শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চুম্বনৰ পৰা হ’ব পাৰে সমস্যাও! সংগীৰ সৈতে চুম্বনৰ সময়ত মনত ৰাখক এই কথা…

সাধাৰণতে প্ৰেমাস্পদৰ মাজত প্ৰেম প্ৰকাশৰ এক অনন্য পন্থা হৈছে চুম্বন। কেৱল প্ৰেম প্ৰকাশেই নহয়, চুম্বনৰ আছে কিছুমান বিশেষ উপকাৰো। পিছে মনত ৰাখিব, চুম্বনে কেৱল উপকাৰেই নহয়, আমাৰ অপকাৰো কৰিব পাৰে। ভেলেণ্টাইন ডে’ৰ প্ৰাকক্ষণত এই বিষয়ে ভালদৰে জানো আহক।

চুম্বনৰ পৰা হ’ব পাৰে সমস্যাও! সংগীৰ সৈতে চুম্বনৰ সময়ত মনত ৰাখক এই কথা…
যেতিয়া কোনোবাই হৃদয়ৰ পৰা আপোনাক ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা জনায় তেতিয়া উত্তৰটোও সমানে বিশেষ আৰু ৰোমান্টিক হ’ব লাগে। বহু সময়ত কি উত্তৰ দিম ভাবি পোৱা নাযায়। আজি জানক ভেলেণ্টাইন ডে’ৰ শুভেচ্ছাৰ উত্তৰ কেনেকৈ দিব?
monjit-dutta
Monjit Dutta | Published: 13 Feb 2025 22:21 PM

প্ৰতিগৰাকী প্ৰেমিক-প্ৰেমিকাৰ মাজত এতিয়া ভেলেণ্টাইন ডে’ৰ উছাহ। আজি সমগ্ৰ বিশ্বৰ প্ৰেমিক-প্ৰেমিকাই কিছ ডে’ উদযাপন কৰাৰ পিছত কাইলৈ উদযাপন কৰিব হেঁপাহৰ ভেলেণ্টাইন ডে’। প্ৰতিগৰাকী প্ৰেমিক যুগলে এই দিনটোত কটাব বিচাৰে বিশেষ ক্ষণ। প্ৰেমৰ সম্পৰ্কক অধিক সুদৃঢ় কৰি পৰস্পৰে পৰস্পৰৰ সৈতে উপভোগ কৰিব বিচাৰে এই বিশেষ দিনটো। সাধাৰণতে প্ৰেমাস্পদৰ মাজত প্ৰেম প্ৰকাশৰ এক অনন্য পন্থা হৈছে চুম্বন। কেৱল প্ৰেম প্ৰকাশেই নহয়, চুম্বনৰ আছে কিছুমান বিশেষ উপকাৰো।

চুম্বনৰ সময়ত শৰীৰত অক্সিট’চিন, ড’পামিন আৰু চেৰ’টনিন হৰম’ন নিৰ্গত হয়। লগতে এই সময়ত দেহত হেপী হৰম’ন নিৰ্গত হয় আৰু স্বাস্থ্যত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰে। চুম্বন কৰিলে বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে দেহৰ যুঁজ দিয়াৰ ক্ষমতাও বৃদ্ধি পায়। এক কথাত চুম্বনে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায়। পিছে মনত ৰাখিব, চুম্বনে কেৱল উপকাৰেই নহয়, আমাৰ অপকাৰো কৰিব পাৰে।

চিকিৎসকসকলৰ মতে চুম্বনৰ ফলত কিছু দৈহিক সমস্যা হ’ব পাৰে। ইয়াৰ ফলত হোৱা এক প্ৰধান ৰোগ হৈছে মনোনিউক্লিঅ’ছিছ বা গ্ৰন্থিৰ জ্বৰ। ই হৈছে এক সংক্ৰামক ৰোগ। এই ৰোগ এপষ্টেইন-বাৰ ভাইৰাছৰ দ্বাৰা হয়। ই লেলাৱতিৰ যোগেদি এজনৰ পৰা আনজনলৈ বিয়পি পৰে। এই ৰোগে মাল্টিপল স্ক্লেৰচিছ আৰু বাতবিষকে ধৰি আন কিছুমান ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।

অধ্যয়নত দেখা গৈছে যে মাত্ৰ ১০ ছেকেণ্ডৰ চুমা খালে প্ৰায় ৮ কোটি বেক্টেৰিয়া বিয়পিব পাৰে। সেয়ে চিকিৎসকসকলে সদায় মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা কয়। কেৱল চুমা খোৱাৰ বাবেই নহয়, সুস্থ হৈ থাকিবলৈ মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি প্ৰয়োজনীয়। চিকিৎসকৰ মতে মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক অভ্যাস হিচাপে গঢ়ি তুলিব লাগে। অন্যথা বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।

এইক্ষেত্ৰত তলত দিয়া পৰামৰ্শসমূহ গ্ৰহণ কৰা উচিত হ’ব-

অন্ততঃ দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰক। দাঁত ব্ৰাছ কৰাৰ পিছত নিয়মিতভাৱে ঔষধযুক্ত মাউথৱাছ ব্যৱহাৰ কৰিব লাগে।

গৰম পানীৰে মুখ ধুবলৈ চেষ্টা কৰক। প্ৰয়োজন হ’লে গৰম পানীত নিমখ দি গাৰ্গল কৰি লওক। ইয়াৰ ফলত মুখৰ স্বাস্থ্যৰ উন্নতি ঘটিব।

চুম্বন কৰাৰ পিছত মুখৰ ভিতৰৰ অংশ পানীৰে ভালদৰে ধুই ল’ব। যদি আপোনাৰ সংগী বা আপোনাৰ নিজৰ চৰ্দি বা কাহ হৈ আছে, তেতিয়াহ’লে চুম্বন কৰাৰ পৰিকল্পনা বাতিল কৰক।