Weight loss tips: ওজন হ্ৰাস কৰিব বিচাৰিছে যদি নাখাব এই ৫ বিধ বস্তু, দেখিব পৰিবৰ্তন…
Weight loss tips: মেদবহুলতা আজিৰ সময়ত এক ডাঙৰ সমস্যা। ইয়াৰ ফলত বিভিন্ন ৰোগ হ'ব পাৰে। যাৰ বাবে ওজন হ্ৰাস কৰা আৱশ্যক। এই ক্ষেত্ৰত আপুনি খাদ্যৰ তালিকাৰ পৰা কিছুমান বস্তু আঁতৰ কৰা ভাল।

ওজন হ্ৰাসৰ টিপচ
মেদবহুলতা বা ওজন বৃদ্ধি আজিৰ সময়ত বহুতৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিছে। যাৰ বাবে ওজন হ্ৰাস কৰিবলৈ বিভিন্নজনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। ওজন হ্ৰাস কৰিবলৈ কিছুমানে জিমলৈ যায় বা কিছুমানে ডায়েট কৰে। ওজন বৃদ্ধিৰ ফলত বহু নতুন ৰোগ হ’ব পাৰে, যাৰ ফলত ইয়াক নিয়ন্ত্ৰণ কৰা অতি আৱশ্যক। ইয়াৰোপৰি আপুনি কিছুমান বস্তু পৰিহাৰ কৰা উচিত যিয়ে আপোনাত এটা সুস্থ জীৱন জীয়াই থকাত সহায় কৰিব। মেদবহুলতালৈ পৰিণত হোৱাৰ আগতে বৃদ্ধি পোৱা ওজন কমাই দিলে আপুনি বহু ৰোগৰ পৰা আঁতৰি থাকিব।
বহু সময়ত মানুহে অভিযোগ কৰে যে তেওঁলোকৰ ওজন কম নহয়। আচলতে এদিন বা দুদিনত ইয়াক কমাব নোৱাৰি, ইয়াৰ ক্ষেত্ৰত ধৈৰ্য্য আৰু খাদ্যৰ ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজনীয়। যদি আপুনি ওজন কমাব বিচাৰে, তেন্তে কিছুমান খাদ্য এৰাই চলা ভাল। তলত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল।
চেনি কম খাব
যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে খাদ্যৰ পৰা চেনি হ্ৰাস কৰক। যদি আপুনি পেষ্ট্ৰি, কুকিজ, কেক আদি ভাল পাই তেন্তে এইবোৰৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। ইয়াৰোপৰি কেতিয়াবা মিঠাই খালেও সেয়া কম পৰিমাণে খাব লাগে।
তেল আৰু নিমখ কম
অত্যধিক তেল সেৱনে কেৱল চৰ্বি বৃদ্ধি কৰাই নহয় বহু ৰোগৰো সৃষ্টি কৰে। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে আৰু ওজন কমাব বিচাৰে তেন্তে তেলীয়া বস্তু খোৱা বন্ধ কৰক। বিশেষকৈ ফ্ৰেঞ্চ ফ্ৰাই, চিপচ আদিৰ দৰে ডিপ ফ্ৰাইড বস্তু কমকৈ খাব লাগে আৰু লগতে যিবোৰ বস্তুত নিমখ বেছি থাকে সেইবোৰো কমকৈ খাব লাগে।
ময়দা
যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আপোনাৰ খাদ্যৰ পৰা ময়দাৰে প্ৰস্তুত কৰা সামগ্ৰী আঁতৰ কৰক। ময়দাত ফাইবাৰ নাথাকে আৰু ইয়াত কাৰ্বছ বেছিকৈ থাকে। ইয়াক হজম কৰাটোও কঠিন আৰু ইয়াৰ গ্লাইচেমিক ইনডেক্স বেছি।
প্ৰডাক্টছ ফুড
সময়ৰ অভাৱৰ বাবে আজিকালি মানুহে পেকিং কৰা খাদ্য অধিক সেৱন কৰে। ইয়াৰোপৰি কিছুমান এনে খাদ্য আছে যাক মাত্ৰ ২-৩ মিনিটত প্ৰস্তুত কৰিব পাৰে। এনে খাদ্য মেদবহুলতা বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰ ক্ষতি কৰে।
চাহ-কফি কম
যদি আপোনাৰ দৈনন্দিন জীৱনত চাহ-কফি খোৱাৰ অভ্যাস আছে, তেন্তে ইয়াক এৰাই চলক। ইয়াৰ সলনি গ্ৰীণ টি, আদা, নেমু চাহ, জিৰা পানী, হালধী চাহ আদি খাওক।ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ওজন সোনকালে হ্ৰাস পায়। ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ওজন সোনকালে হ্ৰাস পায়।
কি গুৰুত্ব দিব
ফিট আৰু সুস্থ হৈ থাকিবলৈ আপুনি বেয়া অভ্যাসবোৰ ত্যাগ কৰা উচিত। নিশা দেৰিকৈ শুৱা, পুৱা দেৰিকৈ উঠা আজি অভ্যাসে ওজন বৃদ্ধি কৰিব পাৰে। প্ৰতিদিনে ভাল টোপনি যোৱা আৱশ্যক।যদি আপুনি মদ, ধূমপান আদি সেৱন কৰে তেন্তে এইবোৰো এৰি দিবলৈ চেষ্টা কৰক। দৈনন্দিন জীৱনত কমেও ৩০ মিনিট সময় উলিয়াই ৱৰ্কআউটৰ বাবে লওক। যদি এনে কৰিবলৈ সক্ষম নহয়, তেন্তে দিনটোত ১০,০০০ খোজ কাঢ়ক। ইয়াৰোপৰি খাদ্যৰ পৰা কেলৰি হ্ৰাস কৰি প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰক।