Valentines Day 2025: কিয় উদযাপন কৰা হয় ভেলেণ্টাইন ডে’? ইয়াৰ আঁৰত আছে আমোদজনক কাহিনী…
Valentines Week 2025: প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ উদযাপন কৰা হয়।এই দিনটোৱৈ বিশেষকৈ প্ৰেমিক যুটিয়ে আগ্ৰহেৰে অপেক্ষা কৰে। যদিও ভেলেণ্টাইন ডে’ অতি আড়ম্বৰেৰে উদযাপন কৰা হয়, কিন্তু এই দিৱস পালন কৰাৰ আঁৰৰ কাৰণ জানেনে?

প্ৰেমিক যুটিৰ বাবে ফেব্ৰুৱাৰী মাহতো অতিকৈ বিশেষ। বসন্তৰ আগমনৰ বতৰা লৈ উন্মনা ফাগুনৰ পৰশত ভাঁহি আহে প্ৰেমৰ সুবাস। এয়া যে প্ৰেমত উন্মাদ হোৱা সময়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে প্ৰেমিক যুটিয়ে । আচলতে এই মাহটোক প্ৰেমৰ প্ৰতীক হিচাপে দেখা যায়। কাৰণ প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীক ভেলেণ্টাইন ডে’ উদযাপন কৰা হয়। কেৱল এয়াই নহয়, ভেলেণ্টাইন উইকৰ প্ৰক্ৰিয়াটো এসপ্তাহ আগতেই আৰম্ভ হয়। ৭ ফেব্ৰুৱাৰীৰ গোলাপ দিৱসৰ পৰা আৰম্ভ হোৱা এই সপ্তাহৰ অন্ত পৰিব ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ সৈতে। এনে পৰিস্থিতিত এই দিনটোও দূৰত নহয়।
অৱশ্যে, বৰ্তমান সময়ত ভেলেণ্টাইন ডে’ৰ ধাৰণা কিছু সলনি হৈছে। তথাপিও প্ৰেম নিভাঁজ। আগতে কেৱল প্ৰেমিক যুটিয়ে ভেলেণ্টাইন ডে’ উদযাপন কৰিছিল যদিও এতিয়া বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যক বিশেষ অনুভৱ কৰাব বিচৰা সকলোৰে ভেলেণ্টাইন ডে’ উদযাপন কৰে। কিন্তু আপুনি জানেনে ভেলেণ্টাইন ডে’ কেনেকৈ আৰম্ভ হৈছিল আৰু ইয়াক উদযাপনৰ আঁৰৰ উদ্দেশ্য কি? যদি আপুনি ইয়াৰ বিষয়ে বেছি নাজানে তেন্তে আমাৰ এই বিশেষ প্ৰতিবেদন পঢ়ক…
ভেলেণ্টাইন ডে’ৰ ইতিহাস
এই দিনটোৰ নাম চেন্ট ভেলেণ্টাইনৰ নামেৰে ৰখা হৈছে। ইয়াৰ ইতিহাসৰ লগত জড়িত বহুতো কাহিনী আছে, কিন্তু আটাইতকৈ বিখ্যাত কাহিনীটো ৩য় শতিকাৰ ৰোমৰ সৈতে জড়িত। ৰোমান সম্ৰাট ক্লাউডিয়াছ দ্বিতীয়ই বিশ্বাস কৰিছিল যে, বিবাহৰ পাছত সৈনিকসকল দুৰ্বল হৈ পৰে। সেয়েহে তেওঁ কম বয়সীয়া সৈনিকৰ বিবাহত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু চেন্ট ভেলেণ্টাইনে ৰজাৰ এই আদেশৰ বিৰোধিতা কৰি গোপনে বহু সৈনিকক বিয়া কৰাই দিছিল।
এই বিষয়ে ৰজাই গ’ম পোৱাত ১৪ ফেব্ৰুৱাৰীত চেন্ট ভেলেণ্টাইনক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। কোৱা হয় যে চেন্ট ভেলেণ্টাইনে কাৰাগাৰত বন্দী হোৱা জেইলাৰৰ কন্যাৰ প্ৰেমত পৰিছিল আৰু ফাঁচী দিয়াৰ পূৰ্বে চেণ্ট ভেলেণ্টাইনে জেইলাৰৰ কন্যালৈ লিখা এখন চিঠিৰ শেষত তেওঁ লিখিছিল “আপোনাৰ ভেলেণ্টাইন”। তেতিয়াৰ পৰাই এই দিনটোক প্ৰেম আৰু সমৰ্পণৰ প্ৰতীক হিচাপে গণ্য কৰি ১৪ ফেব্ৰুৱাৰীক ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে।
কিয় এই দিৱস পালন কৰা হয়?
