভেলেন্টাইন ডেৰ দিনা প্ৰেমিক-প্ৰেমিকাৰ সৈতে এই স্থানত যাব পাৰে।

উমানন্দ

উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হয়। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বোলা হৈছিল। ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে কৰা জৰীপ অনুসৰি এই মন্দিৰৰ মাটিকালি ১৩ বিঘা ৩ কঠা। উমানন্দৰ পৰিবেশে আপোনাৰ দেহ-মন পুলকিত কৰি তুলিব। যদি আপোনাৰ প্ৰিয়জনে ধৰ্মীয় স্থান বা প্ৰাকৃতিক পৰিবেশ ভাল পায়, তেন্তে এই স্থানো আপোনাৰ বাবে উত্তম

পানীখাইতি

এই স্থানেৰে ব্ৰহ্মপুত্ৰ বৈ গৈছে। যদি আপোনালোকে প্ৰাকৃতিক পৰিৱেশ ভাল পায়, তেন্তে পানীখাইতিলৈ যাব পাৰে। ইয়াত থকা ডাঙৰ ডাঙৰ শিলত ব্ৰহ্মপুত্ৰ চাই ব্যক্তিগত সময় পাৰ কৰিব পাৰে। ভেলেন্টাইন ডেৰ বাবে এই স্থান উত্তম।

 

 

 

 

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে