সিজোৱা চাউলৰ পানীয়ে কম কৰিব পাৰে আপোনাৰ ওজন! জানক বিশেষজ্ঞই কি কয়…
Weight loss tips: আজিকালি মানুহৰ খাদ্য আৰু জীৱনশৈলীৰ বাবে বিভিন্ন ৰোগে দেখা দিয়ে। তাৰ ভিতৰত মেদবহুলতাও অন্যতম। বেছিভাগ মানুহে আজিৰ দিনত ওজন বৃদ্ধিৰ সমস্যাত ভোগা দেখা যায়।
খাদ্য আৰু অনিয়মিত জীৱনশৈলীৰ বাবে বহু মানুহে আজিকালি বিভিন্ন ৰোগত ভুগিবলগীয়া হয়। আজিৰ সময়ত প্ৰায়ভাগ মানুহে মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায়। মেদবহুলতাৰ বাবে উচ্চ ৰক্তচাপ, মধুমেহ আদিকে ধৰি বিভিন্ন ধৰণৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বহু সময়ত মানুহে ওজন কমাবলৈ বিভিন্ন পদ্ধতি গ্ৰহণ কৰে কিন্তু তাৰ পাছতো বিফল হয়। অতিৰিক্ত চৰ্বি বা ওজন হ্ৰাস কৰিবলৈ মানুহে জিম যোৱাৰ উপৰিও বিভিন্ন ধৰণৰ বস্তু খায়। কিন্তু ইয়াৰ পাছতো কিছুমানে ওজন হ্ৰাস কৰিব নোৱাৰে।
এনে পৰিস্থিতিত এই লেখাটোত কেইটামান ঘৰুৱা উপায়ৰ কথা উল্লেখ কৰিম যাৰ সহায়ত ওজন হ্ৰাস হোৱাত যথেষ্ঠ সহায় কৰে। বিশেষজ্ঞসকলৰ মতে এই উপায়সমূহ মেদবহুলতা হ্ৰাস কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।
সিজোৱা চাউলৰ পানী
ডায়টেশ্যিয়ন ডাঃ পৰমজিৎ কৌৰে কয় যে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে সিজোৱা চাউলৰ পানী অৰ্থাৎ ভাতৰ পানী খাব পাৰে। ই শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে। সহজ ভাষাত ইয়াক ভাতৰ মাৰ বুলি কোৱা হয়। ইয়াত বহু পৰিমাণে পুষ্টিকৰ উপাদান থাকে আৰু ই ৰোগৰ বাবে অত্যন্ত উপকাৰী। সিজোৱা চাউলৰ পানীৰ বহু গুণ আছে যাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি। সিজোৱা চাউলৰ পানীয়ে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰাৰ লগতে ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। ইয়াৰোপৰি ই মেদবহুলতাও কমাব পাৰে। ইয়াত থকা ফাইবাৰে হজম শক্তি ভাল কৰি ৰাখে আৰু পেটৰ লগত জড়িত বিভিন্ন সমস্যাৰ লগতে কোষ্ঠকাঠিন্য আদি সমস্যাৰ পৰা সকাহ দিয়ে।
কেতিয়া খাব
যদি আপুনি প্ৰতিদিনে সিজোৱা চাউলৰ পানী খাই তেন্তে আপোনাৰ ওজন লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। গতিকে অতিৰিক্ত চৰ্বি কমাবলৈ বা ওজন হ্ৰাস কৰিবলৈ সিজোৱা চাউলৰ পানী খাব পাৰে। সিজোৱা চাউলৰ পানীত অধিক পৰিমাণৰ কেলৰি থাকে। গতিকে এই পানী খালে শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি সহজেই কমি যায়।
আজিকালি প্ৰায় সকলোৱে প্ৰেচাৰ কুকাৰত ভাল ৰান্ধে। তেনে পৰিস্থিতিত আপুনি চাউলত অধিক পানী দি ভাতখিনি বনাই ল’ব। তাৰ পাছত সিজা ভাতখিনি এখন প্লেটত উলিয়াই ল’ব আৰু তাৰ পৰা পানীখিনি উলিয়াই ঠাণ্ডা কৰি খাব। এনে কৰিলে কম দিনৰ ভিতৰতে আপোনাৰ শৰীৰৰ ওজন হ্ৰাস পাব। অৱশ্যে আপোনাৰ যদি অন্য কোনো ৰোগ আছে তেন্তে কিবা সিদ্ধান্ত গ্ৰহণ কৰাৰ আগত এবাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
অন্য খবৰ পঢ়কঃ কেৱল ধঁপাত নহয়, অত্যাধিক চৰ্বি হ’ব পাৰে এই ৰোগৰ কাৰণ, জানক চিকিৎসকে কি কয়…