ভেলেণ্টাইন ডে’ কেৱল প্ৰেমিক-প্ৰেমিকা বা দম্পতীৰ বাবেই নহয়, প্ৰেম আৰু বন্ধুত্বৰ গভীৰতা দেখুৱাবলৈ এই দিনটো উদযাপন কৰা হয়। এই দিনটোৱে আমাক শিকাই যে আমাৰ আপোনজনৰ প্ৰতি আমাৰ মৰম প্ৰকাশ কৰাটো কিমান গুৰুত্বপূৰ্ণ। ১৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে ভেলেণ্টাইন ডে’ উদযাপন কৰা হয় আৰু প্ৰেমিক-প্ৰেমিকাই ইজনে আনজনক উপহাৰ, কাৰ্ড, ফুল আৰু ৰোমান্টিক শুভেচ্ছা প্ৰেৰণ কৰি এই দিৱসটোক বিশেষ কৰি তুলে। আপুনিও আপোনাৰ জীৱনৰ কোনো বিশেষ ব্যক্তিৰ বাবে এই দিনটো বিশেষ কৰি তুলিব পাৰে।
ভেলেণ্টাইন ডে’ কেনেকৈ পালন কৰিব?
- আপুনি আপোনাৰ সংগীৰ সৈতে সুন্দৰ ধৰণেৰে ভেলেণ্টাইন ডে’ উদযাপন কৰিব পাৰে। এই দিনটোক বিশেষ কৰি তুলিবলৈ আপুনি ৰোমান্টিক ডেটৰ পৰিকল্পনা কৰিব পাৰে, যেনে কেণ্ডেল লাইট ডিনাৰ, লং ড্ৰাইভ বা ম’ভি নাইট। আপোনাৰ সংগীক সুখী কৰিবলৈ ফুল, চকলেট, ব্যক্তিগত উপহাৰ দিব পাৰে।
- ঘৰতে ভেলেণ্টাইন ডে’ উদযাপন কৰিব বিচাৰিলে বেলুন আৰু মমবাতিৰে কোঠাটো সজাই ৰোমান্টিক পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে বিশেষ ব্যঞ্জন প্ৰস্তুত কৰি আপোনাৰ প্ৰেমক গভীৰ কৰি তুলিব পাৰে। দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকা লোকসকলে ভিডিঅ’ কলৰ জৰিয়তে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিব পাৰে, প্ৰেমৰ বাৰ্তা বা উপহাৰ প্ৰেৰণ কৰিব পাৰে। একে সময়তে যদি আপুনি অবিবাহিত, তেন্তে আপুনি বজাৰ কৰা, চিনেমা, ভ্ৰমণ বা আত্ম-যত্ন লৈ নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰে।
- ভেলেণ্টাইন ডে’ত কেৱল উপহাৰ দিয়া বা ডেটলৈ যোৱা নহয়, ইজনে সিজনৰ প্ৰতি মৰম আৰু সন্মান প্ৰকাশৰ দিন। আপুনি এই দিনটো সহজভাৱেও বিশেষ কৰি তুলিব পাৰে, মাথোঁ আপোনাৰ মনত প্ৰেম আৰু প্ৰকৃত অনুভৱ অন্তৰ্ভুক্ত কৰক। সংগী, বন্ধু বা নিজৰ বাবে উদযাপন কৰক, এই দিনটোৱে আপোনাৰ সম্পৰ্কক শক্তিশালী কৰাৰ সুযোগ দিব।