Propose Day 2025: আজি প্ৰপ’জ ডে’: প্ৰিয়জনলৈ প্ৰেৰণ কৰক এনে ৰোমাণ্টিক বাৰ্তা, সম্পৰ্ক কৰি তোলক মধুময়
যদি আপুনিও প্ৰপ’জ ডে’ত আপোনাৰ সংগীক বিশেষ ধৰণে প্ৰেম প্ৰকাশ কৰিব বিচাৰে, কিন্তু এইক্ষেত্ৰত নিজৰ ৰোমাণ্টিক ভাৱ ইচ্ছানুসাৰে প্ৰকাশ কৰিব পৰা নাই, তেতিয়াহ’লে প্ৰেম প্ৰকাশৰ কিছু কাব্যিক শৈলীৰ আভাস তলত উল্লেখ কৰা আৰ্হিৰ পৰা ল’ব পাৰে।
![Propose Day 2025: আজি প্ৰপ’জ ডে’: প্ৰিয়জনলৈ প্ৰেৰণ কৰক এনে ৰোমাণ্টিক বাৰ্তা, সম্পৰ্ক কৰি তোলক মধুময় Propose Day 2025: আজি প্ৰপ’জ ডে’: প্ৰিয়জনলৈ প্ৰেৰণ কৰক এনে ৰোমাণ্টিক বাৰ্তা, সম্পৰ্ক কৰি তোলক মধুময়](https://images.assamtv9.com/uploads/2025/02/Propose-Day.jpg?w=1280)
প্ৰেমিক-প্ৰেমিকাৰ হেঁপাহৰ ভেলেণ্টাইন সপ্তাহৰ আজি দ্বিতীয়টো দিন। এই দিনটো প্ৰপ’জ ডে’ হিচাপে উদযাপন কৰা হয়। প্ৰিয়জনৰ আগত প্ৰতিদিনে প্ৰেমৰ অনুভৱ প্ৰকাশ কৰিলেও এই বিশেষ দিনটোত প্ৰেমৰ অনুভৱ প্ৰকাশৰ এক সুকীয়া মাদকতা আছে। এইদৰে প্ৰেমৰ সম্পৰ্কত থকাসকলে পৰস্পৰে পৰস্পৰৰ মনত প্ৰেম ভাৱ অধিক দৃঢ় কৰি তুলিব পাৰিব। স্বাভাৱিকতেই সুন্দৰ আৰু সাৱলীল শব্দ তথা কাব্যিক শৈলীৰে প্ৰকাশ কৰা হৃদয়ৰ ভাৱে যিকোনো প্ৰেমিক বা প্ৰেমিকাকে ৰোমাঞ্চিত কৰি তোলে। কিন্তু এইদৰে ৰোমাণ্টিকভাৱে প্ৰেম প্ৰকাশ সকলোৰে বাবে সহজো নহয়।
যদি আপুনিও প্ৰপ’জ ডে’ত আপোনাৰ সংগীক বিশেষ ধৰণে প্ৰেম প্ৰকাশ কৰিব বিচাৰে, কিন্তু এইক্ষেত্ৰত নিজৰ ৰোমাণ্টিক ভাৱ ইচ্ছানুসাৰে প্ৰকাশ কৰিব পৰা নাই, তেতিয়াহ’লে প্ৰেম প্ৰকাশৰ কিছু কাব্যিক শৈলীৰ আভাস তলত উল্লেখ কৰা আৰ্হিৰ পৰা ল’ব পাৰে-
১/ মোৰ প্ৰেম কেৱল তোমাৰ বাবে, তোমাৰ নামতেই চিৰস্থায়ী হৈ ৰ’ব মোৰ হৃদয়ৰ সকলো ভালপোৱা।
২/ তোমাৰ সৈতে ভগাই ল’ব বিচাৰো হৃদয়ৰ সকলো আৱেগ, কটাব বিচাৰো ভালপোৱাৰ প্ৰতিটো ক্ষণ। এই ক্ষণ হৈ ৰওক চিৰস্থায়ী।
৩/ তোমাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত, তোমাৰ সৈতে পোৱা প্ৰতিটো সুখ চিৰজীৱনলৈ এইদৰেই প্ৰবাহিত হৈ ৰওক। প্ৰতিটো বাধা নেওচি এক হৈ ৰ’ম আমি। প্ৰপ’জ ডে’ৰ শুভেচ্ছা।
৪/ তুমি লগত থাকিলে প্ৰতিটো মুহূৰ্ত বিশেষ যেন লাগে, এই বিশেষ ক্ষণ চিৰস্থায়ী হৈ ৰ’ব।
৫/ প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়। এই হৈ যোৱা প্ৰেমেই তোমাৰ ৰূপত তুলি দিলে জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ।
৬/ প্ৰতিটো সময়তে তুমি মোৰ হাতে হাত ধৰি থিয় দিছা। এই বিশ্বাস, সাহস আৰু প্ৰেৰণাৰ হাতখনি চিৰজীৱনলৈ ধৰি ৰখাৰ প্ৰতিশ্ৰুতি…