ভিটামিন D ৰ অভাৱে কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি ? গৱেষণাই কি কয় ? জানক
এক অধ্যয়নৰ প্ৰাৰম্ভিক পৰ্যায়ত দেখা গৈছে যে, ভিটামিন Dৰ অভাৱত শৰীৰত কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে । কিন্তু ইয়াৰ ওপৰত এতিয়াও অধিক অধ্যয়নৰ প্ৰয়োজন। আমাৰ শৰীৰত ভিটামিন D ৰ কাম কি আৰু ই কেনেদৰে কেন্সাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে সেই বিষয়ে জানক ।

ভিটামিন D আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজন । ই হাড়ৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অভাৱত শৰীৰত আন বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। শেহতীয়াকৈ কৰা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, ভিটামিন Dৰ অভাৱত কৰ্কটৰ দৰে অতি মাৰাত্মক ৰোগ হ’ব পাৰে। অধ্যয়ন অনুসৰি, প্ৰায় ৭০ শতাংশ লোকে ভিটামিন D ৰ অভাৱত ভোগে।
এক অধ্যয়নৰ প্ৰাৰম্ভিক পৰ্যায়ত দেখা গৈছে যে, ভিটামিন Dৰ অভাৱত শৰীৰত কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে । কিন্তু ইয়াৰ ওপৰত এতিয়াও অধিক অধ্যয়নৰ প্ৰয়োজন। আমাৰ শৰীৰত ভিটামিন D ৰ কাম কি আৰু ই কেনেদৰে কেন্সাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে সেই বিষয়ে জানক ।
শৰীৰত ভিটামিন Dৰ কাম কি ?
কোষবোৰ সুস্থ কৰি ৰখাত ভিটামিন D য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই কোষৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰৰ প্ৰদাহ হ্ৰাস কৰে, যিবোৰ কেন্সাৰ প্ৰতিৰোধৰ তিনিটা মূল দিশ। ইয়াৰ উপৰিও ই কোষৰ স্বাভাৱিক কাৰ্য বজাই ৰাখে আৰু কোষৰ অস্বাভাৱিক বৃদ্ধি ৰোধ কৰে। লগতে কোষবোৰ সুস্থ কৰি ৰখাত সহায় কৰে । ইয়াৰ উপৰিও ই ক্ষতিকাৰক কোষ চিনাক্ত কৰি ধ্বংস কৰাত সহায় কৰে।
বিশেষজ্ঞসকলৰ মতে,কেৱল ভিটামিন D ৰ অভাৱত কৰ্কট ৰোগ নহয়, কিন্তু ইয়াৰ লগত আন বিপদজনক কাৰক যেনে ভাল খাদ্যাভ্যাস, অত্যাধিক ধূমপান আৰু ব্যায়াম নকৰা আদিয়ে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
ভিটামিন Dৰ মূল উৎস
সূৰ্যৰ পোহৰ হৈছে ভিটামিন D ৰ সৰ্বোত্তম প্ৰাকৃতিক উৎস। ৰাতিপুৱাৰ সূৰ্যৰ পোহৰত সপ্তাহত কমেও তিনিদিন ১০ ৰ পৰা ৩০ মিনিট বহিব লাগে। ইয়াৰ দ্বাৰা শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰিব পাৰে।
সুষম খাদ্য আৰু পুষ্টিকৰ খাদ্যৰ দ্বাৰা ভিটামিন D ৰ অভাৱ দূৰ কৰিব পাৰি। কণী, চৰ্বিযুক্ত মাছ, গাখীৰ, দৈ, পনিৰ আদিয়ে এই ভিটামিন পূৰণ কৰিব পাৰে। মনত ৰাখিব যে, যিকোনো পৰিপূৰক গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। পৰামৰ্শ অবিহনে কোনো ঔষধ বা পৰিপূৰক গ্ৰহণ নকৰিব।
ভিটামিন D আৰু কেন্সাৰৰ আশংকাৰ বিষয়ে গৱেষণাই কি কয়?
এক অধ্যয়নত ভিটামিন D ৰ অভাৱ আৰু কেন্সাৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা হৈছে। য’ত দেখা গৈছে যে, যিসকল লোকৰ ভিটামিন Dৰ মাত্ৰা অধিক থাকে তেওঁলোকৰ অন্ত্ৰৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হ’ব পাৰে আৰু যিসকলৰ ইয়াৰ মাত্ৰা কম থাকে তেওঁলোকৰ অন্ত্ৰৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
ইয়াৰ বাহিৰেও কিছুমান গৱেষণাত ভিটামিন D ৰ অভাৱ আৰু স্তন আৰু হাওঁফাওঁৰ কৰ্কট ৰোগৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক দেখা পোৱা নাই যদিও কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে । আন এক গৱেষণাৰ মতে, যিসকল লোকৰ ভিটামিন ডিৰ অভাৱ আছিল, তেওঁলোকৰ কৰ্কট ৰোগত মৃত্যুৰ সম্ভাৱনা বেছি।