বৃদ্ধি নহয় ওজন! খাবলৈ আৰম্ভ কৰক এইসমূহ বস্তু, হৈ থাকিব সুস্থ…

আজিৰ সময়ত ওজন বৃদ্ধি হোৱা বহুতৰে সমস্যা। ওজন নিয়ন্ত্ৰণ কৰিবলৈ বহুতে বহু পন্থা অৱলম্বন কৰে। কিন্তু ব্ৰেকফাষ্টত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিলে ওজন নিয়ন্ত্ৰণত সহায় হয়।

বৃদ্ধি নহয় ওজন! খাবলৈ আৰম্ভ কৰক এইসমূহ বস্তু, হৈ থাকিব সুস্থ...

ওজন নিয়ন্ত্ৰণ

Published: 

06 Jan 2025 07:03 AM

ফিট বা সুস্থ হৈ থকা সকলো মানুহৰে কাম্য। কিন্তু ব্যস্ততা বঢ়াৰ বাবে মানুহৰ জীৱনত বহু প্ৰভাৱ পৰিছে। তাৰ ভিতৰত ওজন বৃদ্ধি এক ডাঙৰ সমস্যা। ওজন নিয়ন্ত্ৰণৰ বাবে বহুতে বহু পন্থ অৱলম্বন কৰে। কিছুমানে মগু খাই বা আন কিছুমানে বেলেগ কিবা খায়। কিন্তু গঁজালি ওলোৱা মগুৰ বাহিৰেও আন কিছুমান বস্তু আছে যাৰ পৰা আপুনি প্ৰচুৰ পৰিমাণে প্ৰ’টিন লাভ কৰাৰ লগতে ওজন নিয়ন্ত্ৰণত সহায় হয়।ওজন নিয়ন্ত্ৰণ আৰু পেশী শক্তিশালী কৰা অতি প্ৰয়োজনীয়। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি হয়। গতিকে মগুৰ বাহিৰে আপুনি এই আন বস্তুসমূহো খাব পাৰে।

স্বাস্থ্য ভালে ৰাখিবলৈ ব্ৰেকফাষ্ট খোৱা অতি উপকাৰী। গতিকে আপুনি গঁজালি ওলোৱা মগুৰ বাহিৰে তলত দিয়া খাদ্যসমূহ ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব পাৰে-

গঁজালি ওলোৱা বুট

মগুৰ বাহিৰেও আপুনি গঁজালি ওলোৱা বুট (ক’লা) পুৱাৰ সময়ত খাব পাৰে। ইয়াত প্ৰ’টিনৰ দৰে বহু পুষ্টিকৰ উপাদান থাকে। ইয়াৰোপৰি গঁজালি ওলোৱা বুটত আয়ৰন, ফাইবাৰ, পটছিয়াম আদিৰ দৰে পুষ্টিকৰ উপাদান থাকে। পুৱাৰ সময়ত আপুনি গঁজালি ওলোৱা বুটত অলপ নেমু ৰস আৰু নিমখ বা কলা নিমখ লৈ খাব পাৰে।

বগা দাইল বা লোবিয়া

প্ৰ’টিনৰ বাবে যদি মাহজাতীয় শস্যৰ গঁজালি খাব বিচাৰে তেন্তে লোবিয়া খাব পাৰে। এই দাইল নিৰামিষভোজীসকলৰ প্ৰ’টিনৰ বাবে উত্তম উপায়। গতিকে ব্ৰেকফাষ্টত এই দাইল খাব পাৰে। ইয়াত প্ৰ’টিন থকাৰ লগতে কম ফেট থাকে। গতিকে ওজন নিয়ন্ত্ৰণ কৰিব বিচৰা সকলে গঁজালি ওলোৱা লোবিয়া খাব পাৰে।

বাদাম

বহুতে প্ৰ’টিনৰ বাবে পিনাট বাটাৰ খায়। কিন্তু পিনাট বাটাৰ স্বাস্থ্যৰ বাবে ভাল নহয় আৰু ইয়াত আনহেলথী ফেট থাকে। যি শৰীৰৰ বাবে অপকাৰী। গতিকে আপুনি ডাইটত গঁজালি ওলোৱা বাদাম খাব পাৰে।

ডায়বেটিছ ৰোগীৰ বাবে

গঁজালি ওলোৱা বুট, মগু, লোবিয়া আৰু বাদাম উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে ক্ষতিকাৰক নহয়। কিন্তু ইয়াৰ বাহিৰেও উচ্চ ৰক্তচাপ বা ডায়েবেটিছ ৰোগীয়ে যদি খাদ্যত গঁজালি ওলোৱা মেথিৰ গুটি খাই তেন্তে ই উপকাৰী। ই ওজন নিয়ন্ত্ৰণত সহায় কৰে।

বাজৰা

শীতকালত গঁজালি ওলোৱা বাজৰা খাব পাৰে। এইবিধ গৰম শস্য আৰু ইয়াত প্ৰ’টিন, ফাইবাৰ আদিৰ দৰে পুষ্টিকৰ উপাদান থাকে। ইয়াৰ ফলত আন্ত্ৰিক স্বাস্থ্যও ভাল হয় আৰু ওজন কমাবলৈ সহায় কৰে। ইয়াৰ বাহিৰেও হাঁপানী ৰোগীৰ বাবে ই উপকাৰী।

ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...