শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Propose Day: বিশেষ ধৰণে প্ৰিয়জনক মনৰ কথা ক’ব বিচাৰে নেকি? প্ৰেমৰ প্ৰস্তাৱৰ বাবে উপযুক্ত গুৱাহাটীৰ ওচৰৰ এইসমূহ ঠাই…

ভেলেণ্টাইন উইকত প্ৰপ’জ ডে’ হ’ল এটা বিশেষ দিন, যেতিয়া আপুনি আপোনাৰ সংগীৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে। কিন্তু যদি আপুনি বিচাৰে যে আপোনাৰ প্ৰস্তাৱ সাধাৰণতকৈ পৃথক আৰু আপোনাৰ সংগীৰ বাবে চিৰদিনৰ বাবে স্মৰণীয় হওক, তেন্তে আপুনি ইয়াক বিশেষ ধৰণে পৰিকল্পনা কৰিব লাগিব।

Propose Day: বিশেষ ধৰণে প্ৰিয়জনক মনৰ কথা ক’ব বিচাৰে নেকি? প্ৰেমৰ প্ৰস্তাৱৰ বাবে উপযুক্ত গুৱাহাটীৰ ওচৰৰ এইসমূহ ঠাই…
প্ৰেমৰ প্ৰস্তাৱৰ বাবে উপযুক্ত গুৱাহাটীৰ ওচৰৰ এইসমূহ ঠাই
trishna-kalita
Trishna Kalita | Updated On: 07 Feb 2025 20:06 PM

প্ৰেম প্ৰকাশ কৰিবলৈ কেৱল উপযুক্ত মানুহজন লগত থকাই নহয়, সঠিক সময় আৰু সঠিক ঠাইৰো অতি প্ৰয়োজনীয়। ভেলেণ্টাইন উইকত প্ৰপ’জ ডে’ হ’ল এটা বিশেষ দিন, যেতিয়া আপুনি আপোনাৰ সংগীৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰিব পাৰে। কিন্তু যদি আপুনি বিচাৰে যে আপোনাৰ প্ৰস্তাৱ সাধাৰণতকৈ পৃথক আৰু আপোনাৰ সংগীৰ বাবে চিৰদিনৰ বাবে স্মৰণীয় হওক, তেন্তে আপুনি ইয়াক বিশেষ ধৰণে পৰিকল্পনা কৰিব লাগিব।

প্ৰায়ে মানুহে প্ৰেমৰ প্ৰস্তাৱৰ বাবে গোৱা, উদয়পুৰ, শিমলা বা মানালীৰ দৰে ঠাই বাছি লয়, কিন্তু যদি আপুনি ভিৰৰ পৰা আঁতৰত আৰু শান্তি আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা অফ-বিট ঠাইত প্ৰস্তাৱ দিব বিচাৰে, তেন্তে আপোনাৰ হাতত বহুতো অনন্য বিকল্প আছে। ইয়াত আমি আপোনালোকক গুৱাহাটীৰ এনে ৪ খন ৰোমান্টিক ঠাইৰ বিষয়ে ক’ম , য’ত আপুনি আপোনাৰ প্ৰেম প্ৰকাশ কৰিব পাৰিব আৰু এই দিনটোক বিশেষ কৰি তুলিব পাৰিব।

১. দীপৰ বিল

গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি। ই পৌৰাণিক কামপীঠৰ অন্তৰ্গত আছিল। বাৰ্ড লাইফ ইণ্টাৰনেচনেল (Bird Life International)-এ দীপৰ বিলক অতি গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা (Important Bired Area) বুলি চিহ্নিত কৰিছে। এই বিলখনৰ পৰিৱেশ বৰ সুন্দৰ। প্ৰিয়জনৰ সৈতে আপুনি এই স্থানলৈ যাব পাৰে। এই স্থানত নিৰিবিলি পৰিৱেশত, সেউজীয়াৰ মাজত প্ৰিয়জনক মনৰ কথা ক’ব পাৰে।

২. হাতীশিলা

চন্দ্ৰপুৰ পথত অৱস্থিত হাতীশিলা সুন্দৰ ঠাই। এই ঠাইখনৰ সমীপতে দুটা ডাঙৰ ডাঙৰ শিলৰে নিৰ্মিত এটা গণেশ মন্দিৰ আছে। হাতীশিলাৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ ফুল-ফুলেও বনভোজকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে। ভেলেন্টাইন সপ্তাহত প্ৰেমিক-প্ৰেমিকাৰ সৈতে এই স্থানত যাব পাৰে।

৩. পানীখাইতি

এই স্থানেৰে ব্ৰহ্মপুত্ৰ বৈ গৈছে। যদি আপোনালোকে প্ৰাকৃতিক পৰিৱেশ ভাল পায়, তেন্তে পানীখাইতিলৈ যাব পাৰে। ইয়াত থকা ডাঙৰ ডাঙৰ শিলত ব্ৰহ্মপুত্ৰ চাই ব্যক্তিগত সময় পাৰ কৰিব পাৰে। লগতে শিলৰ ওপৰত উঠি প্ৰিয়জনক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব পাৰে।

৪. চানডুবি

গুৱাহাটী মহানগৰীৰ পৰা ৬০ কিঃ মিঃ আৰু লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মাত্ৰ ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক চানডুবি বিল।
চানডুবি হ্ৰদ হৈছে গুৱাহাটীৰ সমীপৰ সৰ্বশ্ৰেষ্ঠ বনভোজস্থলীবোৰৰ ভিতৰত অন্যতম। এই হ্ৰদলৈ গৈ সকলোৱে সূৰ্যাস্তৰ মনোৰম দৃশ্য উপভোগ কৰে। অসম–মেঘালয় সীমান্তত অৱস্থিত চানডুবি বিল হৈছে জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ প্ৰকৃতিৰ এক অনুপম সৃষ্টি।  এই হ্ৰদ ভ্ৰমণৰ সময়ত দৰ্শনাৰ্থীসকলে নাও আৰু কেম্পিং উপভোগ কৰাৰ ব্যৱস্থা আছে । প্ৰিয়জনৰ সৈতে আপুনি এই স্থানলৈ যাব পাৰে। য’ত আপুনি নাৱত উঠি প্ৰকৃতিৰ মাজত প্ৰিয়জনক মনৰ কথা ক’ব পাৰে।

লগতে পঢ়ক: ৮ ফেব্ৰুৱাৰীত কিয় প্ৰপ’জ ডে’ উদযাপন কৰা হয়? জানক ইয়াৰ ইতিহাস, মহত্ব সকলো…