জিম নোযোৱাকৈ মহিলাসকলে কেনেকৈ ওজন নিয়ন্ত্ৰণত ৰাখিব ? জানক | weight loss tips for women at home in assamese Assam news - Assam Tv9

জিম নোযোৱাকৈ মহিলাসকলে কেনেকৈ ওজন নিয়ন্ত্ৰণত ৰাখিব ? জানক

সকলো পুৰুষ-মহিলাই ওজনৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজন । কিয়নো সুস্থ জীৱন-যাপন কৰিবলৈ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন হৈ পৰে । গতিকে ঘৰতে কি কি কাম কৰি আপুনি ওজন নিয়ন্ত্ৰণ কৰিব পাৰে এই প্ৰতিবেদনৰ জৰিয়তে জানক।

জিম নোযোৱাকৈ মহিলাসকলে কেনেকৈ ওজন নিয়ন্ত্ৰণত ৰাখিব ? জানক

ওজন নিয়ন্ত্ৰণ কৰাৰ উপায়

Updated On: 

22 Oct 2024 20:57 PM

শৰীৰৰ ওজন হ্ৰাস কৰাটো ইমান সহজ নহয় । বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ওজন হ্ৰাস কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বানৰ দৰেই চিহ্নিত হয় । মহিলাসকলে প্ৰায়ে জিম যোৱাৰ পৰা আঁতৰি থাকে বা দৈনন্দিন ব্যস্ততাৰ বাবে জিম যাবলৈ সময় নাপায় । যিসকল মহিলাই জিম যাবলৈ সময় নাপায়, তেওঁলোকে ঘৰতে কেইমান কামৰ অভ্যাসৰ জৰিয়তে ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰে ।

সকলো পুৰুষ-মহিলাই ওজনৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজন । কিয়নো সুস্থ জীৱন-যাপন কৰিবলৈ শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন হৈ পৰে । গতিকে ঘৰতে কি কি কাম কৰি আপুনি ওজন নিয়ন্ত্ৰণ কৰিব পাৰে এই প্ৰতিবেদনৰ জৰিয়তে জানক।

যদি আপুনি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে প্ৰথম কামটো হ’ল আপোনাৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিবলৈ অভ্য়াস কৰক । ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি খাদ্য খোৱাৰ পৰা আঁতৰত থাকিব । কেৱল সচেতন হ’ব যাতে আপুনি অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকে । খাদ্য খোৱাৰ ক্ষেত্ৰত সঠিক সময় নিৰ্ধাৰণ কৰক। আঁহ আৰু প্ৰটিন সমৃদ্ধ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰক।

ওজন কমোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল শাৰীৰিক পৰিশ্ৰম । যদি আপুনি অফিচত লিফ্ট ব্যৱহাৰ কৰে, তেন্তে লিফ্টৰ সলনি চিৰি ব্যৱহাৰ কৰক। ইয়াৰ ফলত যথেষ্ট পৰিমাণৰ কেলৰি জ্বলাব পাৰিব । ইয়াৰ বাহিৰেও আপুনি আপোনাৰ ঘৰৰ ছাদত খোজ কাঢ়িব পাৰে।

ওজন নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ খাদ্য সঠিকভাৱে হজম হোৱাটো অতি প্ৰয়োজনীয়। খাদ্য খোৱাৰ পিছত খোজ কঢ়াৰ অভ্য়াস কৰক । খোৱাৰ পাছত খোজ কঢ়াৰ অভ্যাসে খাদ্য হজম হোৱাত সহায় কৰে । বিশেষকৈ ৰাতি আহাৰ খোৱাৰ পিছত কিছু সময় খোজ কাঢ়িব লাগে।

জিম নোযোৱাকৈ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেন্তে আপুনি পুৱা সোনকালে উঠাৰ অভ্যাস কৰক । ইয়াৰ পাছত আধা ঘণ্টাৰ পৰা ১ ঘণ্টা শৰীৰ চৰ্চা কৰাৰ অভ্যাস কৰক । প্ৰাথমিক ব্যায়াম কৰাৰ পাছত যোগাসন কৰিব পাৰে । পুৱা শৰীৰ চৰ্চা কৰা সময়ত শৰীৰৰ পৰা ঘাম ওলাবলৈ দিব ।

যদি আপোনাৰ ঘৰত বাগিচা আছে তেন্তে প্ৰতিদিনে কিছু সময় বাগিচাখনত দিয়ক । ইয়াৰ ফলত আপোনাৰ সমগ্ৰ শৰীৰটো এটা ভাল ৱৰ্কআউট হয় আৰু মানসিকভাৱেও আপুনি অধিক সুখী আৰু সক্ৰিয় অনুভৱ কৰিব।

আনকি ঘৰুৱা সৰু সৰু কামবোৰো ওজন নিয়ন্ত্ৰণৰ বাবে অতি ফলপ্ৰসূ। বৰ্তমান সময়ত মেচিনৰ সলনি হাতেৰে কাপোৰ ধোৱা, বহি পিঠাগুৰি গুড়ি কৰা আদি কিছুমান কাম কৰি দৈনন্দিন কাম-কাজত সক্ৰিয় হৈ থাকিব পাৰে। এই কামবোৰে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰিব ।

ভোট জলকীয়াত কি কি স্বাস্থ্য উপকাৰী গুণ আছে জানেনে ?
Parineeti Chopra Birthday: আজি অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ জন্মদিন
ঐশ্বৰ্য ৰয় নহয়, এইগৰাকী যুৱতী আছিল ছলমান খানৰ প্ৰথম প্ৰেমিকা
প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...