Kiss Day 2025 Date: ভেলেণ্টাইন সপ্তাহত Kiss Day কিয় পালন কৰা হয়? জানক সবিশেষ

Valentines Week 2025: ভেলেণ্টাইন সপ্তাহত Kiss Day পালন কৰা হয়। প্ৰেম, মৰম, সম্পৰ্কৰ গভীৰতা দেখুৱাবলৈ এই দিৱস পালন কৰা হয়। সংগীৰ প্ৰতি মৰম, সন্মান আৰু নিষ্ঠা প্ৰকাশ কৰাৰ এক ভাললগা উপায়।

Kiss Day 2025 Date: ভেলেণ্টাইন সপ্তাহত Kiss Day কিয় পালন কৰা হয়? জানক সবিশেষ

ভেলেণ্টাইন সপ্তাহত Kiss Day কিয় পালন কৰা হয়?

Published: 

12 Feb 2025 21:50 PM

Kiss Day: ভেলেণ্টাইন সপ্তাহ প্ৰেম আৰু ৰোমাঞ্চেৰে ভৰা এক বিশেষ সময়। য’ত প্ৰতিদিনে সংগীৰ আগত আমাৰ প্ৰেমক বিভিন্ন ধৰণে প্ৰকাশ কৰাৰ সুযোগ পাওঁ। এই গোটেই সপ্তাহটোত Kiss Day অতি বিশেষ কাৰণ ইয়াত প্ৰেমিক-প্ৰেমিকাৰ মাজত থকা গভীৰ প্ৰেম, ঘনিষ্ঠতা আৰু বিশ্বাসৰ প্ৰতিফলন ঘটে। এই দিনটোৱে কেৱল সম্পৰ্কক মজবুত কৰাই নহয়, এক আৱেগিক বন্ধনৰ সৃষ্টি কৰে।

ভেলেন্টাইন দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী। যদি আপুনি আপোনাৰ সংগীক বিশেষ অনুভৱ কৰাব বিচাৰে, তেন্তে Kiss Dayত মৰমৰ চুমা এটাৰে আপোনাৰ প্ৰেম প্ৰকাশ কৰিব পাৰে। কিন্তু আপুনি জানেনে ভেলেণ্টাইন সপ্তাহত Kiss Day কিয় পালন কৰা হয়?

Kiss Day কেতিয়া পালন কৰা হয়?

প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত অৰ্থাৎ ভেলেণ্টাইন ডে’ৰ ঠিক এদিন আগতে Kiss Day পালন কৰা হয়। এই দিনটোত প্ৰেমিক-প্ৰেমিকাই মিঠা চুমাৰ জৰিয়তে প্ৰেম প্ৰকাশ কৰে। চুম্বন কেৱল ৰোমান্টিক ইংগিত নহয়, ই প্ৰেম, নিৰাপত্তা আৰু বিশ্বাসৰ অনুভূতিও শক্তিশালী কৰে।

Kiss Day কিয় বিশেষ?

Kiss Day কেৱল ৰোমান্টিক দিন নহয়, সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি আৰু আৱেগিক বান্ধোন শক্তিশালী কৰাৰো উপায়। এই দিনটোত আপোনাৰ সংগীৰ প্ৰতি থকা অনুভৱবোৰ শব্দ নোহোৱাকৈ প্ৰকাশ কৰাৰ সুযোগ পোৱা যায়।

Kiss Day কিয় পালন কৰা হয়?

শব্দতকৈও বেছি এটি চুম্বনেৰে কাৰোবাক আপুনি কিমান ভাল পায় সেই কথা উপলব্ধি কৰাব পাৰে, ই আটাইতকৈ উত্তম উপায়। চুমা কেৱল ৰোমান্টিক ইংগিত নহয়, ই আৱেগকো প্ৰকাশ কৰে। ই এক মৰমৰ ইংগিত যিয়ে সংগীৰ মাজত আস্থা আৰু ঘনিষ্ঠতা বৃদ্ধি কৰাত সহায় কৰে। গৱেষণাৰ মতে, চুম্বন কৰিলে মানসিক চাপ কমি যায়, হেপী হৰম’ন নিৰ্গত হয় আৰু স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে।

চুম্বনৰ উপকাৰীতা

চুমা কেৱল প্ৰেম আৰু আৱেগ প্ৰকাশৰ উপায় নহয়, ই স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়। বৈজ্ঞানিক গৱেষণাৰ মতে চুমা খালে মানসিক আৰু শাৰীৰিক-স্বাস্থ্যৰ উপকাৰ হয়।

মানসিক চাপ কমায়ঃ সংগীক চুমা খালে শৰীৰত অক্সিট’চিন, ড’পামিন আৰু চেৰ’টনিন হৰম’ন নিৰ্গত হয়। এই হেপী হৰম’নে মন উন্নত কৰাৰ লগতে মানসিক চাপ কমোৱাত সহায় কৰে।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰেঃ চুমা খালে হৃদস্পন্দন দ্ৰুতভাৱে হয়, যাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয় আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ গৱেষণাৰ মতে, চুম্বন কৰিলে বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায়। এক অধ্যয়নত দেখা গৈছে যে চুমা খালে শৰীৰৰ এন্টিব’ডি সক্ৰিয় হয়, যিয়ে সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

 

 

 

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?