Chocolate Day 2025: ভেলেণ্টাইন উইকত কিয় চকলেট ডে’ উদযাপন কৰা হয়? ইয়াৰ ইতিহাস আৰু মহত্বৰ বিষয়ে জানক..
Valentines Week 2025: প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত সমগ্ৰ বিশ্বই ভেলেণ্টাইন উইক উদযাপন কৰে। এই সপ্তাহৰ তৃতীয় দিন অৰ্থাৎ ৯ ফেব্ৰুৱাৰীত চকলেট ডে’ উদযাপন কৰা হয়। এই বিশেষ দিনটোৰ প্ৰাকক্ষণত আমি আপোনালোকক চকলেট ডে’ৰ গুৰুত্ব আৰু ইতিহাসৰ বিষয়ে ক’ম।
![Chocolate Day 2025: ভেলেণ্টাইন উইকত কিয় চকলেট ডে’ উদযাপন কৰা হয়? ইয়াৰ ইতিহাস আৰু মহত্বৰ বিষয়ে জানক.. Chocolate Day 2025: ভেলেণ্টাইন উইকত কিয় চকলেট ডে’ উদযাপন কৰা হয়? ইয়াৰ ইতিহাস আৰু মহত্বৰ বিষয়ে জানক..](https://images.assamtv9.com/uploads/2025/02/chocolate-day.webp?w=1280)
ভেলেণ্টাইন উইকৰ তৃতীয় দিনটোত অৰ্থাৎ ৯ ফেব্ৰুৱাৰীত চকলেট ডে’ উদযাপন কৰা হয়। এই দিনটোত প্ৰেমিক-প্ৰেমীকাই ইজনে সিজনক নিজৰ প্ৰিয় চকলেট দি প্ৰেম প্ৰকাশ কৰে। এই দিনটো কেৱল চকলেট দিয়াই নহয় আপোনাৰ সম্পৰ্ক মিঠাৰে ভৰাই দিয়া সুযোগ। চকলেটক সদায় প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
এই কাৰণেই ভেলেণ্টাইন উইকত ইয়াক বিশেষ স্থান দিয়া হৈছে। কিন্তু ভেলেণ্টাইন উইকত চকলেট ডে’ উদযাপনৰ পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল জানেনে? কেতিয়াৰ পৰা আৰম্ভ হৈছিল এই পৰম্পৰা? এই প্ৰতিবেদনত আমি এই বিষয়ে আপোনাক জনাম।
চকলেট দিৱসৰ ইতিহাস কি?
বিশ্বাস কৰা হয় যে ষোড়শ শতিকাৰ সময়ছোৱাত যেতিয়া ইউৰোপত চকলেট জনপ্ৰিয় হৈ উঠিছিল তেতিয়াই ইয়াক প্ৰেমৰ সৈতে জড়িত কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে চকলেট প্ৰেমৰ প্ৰকাশ আৰু বিশেষ অনুষ্ঠানৰ অংশ হৈ পৰিল। ভেলেণ্টাইন উইকত এই দিনটো যোগ কৰাৰ উদ্দেশ্য হৈছে সম্পৰ্কবোৰক মিঠা আৰু প্ৰেমেৰে ভৰাই তোলা।
চকলেট জলকীয়া আছিল
আপুনি জানি আচৰিত হ’ব যে প্ৰথম অৱস্থাত চকলেটৰ সোৱাদ জলকীয়া আছিল। চকলেটৰ ইতিহাস প্ৰায় ৪ হাজাৰ বছৰ পুৰণি। চকলেটৰ আৱিষ্কাৰ মেক্সিকোত হৈছিল। প্ৰথমবাৰত ক’ক’ৰ গুটি গুৰি কৰি মছলা আৰু জলকীয়া দি চকলেট তৈয়াৰ কৰা হৈছিল। ইয়াৰ পিছত স্পেইনত আৰু তাৰ পিছত সমগ্ৰ বিশ্বতে চকলেট বিখ্যাত হৈ পৰে।
চকলেট দিৱস পালন কৰাৰ কাৰণ
চকলেটৰ মিঠা সোৱাদে বন্ধুত্বত মিঠা আনে। চকলেট ডে’ই সম্পৰ্কত থকা ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। চকলেট খালে চেৰ’টনিন আৰু ড’পামিন নামৰ সুখী হৰম’ন নিৰ্গত হয়, যিয়ে মেজাজক মানসিক চাপৰ পৰা মুক্ত কৰাত সহায় কৰে।
আপোনাৰ সংগীক চকলেট উপহাৰ
এই দিনটোত আপুনিও আপোনাৰ সংগীক চকলেট উপহাৰ দিব পাৰে। হৃদয় আকৃতিৰ চকলেটৰ পৰা আৰম্ভ কৰি চকলেট বাৰলৈকে আপোনাৰ সংগীক সুখী কৰাৰ বাবে উত্তম।
ভেলেণ্টাইন উইকত আপুনি বিভিন্ন ধৰণৰ চকলেট পাব। যিবোৰ আপুনি আপোনাৰ সংগীক উপহাৰ দিবলৈ কিনিব পাৰিব।