শৰীৰৰ ওজন কমাবলৈ খোজ কাঢ়ে নেকি? তেন্তে মনত ৰাখিব এইসমূহ কথা…

ব্যস্ত জীৱনৰ বাবে বহু সময়ত বহু লোকে জিম বা যোগাসন কৰাৰ বাবে সময় নাপায়। এনে সময়চোৱাত বিভিন্নজনে খোজ কাঢ়ে। কিন্তু খোজ কঢ়াৰো আছে বিশেষ নিয়ম।

শৰীৰৰ ওজন কমাবলৈ খোজ কাঢ়ে নেকি? তেন্তে মনত ৰাখিব এইসমূহ কথা...

খোজকঢ়া

Updated On: 

12 Mar 2025 09:48 AM

সুস্থ হৈ থাকিবৰ বাবে যোগাসন বা অন্য কোনো ৱাৰ্কআউট কৰা শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। যদি আপোনাৰ যোগাসন বা জিমৰ বাবে সময় নাই তেন্তে দৈনিক কিছু খোজ কাঢ়িব পাৰে। ইয়াৰ ফলত আপোনাৰ ওজন নিয়ন্ত্ৰণ হোৱাৰ লগতে স্বাস্থ্যৰ লগত জড়িত আন বহু উপকাৰো পোৱা যায়। যেনে ডায়েবেটিছৰ পৰা প্ৰতিৰোধ, হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখা, মানসিক চাপ কমোৱা, আঁঠুৰ গাঁঠিবোৰ সুস্থ কৰি ৰখা আদি। গতিকে পুৱা বা গধূলি কিছু সময় উলিয়াই খোজ কাঢ়িব লাগে। ইয়াৰোপৰি খাদ্য গ্ৰহণৰ পাছতো কিছু সময় খোজ কাঢ়িব লাগে। কিন্তু খোজকঢ়াৰো আছে সঠিক পদ্ধতি আৰু ইয়াক জনাৰ অত্যন্তই আৱশ্যক।

খোজ কাঢ়িলে আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যও সুস্থ হৈ থাক। কিন্তু খোজ কঢ়াৰ সময়ত হোৱা কিছুমান ভুলৰ বাবে ই ক্ষতিকাৰক হৈ পৰিব পাৰে। খোজ কঢ়া বা জগিং কৰাৰ সময়ত কি কি কথা মনত ৰখাটো গুৰুত্বপূৰ্ণ তলত উল্লেখ কৰা হ’ল-

শৰীৰৰ ভংগীমা

যোগাসন বা জিম কৰাৰ দৰে খোজকঢ়াৰ সময়তো শৰীৰৰ ভংগীমাৰ যত্ন লোৱা দৰকাৰ। খোজকঢ়াৰ সময়ত কান্ধ পোনে পোনে ৰখাৰ পৰা হাতৰ গতিবিধিলৈ সকলোতে গুৰুত্ব দিব লাগে।

পানী খাব লাগে

যদি আপুনি বাহিৰত খোজ কাঢ়ে তেন্তে লগত পানীৰ বটল লৈ যোৱা আৱশ্যক। খোজ কঢ়াৰ সময়ত ঘাম ওলাই, গতিকে এই সময়ত পানী নাখালে আপোনাৰ ডিহাইড্ৰেশ্যন হব পাৰে। গতিকে খোজ কঢ়াৰ পূৰ্বে আৰু শেষত লাহে লাগে পানী খাব। এটা কথা মনত ৰাখিব যে খোজকঢ়াৰ পূৰ্বে অত্যাধিক পানী খাব নালাগে।

দ্ৰুতগতিত খোজ কঢ়া

খাদ্য খোৱাৰ পিছত অলপ সময় খোজ কাঢ়িলে ই খাদ্য হজম হোৱাত সহায় কৰে ইয়াৰ বিপৰীতে ওজন কমাবলৈ দ্ৰুত গতিত খোজ কঢ়াটো উপকাৰী, কিন্তু খাদ্য খোৱাৰ লগে লগে দ্ৰুতগতিত খোজ কাঢ়িব নালাগে।

সাৱধান

যদি আপুনি খোজ কাঢ়িবলৈ বা জগিং কৰিবলৈ গৈ আছে, তেন্তে তাৰ আগতে শৰীৰটো গৰম কৰিব লাগে।একেদৰে খোজ কঢ়াটো সম্পূৰ্ণ হ’লে শৰীৰটোও ঠাণ্ডা কৰি লওক। উল্লেখ্য যে,খোজ কঢ়াৰ সময়ত হঠাৎ ৰৈ দিলে পেশী টানি ধৰিব পাৰে। গতিকে প্ৰথমে গতি লেহেমীয়া আৰু পাছত বহি লওক।

প্ৰয়োজনতকৈ বেছি খোজ নাকাঢ়িব

জিম হওত, যোগাসন হওক বা খোজ কঢ়া সকলো আপোনাৰ শৰীৰৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰি কৰিব লাগে। মানুহে ওজন কমাবলৈ খোজ কঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰে, কিন্তু আপোনাৰ শৰীৰে যিমানখিনিলৈ পাৰে সিমানখিনিলৈহে আপুনি যোগাসন বা খোজকাঢ়িব। সামৰ্থতকৈ অধিক খোজ কঢ়া আপোনৰা বাবে ক্ষতিকাৰক হ’ব পাৰে।

ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...