শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Rose Day 2025: ৰঙা, বগা, হালধীয়া…কোনটো ৰঙৰ গোলাপে কি অৰ্থ বহন কৰে? ৰঙা গোলাপক কিয় প্ৰেমৰ প্ৰতীক বুলি কোৱা হয় জানেনে?

Rose Day 2025 : কাইলৈৰ পৰা আৰম্ভ হ'ব ভেলেণ্টাইন উইক। ভেলেণ্টাইন উইকত মানুহে প্ৰপ’জ ডে’, ৰ’জ ডে’ আৰু ভেলেণ্টাইন ডে’ত ইজনে সিজনক গোলাপ ফুল উপহাৰ দি নিজৰ অনুভৱ প্ৰকাশ কৰে। আপুনি জানেনে বিভিন্ন গোলাপৰ ৰঙৰ অৰ্থ কি?

Rose Day 2025: ৰঙা, বগা, হালধীয়া…কোনটো ৰঙৰ গোলাপে কি অৰ্থ বহন কৰে? ৰঙা গোলাপক কিয় প্ৰেমৰ প্ৰতীক বুলি কোৱা হয় জানেনে?
কোনটো ৰঙৰ গোলাপে কি অৰ্থ বহন কৰে?
trishna-kalita
Trishna Kalita | Updated On: 06 Feb 2025 15:08 PM

ভেলেণ্টাইন উইক (valentine week) ওচৰ চাপি অহাৰ লগে লগে সকলোৱে নিজৰ আপোনজনৰ সৈতে অলপ বিশেষ সময় কটাবলৈ উৎসাহিত হৈ পৰে। ভেলেণ্টাইন উইক বা প্ৰেমৰ সপ্তাহত মানুহে নিজৰ সংগীৰ প্ৰতি থকা মনৰ অনুভৱ প্ৰকাশ কৰে। সপ্তাহৰ প্ৰথম দিনটো ৰ’জ ডে’ ((Rose Day 2025)) হিচাপে পালন কৰা হয়। এই দিনটোত ইজনে সিজনক গোলাপ ফুল উপহাৰ দিয়ে। ইয়াৰ লগতে তেওঁলোকে নিজৰ অনুভৱ প্ৰকাশ কৰে। ৭ ফেব্ৰুৱাৰীৰ পৰা ৰ’জ ডে’ ৰ সৈতে ভেলেণ্টাইন উইক আৰম্ভ হ’ব। এই দিনটোত মানুহে বিভিন্ন ৰঙৰ গোলাপ ফুল উপহাৰ দিয়ে। প্ৰতিটো ৰঙৰ নিজস্ব অৰ্থ আছে। গোলাপৰ বিভিন্ন ৰঙৰ অৰ্থ কি জানো আহক।

ৰঙা গোলাপ

সকলো গোলাপৰ ভিতৰত ৰঙা গোলাপ আটাইতকৈ প্ৰিয়। ৰঙা গোলাপ প্ৰেম, প্ৰশংসা, ৰোমাঞ্চ আৰু কৃতজ্ঞতাৰ প্ৰতীক। ৰ দশক দশক ধৰি প্ৰেম প্ৰকাশৰ মাধ্যম হিচাপে ৰঙা গোলাপ ফুলৰ ব্যৱহাৰ চলি আহিছে। এইটো সকলোৱে জানে যে প্ৰেম আৰু ৰোমান্টিক অনুভূতি প্ৰকাশ কৰিবলৈ ৰঙা গোলাপ দিয়া হয়। গতিকে যদি আপুনি আপোনাৰ সংগীক গোলাপ দিব বিচাৰে বা যদি আপোনাৰ কাৰোবাৰ প্ৰতি মৰমৰ অনুভূতি আছে আৰু প্ৰস্তাৱ দিব বিচাৰে, আপুনি ৰঙা গোলাপ দিব লাগে।

কমলা ৰঙৰ গোলাপ

ৰঙৰ দৰে এই গোলাপ ফুল শক্তি, জীৱন, উৎসাহ আৰু আৱেগৰ প্ৰতীক। এইবোৰ কাৰোবাৰ লগত প্ৰেম বা গভীৰ বন্ধন প্ৰকাশ কৰিবলৈ এই ফুল উপহাৰ দিয়া হয়।

হালধীয়া গোলাপ

হালধীয়া গোলাপ বন্ধুত্বৰ প্ৰতীক। এই গোলাপে মৰম, সুখ আৰু যত্নক প্ৰতিনিধিত্ব কৰে। হালধীয়া গোলাপ বেছিভাগ ঘনিষ্ঠ বন্ধুক দিয়া হয়। এই ৰঙে সন্মানকো প্ৰতিনিধিত্ব কৰে। বন্ধুত্ব উদযাপনৰ বাবে হালধীয়া গোলাপ দিয়া হয় আৰু যদি আপুনি আপোনাৰ বেষ্ট ফ্ৰেণ্ডক ক’ব বিচাৰে যে তেওঁ আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ, তেন্তে হালধীয়া গোলাপৰ ফুলৰ থোপা এটা উপহাৰ দিয়ক।

বগা গোলাপ

ঠিক নিজৰ ৰঙৰ দৰেই এই গোলাপে নিৰ্দোষতা, বিনম্ৰতা আৰু কৃপাক প্ৰতিনিধিত্ব কৰে। এই ৰঙে বিশুদ্ধতা, শান্তি, সন্মান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক দৰ্শাই।

গুলপীয়া গোলাপ

এই গোলাপ ফুলক সৌন্দৰ্য্য আৰু আড়ম্বৰৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। গুলপীয়া গোলাপ ফুল কৃপা আৰু প্ৰশংসাৰ প্ৰতীক। সাধাৰণতে বন্ধু বা শিক্ষকক তেওঁলোকৰ প্ৰতি সন্মান দেখুৱাবলৈ এই ফুল দিয়া হয়।

লেভেণ্ডাৰ গোলাপ

যদি কোনোবাই প্ৰথম দৃষ্টিত কাৰোবাৰ প্ৰেমত পৰিছে তেন্তে সেই ব্যক্তিজনক এই গোলাপ ফুল উপহাৰ দিব পাৰে। ‘প্ৰথম দৃষ্টিত প্ৰেম’ অৰ্থাৎ প্ৰথম দৃষ্টিত কাৰোবাৰ প্ৰেমত পৰিলে এই  ৰঙৰ গোলাপ ফুল দিব পাৰে। এই গোলাপে আকৰ্ষণৰ অনুভূতি প্ৰকাশ কৰে।