Valentine’s Day special: প্ৰেমৰ বিশেষ দিনটো কেনেকৈ উদযাপন কৰে তৃতীয় লিংগৰ লোকে? জানক Trans model সুমনৰ পৰা সকলো…

আজি প্ৰেমৰ দিন অৰ্থাৎ আজি ভেলেন্টাইন ডে'। এই দিনটোত যুৱক-যুৱতীসকলে নিজৰ ভাল লগা ব্যক্তিজনৰ ওচৰত মনৰ ভাৱ প্ৰকাশ কৰে, বিশেষ সময় অতিবাহিত কৰে। কিন্তু তৃতীয় লিংগৰ লোকসকলে ভেলেন্টাইন ডে' উদযাপন কৰেনে? এই সন্দৰ্ভত আমি কথা পাতিছিল অসমৰ এগৰাকী Trans model ৰ সৈতে। জানো আহক তেওঁ এই বিশেষ দিনটোৰ বিষয়ে কি কি ক'লে?

Valentines Day special: প্ৰেমৰ বিশেষ দিনটো কেনেকৈ উদযাপন কৰে তৃতীয় লিংগৰ লোকে? জানক Trans model সুমনৰ পৰা সকলো...

Trans model সুমন মণ্ডল

Updated On: 

14 Feb 2025 19:42 PM

প্ৰেম হৈছে এক অপাৰ্থিব সুখৰ অনুভূতি। আজি প্ৰেমৰ দিন অৰ্থাৎ আজি ভেলেন্টাইন ডে’। এই দিনটোক প্ৰেমৰ দিন হিচাপে ধৰা হয়। এই দিনটোত যুৱক-যুৱতীসকলে নিজৰ ভাল লগা ব্যক্তিজনৰ ওচৰত মনৰ ভাৱ প্ৰকাশ কৰে। এই ক্ষেত্ৰত কোনো পৃথক নহয় তৃতীয় লিংগৰ লোকসকল। বহুলোকৰ তৃতীয় লিংগৰ লোকসকলৰ প্ৰতি বহু ভ্ৰান্ত ধাৰণা সোমাই আছে। আজি ভেলেন্টাইন ডে’ৰ বিশেষ দিনটোত আমি কথা পাতিছিল অসমৰ এগৰাকী Trans model ৰ সৈতে। নিজৰ প্ৰতিভাৰে সফল হোৱা Trans model সুমন সেনে কয় তৃতীয় লিংগৰ লোকসকলে কেনেকৈ প্ৰেমৰ দিনটো উদযাপন কৰে। ইয়াৰোপৰি সুমনে মানুহৰ মাজত চৰ্চা চলি থকা ভ্ৰান্ত ধাৰণাসমূহো দূৰ কৰি দিয়ে।

যেতিয়া আমি সুমনৰ সৈতে কথা পাতিছিলোঁ তেতিয়া প্ৰথম প্ৰশ্নটো আছিল প্ৰেমৰ দিনটো কেনেকৈ উদযাপন কৰিছে? সুমনে কয়, যিহেতু কামৰ বাবে দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত ব্যস্ত থাকে সেয়ে বিশেষ দিন একেলগে আহাৰ গ্ৰহণ কৰিছে, ফুৰিছে আৰু ইজনে আনজনৰ মনৰ কথা বুজিছে। আটাইতকৈ ডাঙৰ কথাটো হল দুয়োৱে ইজনে আনজনক সন্মান কৰে।

আমাৰ দ্বিতীয় প্ৰশ্নটো আছিল ভেলেন্টাইন ডে’ক কি হিচাপে গ্ৰহণ কৰে আৰু ভিৰৰ মাজত প্ৰিয়জনক লগ কৰিবলৈ শংকাবোধ কৰে নেকি? এই ক্ষেত্ৰত সুমনে কয়, তেওঁৰ বাবে এই দিনটো বহুত বিশেষ। প্ৰেমৰ বাবে এটা দিন কিয়, প্ৰতিটো দিনেই বিশেষ হোৱাটো বিচাৰে। কিন্তু এনেকুৱা এটা দিন পালে ইয়াক উদযাপন কৰাৰ সুবিধা এৰিব নালাগে।

আমাত তৃতীয় প্ৰশ্নটো আছিল, ভিৰৰ মাজত প্ৰিয়জনৰ সৈতে ওলাই গ’লে আন লোকে বেয়া দৃষ্টিৰে চাই নেকি? সেই সময়ত তেওঁৰ অনুভৱ কেনেকুৱা? তেতিয়া সুমনে কয়,  তেওঁৰ লিংগক সংগীজনৰ একো অসুবিধা নাই, এই ক্ষেত্ৰত চৌদিশৰ মানুহে বেলেগ দৃষ্টিৰে চালেও সমৰ্থক হিচাপে তেওঁৰ সংগীজন সদায়ে লগতে থাকে। সেয়ে এই ক্ষেত্ৰৰ মোৰ একো সমস্যা নহয়। তেওঁ ভাবো যদি সংগীজন যদি সৎ হৈ থাকে, সমাজৰ আগত তেওঁৰ হাতত ধৰি আগুৱাই যোৱাত একো অসুবিধা নহয়। কোনোবাই আমাক বেয়া দৃষ্টিৰে চালে সেইবোৰ উপেক্ষা কৰি আগবাঢ়ি যাব পাৰি।”

আমি তেওঁক সুধিছিলো,  যেতিয়া প্ৰথমবাৰ অনুভৱ কৰিছিল যে আপুনি এজন পুৰুষ নহয় , তেতিয়া আৰু এতিয়া যিহেতু ট্ৰানচ মডেল হিচাপে নিজক সলনি কৰিছে তাক লৈ নিজৰ অনুভৱ কেনেকুৱা? উত্তৰত তেওঁ কয়, “মই এগৰাকী মহিলা বুলি আগৰ পৰাই অনুভৱ কৰিছো। যেতিয়া মই নিজক বুজিব পৰা, অনুভৱ কৰিব হৈছো তেতিয়াই মই এই কথা গ’ম পাইছিলো। মই আগৰ পৰাই নিজক মহিলা হিচাপে পৰিচয় দিছোঁ। ট্ৰানচ মডেল হিচাপে মোৰ বিশেষ তেনে কোনো অনুভৱ নাই। কিন্তু হয়, এজনী মহিলা হিচাপে মই নিজৰ পৰিচয় দিম বুলি ভাবিছিলো সেইটোক লৈ গৌৱৰ অনুভৱ কৰো। লগতে ইয়াকে লৈ মই আনন্দিত।”

আমাৰ শেষৰ প্ৰশ্নটো আছিল, ভেলেন্টাইন দিৱস উপলক্ষে প্ৰেমিক-প্ৰেমিকাসকলক কিবা বিশেষ বাৰ্তা দিব বিচাৰে নেকি? ইয়াৰ উত্তৰত তেওঁ কয়, “প্ৰেমিক-প্ৰেমিকাসকলক মই ক’ব বিচাৰো যে এই দিনটো ভালকৈ উদযাপন কৰক। কাৰণ বৰ্তমান সময়ত সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। সজাগ হৈ থাকক। সচেতন হৈ থাকক। নিজৰ সংগীৰ প্ৰতি সৎ হৈ থাকক। ভালকৈ একো সমস্যা নোহোৱাকৈ সম্পৰ্কটো আগবঢ়াই লৈ যাওক। হাঁহি-ধেমালিৰে ভেলেন্টাইন দিৱস উদযাপন কৰক। একেলগে ভাল সময় কটাওক, যাতে সমগ্ৰ জীৱনটোলৈ সেই স্মৃতি সাঁচি ৰাখিব পাৰে।”

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?