পূব ভাৰতৰ পৰিস্থিতি অতি বেয়া ! ভিটামিন ডিৰ অভাৱত ভুগিছে দেশৰ এক পঞ্চমাংশ লোক, ইয়াৰ কাৰণ কি ?
ICRIER ৰ এক গৱেষণাত দেখা গৈছে যে, দেশৰ প্ৰতি ৫ জন ব্যক্তিৰ ভিতৰত এজন ব্যক্তিৰ শৰীৰত ভিটামিনৰ অভাৱ দেখা যায় । পূব ভাৰতত পৰিস্থিতি আটাইতকৈ বেয়া, য’ত ৩৯ শতাংশ লোকৰ শৰীৰত এই ভিটামিনৰ অভাৱ হোৱা দেখা গৈছে ।

প্ৰতীকী ফটো
ভাৰতত ভিটামিন ডিৰ অভাৱ এক গুৰুতৰ সমস্যাত পৰিণত হৈছে। শেহতীয়াকৈ ICRIER ৰ এক গৱেষণাত দেখা গৈছে যে, দেশৰ প্ৰতি ৫ জন ব্যক্তিৰ ভিতৰত এজন ব্যক্তিৰ শৰীৰত ভিটামিনৰ অভাৱ দেখা যায় । পূব ভাৰতত পৰিস্থিতি আটাইতকৈ বেয়া, য’ত ৩৯ শতাংশ লোকৰ শৰীৰত এই ভিটামিনৰ অভাৱ হোৱা দেখা গৈছে । গৱেষণাৰ পৰা দেখা গৈছে যে, ভিটামিন ডিৰ অভাৱত কেৱল হাড়তে নহয়, সমগ্ৰ শৰীৰতো প্ৰভাৱ পৰে। এই ভিটামিনৰ অভাৱত এজন ব্যক্তি ভাগৰুৱা, মেজাজৰ পৰিৱৰ্তন আৰু মানসিক চাপৰ সমস্যাত ভুগিব পাৰে । ইয়াৰ ফলত ডায়েবেটিছ আনকি কেন্সাৰৰো আশংকা থাকে।
এই অধ্যয়নৰ সৈতে জড়িত ডাঃ আশীষ চৌধৰীয়ে কয় যে, ভিটামিন ডিৰ অভাৱ এক মহামাৰী। ই কেৱল হাড়ৰ সমস্যা নহয়, সমগ্ৰ শৰীৰত গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ প্ৰতি গুৰুত্ব দিয়াটো জৰুৰী। এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিকল্পনাৰ প্ৰয়োজন। এই ক্ষেত্ৰত বিশেষকৈ বিদ্যালয়, কৰ্মক্ষেত্ৰ আৰু স্বাস্থ্য কেন্দ্ৰত বৃহৎ পৰিসৰৰ সজাগতা অভিযানৰ জৰিয়তে মানুহৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়োজন।
ভিটামিন ডিৰ অভাৱ কিয় হয়?
আজিকালি বেছিভাগ মানুহেই ঘৰৰ ভিতৰত থাকে আৰু ৰ’দত ওলাই নাযায়, যাৰ বাবে শৰীৰত ভিটামিন ডি উৎপন্ন হোৱাত অসুবিধাৰ সৃষ্টি হয়। মাছ, কণী আদি বস্তুবোৰত ভিটামিন ডি প্ৰচুৰ পৰিমাণে থাকে যদিও সেইবোৰ ব্যয়বহুল আৰু সকলোৰে সামৰ্থ্য নাই। মেদবহুলতাই শৰীৰত ভিটামিন ডিৰ কাম কৰাৰ ক্ষেত্ৰত ব্যাঘাত জন্মায়, যাৰ বাবে পৰিপূৰক ইমান ফলপ্ৰসূ নহয়। ভিটামিন ডিৰ অভাৱৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এতিয়াও দেশত কোনো স্পষ্ট পৰিকল্পনা নাই।
বিশেষজ্ঞসকলে কি কয়?
ICRIERৰ অধ্যাপিকা ড০ অৰ্পিতা মুখাৰ্জীয়ে কয় যে, যদি আমি এতিয়াই এই ভিটামিনৰ অভাৱ দূৰ কৰাৰ বাবে পৰিকল্পনা আৰু প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰো তেন্তে ই এক ডাঙৰ স্বাস্থ্যজনিত সমস্যাত পৰিণত হ’ব পাৰে। এনে পৰিস্থিতিত মানুহক সজাগ কৰাৰ প্ৰয়োজন আছে।