Valentine’s Week List 2025: ৭ৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ভেলেণ্টাইন সপ্তাহ, প্ৰেমৰ নামত উদযাপিত ৭ টা দিনৰ বিশেষত্ব কি জানেনে?
Valentine's Week List 2025, Date Calendar: সপ্তাহৰ সাতটা দিনেই বিশেষ। এইকেইদিন উপহাৰ আৰু মৰমেৰে আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব পাৰে। আপুনি জানেনে ফেব্ৰুৱাৰী মাহৰ এই সাতটা দিনত কি কি দিৱস হিচাপে পালন কৰা হয়?
Valentine Week 2025 Calendar: ফেব্ৰুৱাৰী মাহক প্ৰেমৰ মাহ বুলি ক’লে ভুল নহ’ব। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেলেণ্টাইন সপ্তাহত প্ৰেমিক-প্ৰেমিকাৰ বাবে অতি বিশেষ। কিছুমানে নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ এই সপ্তাহটোলৈ অপেক্ষা কৰে, আনহাতে কিছুমানে নিজৰ সংগীৰ সৈতে বিশেষ সময় কটাবলৈ এই মাহটো বাচনি কৰি লয়। এই গোটেই সপ্তাহটো অৰ্থাৎ সপ্তাহৰ সাতটা দিনেই বিশেষ। এইকেইদিন উপহাৰ আৰু মৰমেৰে আপোনাৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব পাৰে। আপুনি জানেনে ফেব্ৰুৱাৰী মাহৰ এই ৭ টা দিনত কি কি দিন হিচাপে পালন কৰা হয়?
৭ ফেব্ৰুৱাৰী ২০২৫: গোলাপ দিৱস(Rose Day)
ভেলেণ্টাইন সপ্তাহ আৰম্ভ হয় গোলাপ দিৱসৰ পৰা। আপুনি নিশ্চয় নামটোৰ পৰাই বুজি পাইছে যে আপোনাৰ সংগীক কি দিব পাৰে। গোলাপৰ থোপাৰ হৃদয়ৰ অনুভৱ সংগীৰ সন্মুখত প্ৰকাশ কৰিব পাৰে। ৰঙা গোলাপ হৈছে প্ৰেমৰ প্ৰতীক, আনহাতে অন্য ৰঙৰ গোলাপবোৰেও বিভিন্ন আৱেগক প্ৰতিনিধিত্ব কৰে। এই দিনটোত আপোনাৰ আপোনজনক বিশেষ অনুভৱ কৰা আৰু আপোনাৰ মৰম প্ৰকাশ কৰাৰ এক সুন্দৰ সুযোগ।
৮ ফেব্ৰুৱাৰী ২০২৫: প্ৰস্তাৱ দিৱস (Propose Day)
গোলাপ ফুল দিয়াৰ পিছত দ্বিতীয় দিনটো হ’ল আপোনাৰ মৰম প্ৰকাশ কৰা। যদি আপুনি এতিয়াও নিজৰ অনুভৱ প্ৰকাশ কৰা নাই, তেন্তে ইয়াতকৈ ভাল সুযোগ থাকিব নোৱাৰে। আপুনি আপোনাৰ আপোনজনক বিশেষ উপহাৰ, আঙঠি বা কোনো ৰোমান্টিক ধৰণেৰে প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে।
৯ ফেব্ৰুৱাৰী ২০২৫: চকলেট দিৱস (Chocolate Day)
প্ৰপ’জ কৰাৰ পিছত সংগীক মিঠা কিবা এটা খুৱাই দিয়াটোও জৰুৰী। ৯ ফেব্ৰুৱাৰীত উদযাপন কৰা চকলেট দিৱসত আপুনি আপোনাৰ সংগীক চকলেট দিব পাৰে আৰু তেওঁৰ লগত জীৱনটো মধুৰ কৰি তোলাৰ প্ৰতিশ্ৰুতি দিব পাৰে।
১০ ফেব্ৰুৱাৰী ২০২৫: টেডি ডে (Teddy Day)
এই দিনটোত আপুনি আপোনাৰ সংগীক এটা মৰমলগা পুতলা উপহাৰ দিব পাৰে। এই পুতলাই সকলো সময়তে আপোনাৰ কথা মনত পেলাই দিব। ইয়াৰোপৰি তেওঁৰ নিসংগতা আঁতৰাই ভালপোৱা অনুভৱ কৰাবলৈ এক সুন্দৰ উপায় হ’ব পাৰে।
১১ ফেব্ৰুৱাৰী ২০২৫: প্ৰতিশ্ৰুতি দিৱস (Promise Day)
প্ৰেমত প্ৰতিশ্ৰুতি পালন কৰাটো বহুত গুৰুত্বপূৰ্ণ। এই দিনটোত আপুনি আপোনাৰ সংগীক প্ৰতিশ্ৰুতি দিব পাৰে যে গোটেই জীৱন তেওঁলোকৰ লগত থাকিব। প্ৰতিটো সুখ-দুখত তেওঁলোকৰ লগত থাকিব, আৰু সদায় সুখী কৰি ৰাখিব।
১২ ফেব্ৰুৱাৰী ২০২৫: হাগ ডে (Hug Day)
আলিংগন প্ৰকৃত প্ৰেম আৰু আৱেগৰ প্ৰতীক। এই দিনটোত আপোনাৰ সংগীক মৰমেৰে সাৱটি ধৰি মনৰ কথা ক’ব পাৰে। প্ৰতিটো পৰিস্থিতিত তেওঁৰ সৈতে থকাৰ অনুভৱ কৰাওক।
১৩ ফেব্ৰুৱাৰী ২০২৫: চুম্বন দিৱস (Kiss Day)
প্ৰেম প্ৰকাশ আৰু গভীৰভাৱে অনুভৱ কৰাৰ আটাইতকৈ বিশেষ উপায় হ’ল চুমা। আজিৰ দিনটোত প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক চুম্বনৰ জৰিয়তে প্ৰেম প্ৰকাশ কৰি নিজৰ সম্পৰ্ক মজবুত কৰে বুলি কোৱা হয়।
১৪ ফেব্ৰুৱাৰী ২০২৫: ভেলেণ্টাইন ডে (Valentine’s Day)
ভেলেণ্টাইন সপ্তাহৰ শেষ আৰু আটাইতকৈ বিশেষ দিন। প্ৰেমিক-প্ৰেমিকাই এই দিনটোত নিজৰ সম্পৰ্ক মজবুত কৰিবলৈ চেষ্টা কৰে। এই দিনটোত আপুনি আপোনাৰ সংগীক বিশেষ উপহাৰ দি তেওঁৰ প্ৰতি আপোনাৰ মৰম আৰু নিষ্ঠা প্ৰকাশ কৰিব পাৰে।