5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাৰিষাত এইবোৰ পাতৰ পানীৰে মুখ ধোৱক! নাথাকিব পিম্পল, বৃদ্ধি হ’ব উজ্জ্বলতা

যদি আপুনি বৰষুণৰ বতৰত ব্রণ আৰু মুখৰ শুকান ছালৰ বাবে অসুবিধাত পৰে, তেনেহ'লে আপোনাৰ ঘৰত বা ইয়াৰ চাৰিওফালে পোৱা পাত পানীৰে মুখখন ধুই এনে সমস্যা নোহোৱা কৰিব পাৰে। ইয়াৰ জৰিয়তে কেৱল ব্রণ হ্ৰাসে নহয় মুখমণ্ডলৰ প্ৰাকৃতিক উজ্জ্বলতাও বৃদ্ধি কৰিব পাৰি।

বাৰিষাত এইবোৰ পাতৰ পানীৰে মুখ ধোৱক! নাথাকিব পিম্পল, বৃদ্ধি হ’ব উজ্জ্বলতা
বাৰিষাত এইবোৰ পাতৰ পানীৰে মুখ ধোৱক!
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 03 Aug 2024 17:31 PM

বাৰিষাৰ সময়ত মুখমণ্ডলৰ অধিক যত্ন লোৱাৰ প্ৰয়োজন হয়। প্ৰকৃতত, এই সময়ছোৱাত বেছিভাগ লোকৰ ব্রণ আৰু ছাল শুকান হোৱাৰ সমস্যা হয়। এনে সমস্যা নোহোৱা কৰিবলৈ কিছুমান পাতৰ পানীৰে মুখখন ধুৱ পাৰে। ইয়ে পিম্পলৰ লগতে ছালৰ বহুতো সমস্যাৰ পৰা সকাহ দিয়ে আৰু মুখমণ্ডলৰ প্ৰাকৃতিক উজ্জ্বলতা বৃদ্ধি কৰে।

বাৰিষাকালত আৰ্দ্ৰতাৰ বাবে মুখত ব্রণ ওলাই আহে আৰু ছালখন অতি শুকান হ’বলৈ আৰম্ভ কৰে। এনে হ’লে আত্মবিশ্বাসৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু মুখমণ্ডলত প্ৰাকৃতিক উজ্জ্বলতা বৃদ্ধি কৰিবলৈ, কোনবোৰ পাত পানীৰে মুখ ধোৱাটো উপকাৰী হয় জানক

 

 

নৰসিংহৰ পাত

খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ঘৰত নৰসিংহৰ পাত ব্যৱহাৰ কৰা হয়। এই পাতবিধ আপোনাৰ চুলি আৰু ছালৰ বাবেও যথেষ্ট উপকাৰী। ইয়াক কেঁচাকৈ চোবাই খোৱাৰ বহুতো লাভালাভ আছে। ইয়াৰ পানীৰে মুখখন নিয়মীয়াকৈ ধুলে ব্ৰণ, দাগৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু লগতে ইয়ে প্ৰাকৃতিক উজ্জ্বলতা বৃদ্ধি কৰে।

নিম পাত

নিম পাতে যিকোনো ধৰণৰ ছালৰ সমস্যা যেনে ব্রণ, শুকান ছাল, ছালৰ সংক্ৰমণ আদিৰ ক্ষেত্ৰত ৰামবাণৰ দৰে কাম কৰে। ইয়াৰ ফেচ পেক হিচাপে প্ৰয়োগ কৰাটো লাভজনক। ইয়াৰ বাহিৰেও নিম পাত উতলাওক আৰু ইয়াৰ পানীৰে মুখখন ধুই দিয়ক। গ্ৰীষ্ম আৰু বাৰিষাত গা ধোৱাৰ বাবে নিম পাতৰ পানী ব্যৱহাৰ কৰাটোও লাভজনক।

পাণৰ পাত

ছাল সম্পৰ্কীয় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পাণেও আশ্চৰ্যজনক প্ৰভাৱ দেখুৱায়। আপুনি এই পাতৰ পানীৰে মুখখন ধুব পাৰে। যিয়ে মুখৰ দাগ, ব্ৰণ হ্ৰাস কৰে আৰু লগতে খজুৱতিৰ পৰা সকাহ দিয়ে। পাণেৰে দৈনিক মুখখন ধুলে ছালৰ ফুলা হ্ৰাস হয় আৰু দাগও হ্ৰাস হয়।

তেজপাত

আপোনাৰ পাকঘৰত পোলাও আৰু পাচলি তৈয়াৰ কৰোঁতে তেজপাত ব্যৱহাৰ কৰে। কিন্তু আপুনি ভাবিছেনে যে এই পাতটোৱে ছালৰ সমস্যাৰ পৰাও পৰিত্ৰাণ দিব পাৰে।ইয়াত থকা এণ্টি-বেক্টেৰিয়া গুণবোৰ ছালৰ প্ৰদাহ আৰু ৰঙা পৰা হ্ৰাস কৰাৰ লগতে পিম্পলৰ সৈতে যুঁজ দিয়াত সহায়ক হয়। ইয়ে মুখমণ্ডলৰ ৰং উন্নত কৰে আৰু ছাল কোমল কৰে। তেজপাতৰ পানীৰে দৈনিক মুখ ধুলে ছাল টান হয়।

 

Latest News