শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অলপ সাৱধানতাই সন্তানহীনতাৰ পৰা ৰক্ষা কৰিব ! কি ভিটামিনৰ অভাৱত মহিলাসকল বন্ধ্যাত্বৰ বলি হ’ব পাৰে ?

সন্তানহীনতাৰ আঁৰৰ কাৰণ কি ? বন্ধ্যাত্বৰ সমস্যা বৃদ্ধিত ভিটামিনে প্ৰভাৱ পেলায় নেকি ? কি ভিটামিনৰ অভাৱত বন্ধ্যাত্ব সমস্যা সন্মুখীন হোৱাৰ আশংকা থাকে ?

অলপ সাৱধানতাই সন্তানহীনতাৰ পৰা ৰক্ষা কৰিব ! কি ভিটামিনৰ অভাৱত মহিলাসকল বন্ধ্যাত্বৰ বলি হ’ব পাৰে ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 01 Apr 2025 18:55 PM

মহিলাৰ ক্ষেত্ৰত বন্ধ্যাত্বৰ সমস্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । সন্তানহীনতাৰ আঁৰৰ কাৰণ কি ? বন্ধ্যাত্বৰ সমস্যা বৃদ্ধিত ভিটামিনে প্ৰভাৱ পেলায় নেকি ? কি ভিটামিনৰ অভাৱত বন্ধ্যাত্ব সমস্যা সন্মুখীন হোৱাৰ আশংকা থাকে ? এইলৈ প্ৰায়ে চৰ্চা হয় । উল্লেখ্য যে, ভিটামিন ডি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ।

এই ভিটামিনয়ে হাড়ৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত কেলচিয়াম শোষণ এই ভিটামিনৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও ভিটামিন ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা, হৃদযন্ত্ৰৰ স্বাস্থ্য আৰু হজম শক্তিৰ ওপৰতো প্ৰভাৱ পেলায়। এই ভিটামিনৰ অভাৱে প্ৰজননৰ ক্ষেত্ৰটো প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এই ভিটামিনৰ অভাৱ হ’লে মহিলাসকল বন্ধ্যাত্বৰ বলি হ’ব পাৰে।

কিছুমান স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদনত কোৱা হৈছে, প্ৰজনন ক্ষমতাৰ লগত ভিটামিন ডিৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে । কোৱা হয় যে, প্ৰজননৰ ক্ষেত্ৰত ভিটামিন ডি এক গুৰুত্বপূৰ্ণ কাৰক হ’ব পাৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে, ভিটামিন ডিৰ অভাৱত মহিলাৰ গৰ্ভধাৰণৰ হাৰ হ্ৰাস পায়। বিশেষজ্ঞৰ মতে, ভিটামিন ডিৰ মাত্ৰা যিমানেই বেছি হ’ব সিমানেই কণীৰ গুণগত মান উন্নত হয়। ডিম আৰু শুক্ৰাণুৰ নিষেচনৰ পিছত ভ্ৰূণ জৰায়ুত সংস্থাপন প্ৰক্ৰিয়াতো ভিটামিন ডিৰ ভূমিকা থাকে। এই ভিটামিনৰ অভাৱৰ বাবে ভ্ৰূণ সংস্থাপনত প্ৰভাৱ পৰিব পাৰে । এই ভিটামিনৰ অভাৱত ডিম্বাশয়ত কণীৰ সংখ্যাও কমি যায় বুলি কোৱা হয় ।

বিভিন্ন পৰীক্ষাত দেখা গৈছে যে, যিসকল মহিলাৰ ভিটামিন ডিৰ অভাৱ হয়, তেওঁলোকৰ গৰ্ভাৱস্থাত জটিলতাও বহুগুণ বৃদ্ধি পায়। আনকি দীৰ্ঘদিন ধৰি ভিটামিন ডিৰ অভাৱে প্ৰাকৃতিক গৰ্ভধাৰণত বাধাৰ সৃষ্টি কৰিব পাৰে। আইভিএফৰ ক্ষেত্ৰত এই সমস্যা আৰু অধিক ভয়াৱহ হৈ পৰে। চিকিৎসকৰ মতে, গৰ্ভৱতী মহিলাৰ ভিটামিন ডিৰ অভাৱত উচ্চ ৰক্তচাপ, মাতৃৰ ডায়েবেটিছ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

গতিকে সূৰ্যৰ পোহৰ হৈছে ভিটামিন ডিৰ সৰ্বোত্তম প্ৰাকৃতিক উৎস। ৰাতিপুৱাৰ সূৰ্যৰ পোহৰৰ পৰা শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি লাভ কৰে । তদুপৰি সুষম আৰু পুষ্টিকৰ খাদ্যৰ দ্বাৰা ভিটামিন ডিৰ অভাৱ দূৰ কৰিব পাৰি। কণী, চৰ্বিযুক্ত মাছ, গাখীৰ, দৈ, পনিৰ আদিয়ে এই ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পাৰে। মনত ৰাখিব যে, ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ পৰিপূৰক গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ।