শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ওজন হ্ৰাস কৰাৰ বাবে আহিছে বিশেষ ঔষধ! জানক ইয়াৰ দাম, কেনেকৈ ব্যৱহাৰ কৰে আদি সকলো…

Weight loss: ওজন বৃদ্ধিয়ে আপোনাকো সমস্যাত পেলাইছে নেকি? তেন্তে চিন্তা নাই। মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে বজাৰলৈ আহি আছে নতুন ঔষধ। ই হ্ৰাস কৰিব শৰীৰৰ ওজন।

ওজন হ্ৰাস কৰাৰ বাবে আহিছে বিশেষ ঔষধ! জানক ইয়াৰ দাম, কেনেকৈ ব্যৱহাৰ কৰে আদি সকলো…
মেদবহুলতাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 Mar 2025 20:35 PM

ভাৰতত তীব্ৰগতিত বৃদ্ধি পাইছে ডায়েবেটিছ আৰু মেদবহুলতাৰ সংখ্যা। মেদবহুলতাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নজনে বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু ইয়াৰ পাছতো এই সমস্যা সমাধান নহয়।  এই সকলোবোৰৰ মাজতে আমেৰিকাৰ ফাৰ্মাচিউটিকেল কোম্পানী এলি লিলিয়ে মুকলি কৰিছে এক নতুন ঔষধ। এই ঔষধৰ নাম মঞ্জাৰো। এই ঔষধবিধ বেজীৰ দ্বাৰা দিয়া হয়।

কেনেকৈ কাম কৰে

এই ঔষধে শৰীৰৰ দুটা গুৰুত্বপূৰ্ণ হৰম’ন ক্ৰমে জিআইপি (গ্লুক’জ-নিৰ্ভৰশীল ইনচুলিন’ট্ৰপিক পেপটাইড) আৰু জিএলপি-১ (গ্লুকগন লাইক পেপটাইড-১) সক্ৰিয় কৰে। এই হৰম’নে শৰীৰত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ওজন হ্ৰাস কৰাত সহায় কৰে। বিশেষকৈ টাইপ-২ ডায়েবেটিছ আৰু মেদবহুলতাৰ চিকিৎসাত এই ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধৰ পৰীক্ষণৰ সময়ত দেখা গৈছে যে. ১৫ মিলিগ্ৰাম ড’জ গ্ৰহণ কৰা ৰোগীৰ গড়ে ২১.৮ কিলোগ্ৰাম ওজন কম হয়, আনহাতে ৫ মিলিগ্ৰাম ড’জ গ্ৰহণ কৰা ৰোগীৰ ১৫.৪ কিলোগ্ৰাম হ্ৰাস পায়।

দাম কিমান

বেজীৰ দৰে এই ঔষধ দিয়া হয় ।  এই ঔষধৰ ২.৫ মিলিগ্ৰামৰ দাম ৩৫০০ টকা। এই ঔষধেৰে চিকিৎসাৰ বাবে প্ৰতিমাহে ১৪ হাজাৰৰ পৰা ১৭,৫০০ টকা খৰচ হ’ব পাৰে। এই ঔষধৰ মাত্ৰা চিকিৎসকৰ পৰামৰ্শ অনুসৰি দিয়া হয়।

ভাৰতত মেদবহুলতা আৰু ডায়েবেটিছ

ভাৰতত মেদবহুলতাৰ সমস্যা দিনক দিনে বৃদ্ধি পাইছে। ভাৰতত ১০ কোটিৰে আধিক লোক মেদবহুলতাত আক্ৰান্ত। ইয়াৰ বাহিৰে ১০ কোটি লোক মেদবহুলতাৰ বাবে ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছে আৰু ইয়াৰে আধা সংখ্যক ৰোগীয়ে এতিয়াও উপযুক্ত চিকিৎসা লাভ কৰা নাই। মেদবহুলতাৰ ফলত কেৱল ডায়েবেটিছে নহয় অন্য ৰোগ যেনে হৃদৰোগ, উচ্চ ৰক্তচাপ, টোপনিৰ লগত জড়িত সমস্যা আদি হ’ব পাৰে।

এলি লিলি ইণ্ডিয়াৰ মুৰব্বী ভিনচেলো টাকাৰে কয় যে তেওঁলোকে ভাৰত চৰকাৰৰ আৰু স্বাস্থ্য সংস্থাসমূহৰ সৈতে মিলি এই ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ উন্নতিৰ বাবে কাম কৰিব।

শেহতীয়াকৈ ভাৰতত মেদবহুলতা হ্ৰাস কৰা ঔষধৰ চাহিদা বৃদ্ধি পাইছে। ২০২০ চনত মেদবহুলতা হ্ৰাসৰ বাবে ব্যৱহাৰ হোৱা প্ৰায় ১৩৭ কোটিৰ ঔষধ ভাৰতৰ বজাৰত আহিছিল। এই পৰিমাণ ২০২৪ চনত বৃদ্ধি হৈ হৈছেগৈ ৫৩৫ কোটি টকা। ২০২২ চনত ন’ভ’ নৰ্ডিক কোম্পানীয়ে চেমাগ্লুটাইড (Rybelsus) নামৰ এটা টেবলেট মুকলি কৰিছিল। এই টেবলেট যথেষ্ঠ পৰিমাণে বিক্ৰী হৈছিল। মেদবহুলতাৰ চিকাৰ লোকসকলে এই ঔষধ ব্যৱহাৰ কৰিছিল।

ভাৰতত কেতিয়া আহিব

বহু ভাৰতীয় ঔষধ কোম্পানীয়েও মেদবহুলতা হ্ৰাস কৰা ঔষধ মুকলি কৰিবলৈ সাজু হৈছে। মানকাইণ্ড এলকেম লেবছ, ডাঃ ৰেড্ডীজৰ দৰে কোম্পানীয়ে ২০২৫ চনত চেমাগ্লুটাইডৰ জেনেৰিক সংস্কৰণ মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। ইয়াৰ ফলত এই ঔষধৰ দাম আৰু অধিক হ্ৰাস পাব পাৰে।

বিশেষজ্ঞই কি কয়

বিশেষজ্ঞসকলৰ মতে ভাৰতত মেদবহুলতা আৰু ডায়েবেটিছৰ সৈতে মোকাবিলা কৰিবলৈ মঞ্জাৰো এক গুৰুত্বপূৰ্ণ বিকল্প হিচাপে প্ৰমাণিত হ’ব পাৰে। এই ঔষধৰ দ্বাৰা ৰোগীৰ ওজন কমি যোৱাই নহয়, তেওঁলোকৰ তেজৰ চেনিৰ মাত্ৰাও নিয়ন্ত্ৰিত হ’ব, যাৰ ফলত এই ৰোগৰ ফলত হোৱা অন্যান্য জটিলতাও ৰোধ হ’ব।