পৰিৱৰ্তিত বতৰে আপোনাৰ ছালৰ ক্ষতি কৰিছে নেকি? এই টিপছসমূহ অনুসৰণ কৰক
পৰিৱৰ্তিত বতৰত নিজৰ স্বাস্থ্যৰ লগতে ছালৰ সঠিক যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। কাৰণ এই সময়ত মুখৰ উজ্জ্বলতা কমি যাব পাৰে। এই টিপছৰ সহায়ত ছালৰ যত্ন ল’ব পাৰে। যিয়ে ছালখনক উজ্জ্বল কৰি ৰখাত সহায়ক হ'ব।

বৰ্তমান সময়ত বতৰতো যথেষ্ট শুকান হৈ পৰিছে। চৌদিশে এতিয়া ধূলিময় পৰিৱেশ। লগতে আছে বৰষুণ-বতাহ আৰু ঠাণ্ডাৰ সমস্যা। এনে বতৰ পৰিৱৰ্তিত বতৰে কেৱল স্বাস্থ্যই নহয় ছালৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাই। বহু লোকৰ ছালৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে। মুখখন উজ্জ্বলতা কম হৈ পৰে। গতিকে পৰিৱৰ্তিত বতৰতো ছালখন জিলিকি থাকিবলৈ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে ছালৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজনীয়।
বতৰৰ পৰিৱৰ্তনৰ বাবে ছালে বহু পৰিৱৰ্তনৰ সন্মুখীন হ’বলগীয়া হয়, যেনে গ্ৰীষ্মৰ পৰা শীতকাললৈ বা শীতকালৰ পৰা গ্ৰীষ্মলৈ ছালৰ সমস্যা যেনে শুকান হোৱা, তেলীয়া হোৱা, পিম্পল বা এলাৰ্জী বাঢ়ি যায়। এনে পৰিস্থিতিত ছালৰ সঠিক যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে যাতে ছালখন সুস্থ আৰু উজ্জ্বল হৈ থাকে। ইয়াত দিয়া কিছুমান টিপছৰ সহায়ত আপুনি পৰিৱৰ্তিত ঋতুত আপোনাৰ ছালৰ সঠিক যত্ন ল’ব পাৰে।
ছালৰ প্ৰকাৰ জনাটো দৰকাৰ
বতৰ সলনি হ’লে প্ৰথমে আপোনাৰ ছালৰ ধৰণটো বুজক। আপোনাৰ ছাল শুকান, তেলীয়া নে স্বাভাৱিক? শুকান ছালৰ বাবে অধিক হাইড্ৰেটিং আৰু মইশ্ব’ৰাইজিং ক্ৰীম ব্যৱহাৰ কৰক। ইয়াৰ উপৰিও ভিটামিন ই আৰু গ্লিচাৰিনৰ দৰে উপাদান থকা ক্ৰীমে আপোনাৰ ছালখন কোমল কৰি ৰাখিব। যদি আপোনাৰ ছাল তেলীয়া হয় তেন্তে পাতল, তেলবিহীন মইশ্ব’ৰাইজাৰ আৰু জেল ভিত্তিক ক্ৰীম ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাবে ছালত অতিৰিক্ত তেল জমা নহ’ব আৰু ছিদ্ৰবোৰ বন্ধ নহ’ব। লগতে সংবেদনশীল ছালৰ লোকে অত্যাধিক ৰাসায়নিক পদাৰ্থ থকা সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ ফলত বিষ আৰু এলাৰ্জী হ’ব পাৰে।
মইশ্ব’ৰাইজাৰ
বিশেষকৈ শীতকালত ঋতু সলনিৰ সময়ত ছালত আৰ্দ্ৰতাৰ অভাৱ দেখা যায়। সেয়েহে মইশ্ব’ৰাইজিং অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে দৈনিক ছালখন মইশ্ব’ৰাইজ কৰক যাতে ছালখন শুকান আৰু নিৰ্জীৱ হৈ নপৰে। ৰাতি শোৱাৰ আগত গধুৰ মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব লাগে আৰু দিনত লাইট লোচন বা জেল ব্যৱহাৰ কৰিব লাগে।
ছানস্ক্ৰীণ ব্যৱহাৰ কৰক
গ্ৰীষ্মই হওক বা শীতকালেই হওক, ৰ’দৰ ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। কেৱল গ্ৰীষ্মকালতে নহয়, প্ৰতিটো ঋতুতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে। ই ছালখনক সূৰ্য্যৰ পোহৰৰ ফলত হোৱা দাগ আৰু অন্যান্য সমস্যাৰ পৰা ৰক্ষা কৰে। SPF 30 বা তাতকৈ অধিকৰ ছানস্ক্ৰীণ বাছি লওক।
পানী খাবলৈ নাপাহৰিব
পৰিৱৰ্তিত বতৰত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে, যাৰ ফলত আপোনাৰ ছালত প্ৰভাৱ পৰে। ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ দিনটোত পানী খোৱাটো অতি প্ৰয়োজনীয়। যিমানেই বেছি পানী খাব সিমানেই আপোনাৰ ছালখন ভিতৰৰ পৰা হাইড্ৰেটেড হৈ থাকিব আৰু ই জিলিকি উঠিব। গতিকে শৰীৰৰ প্ৰয়োজন অনুযায়ী দৈনিক পানী খাব লাগে।
জীৱনশৈলী
ছালৰ সঠিক যত্নৰ লগতে সুস্থ জীৱনশৈলী গঢ়ি তোলাটোও প্ৰয়োজনীয়। সেয়ে প্ৰতিদিনে ৭-৮ ঘণ্টা টোপনি যাব লাগে। খাদ্যত ফলমূল, শাক-পাচলি, শুকান ফল, পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰক। লগতে জাংক ফুড, অত্যধিক ভাজি বা টেঙা বস্তু খোৱাৰ পৰা বিৰত থাকক।
প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ
পৰিৱৰ্তিত ঋতুত আপুনিও প্ৰাকৃতিক উপাদানেৰে ছালৰ যত্ন ল’ব পাৰে। যদি আপোনাৰ ছাল শুকান হয় তেন্তে ৰাতি শোৱাৰ আগতে মুখত নাৰিকল তেল, আলমণ্ড অইল বা অলিভ অইল লগাব পাৰে। ইয়াৰ লগতে বেচন, হালধি, গাখীৰ, মৌ আৰু এলোভেৰা আদি বহুতো বস্তু ব্যৱহাৰ কৰিব পাৰে।