ওজন হ্ৰাসৰ চেষ্টা চলাইছে নেকি? বিশেষজ্ঞই দিছে পৰামৰ্শ, নাখাব এইসমূহ ফল…
ওজন নিয়ন্ত্ৰণৰ বাবে বৰ্তমান সময়ত বহু লোক জিমলৈ যোৱাৰ লগতে ডায়েটিং অনুসৰণ কৰে। কিন্তু বহু সময়ত আশা কৰাৰ দৰে ফল নোপোৱাও পৰিলক্ষিত হয়। ওজন নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ স্বাস্থ্য বিশেষজ্ঞসকলে বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছে। বিশেষজ্ঞসকলৰ মতে, ওজন হ্ৰাসৰ চেষ্টাত আমি কিছুমান ফল অধিক পৰিমাণে গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে।

বৰ্তমান সময়ত অস্বাস্থ্যকৰ খাদ্যাভ্যাস তথা জীৱনশৈলীৰ বাবে অধিকাংশ লোকে বিভিন্ন শাৰীৰিক সমস্যাত ভোগা দেখা যায়। বহু লোকৰ বাবে এতিয়া ওজন বৃদ্ধি অতি চিন্তনীয় সমস্যা স্বৰূপ হৈ পৰিছে। ওজন বৃদ্ধিৰ এই সমস্যা সময়মতে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মেদবহুলতাৰ ৰূপ ল’ব পাৰে। মেদবহুলতাই কেৱল আত্মবিশ্বাস হ্ৰাস কৰাই নহয়, ডায়েবেটিছ আৰু ৰক্তচাপৰ সমস্যাও বৃদ্ধি কৰে। সেয়েহে ওজন নিয়ন্ত্ৰণৰ বাবে বৰ্তমান সময়ত বহু লোক জিমলৈ যোৱাৰ লগতে ডায়েটিং অনুসৰণ কৰে। কিন্তু বহু সময়ত আশা কৰাৰ দৰে ফল নোপোৱাও পৰিলক্ষিত হয়।
ওজন নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ স্বাস্থ্য বিশেষজ্ঞসকলে বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছে। এই সন্দৰ্ভত ডায়েটিচিয়ান মোহিনী ডৌংৰেও মতামত আগবঢ়াইছে। তেওঁ উল্লেখ কৰা মতে ওজন নিয়ন্ত্ৰণৰ চেষ্টা চলাই থকাৰ সময়ত বহু লোকে কিছুমান নাখাবলগীয়া ফল খায়। ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও কিছুমান ফলত প্ৰাকৃতিক চেনি আৰু কেলৰিৰ পৰিমাণ অধিক থাকে বাবে এই ফলসমূহ ওজন নিয়ন্ত্ৰণত বাধা হৈ পৰিব পাৰে।
গতিকে ওজন হ্ৰাসৰ চেষ্টাত আমি কেনেধৰণৰ ফল খাব নালাগে, সেই বিষয়ে বিশেষজ্ঞসকলে আগবঢ়োৱা মতামতৰ বিষয়ে জানো আহক-
কল
কলত কেলৰিৰ পৰিমাণ অত্যন্ত বেছি। সেয়ে ওজন নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছে যদি কল পৰাপক্ষত কমকৈ খাব লাগে। কল খোৱাৰ সলনি আপেল, কমলা আৰু অমিতা আদি খাব লাগে।
আম
আম সাধাৰণতেই বহু লোকৰ প্ৰিয় খাদ্য। কিন্তু আমত অধিক পৰিমাণে প্ৰাকৃতিক চেনি থাকে। এটা মধ্যমীয়া আকাৰৰ আমে প্ৰায় ১৫০ কেলৰি যোগান ধৰিব পাৰে। এনে পৰিস্থিতিত কম পৰিমাণেহে আম খাব লাগে।
আঙুৰ
আঙুৰ দেখাত সৰু যদিও ইয়াৰ গ্লাইচেমিক সূচকাংক অধিক। ১০০ গ্ৰাম আঙুৰত প্ৰায় ৭০ কেলৰি থাকে, সেয়ে ওজন নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদি আঙুৰ কম পৰিমাণে খাব লাগে।
চেৰী
চেৰীতো অধিক পৰিমাণে চেনি থাকে। যদি আপুনি ওজন নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাই আছে, অধিক পৰিমাণে চেৰী খালে আপোনাৰ এই চেষ্টাত বাধা আহিব পাৰে। তাৰ পৰিৱৰ্তে ষ্ট্ৰ’বেৰী বা ব্লুবেৰীৰ দৰে ফল-মূল অধিক উপকাৰী হ’ব পাৰে।
খেজুৰ
খেজুৰতো চেনি আৰু কেলৰি দুয়োটা প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি খেজুৰ অতিমাত্ৰা সেৱন কৰে তেন্তে ইয়াৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে। সেয়ে ওজন নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে যদি পৰাপক্ষত খেজুৰ অধিক খাব নালাগে।