5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে এনেদৰে খাওক ব্লেক কফি, পাব সুফল…

আজিৰ সময়ত ওজন বৃদ্ধি এক ডাঙৰ সমস্যা। ব্যস্ত জীৱনৰ প্ৰভাৱ আমাৰ শীৰৰত যথেষ্ঠ পৰে। যাৰ ফলত এনে সমস্যাই দেখা দিয়ে। কিন্তু ওজন কম কৰিবলৈ আপুনি ঘৰতে কিছু পদ্ধতি অৱলম্বন কৰিব পাৰে।

ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে এনেদৰে খাওক ব্লেক কফি, পাব সুফল…
ব্লেক কফিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 02 Jan 2025 06:57 AM

আজিৰ সময়ত মেদবহুলতা বা ওজন বৃদ্ধি হোৱা এক ডাঙৰ সমস্যা। ওজন হ্ৰাস কৰিবলৈ খাদ্য আৰু ব্যায়ামৰ লগতে কিছুমান এনে কাম কৰিব লাগে যাৰ ফলত আপুনি উপকৃত হ’ব। ব্লেক কফিত কিছুমান বস্তু মিহলি কৰিলে ইয়াৰ আৰু অধিক উপকাৰিতা পোৱা যায়। ব্লেক কফিত থকা কেফিনে আপোনৰ হজম শক্তি উন্নত কৰাৰ লগতে অতিৰিক্ত চৰ্বি কম কৰাত সহায় কৰে। কিন্তু প্ৰতিদিনে ইযাক সেৱন কৰাৰ সময়ত কিছুমান সামগ্ৰী মিহলাব লাগে যাৰ ফলত ওজন হ্ৰাসত আৰু বেছি সহায় হয়।

এই সামগ্ৰীসমূহত কিছুমান এনে পুষ্টিকৰ উপাদান থাকে যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে। গতিকে যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰিছে আৰু প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰিব বিচাৰে, তেন্তে এই মছলাবোৰ আপোনাৰ ব্লেক কফিত মিহলি কৰি দিয়ক।

ডালচেনি

ব্লেক কফিৰ সৈতে ডালচেনি মিহলি কৰি খালে ওজন কমাত সহায় হয়। ডালচেনিত থকা পুষ্টিকৰ উপাদানে হজম শক্তি ভাল কৰাৰ লগতে শৰীৰৰ পৰা অতিৰিক্ত চৰ্বি কম কৰাত সহায় কৰে। গতিকে ওজন হ্ৰাস কৰিব বিচৰাসকলে ব্লেক কফিৰ লগত ডালচেনি খাব পাৰে।

আদ

আদা আমাৰ শৰীৰৰ বাবে ভাল। ই ওজন কম কৰাতো সহায় কৰে। বহুতে শীতকালত কাহ, চৰ্দি হ’লে আদা খাই আৰু ইয়াৰ ফলত নিৰাময় হোৱাও দেখা যায়। আদাত এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে পেটৰ চৰ্বি কমোৱাত সহায় কৰে। গতিকে আপোনাৰ ব্লেক কফিত সতেজ কুটি লোৱা আদা কিছু মিহলাই খাব ইয়ে আপোনাৰ ওজন হ্ৰাস কৰাত সহায় কৰিব ।

হালধি

হালধিত কাৰকুমিন থাকে, যিয়ে ওজন কমাবলৈ সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গতিকে ওজন কম কৰিব বিচৰাসকলে ব্লেক কফিত কেঁচা হালধি মিহলাই খাব পাৰে। নহ’লে ব্লেক কফিত হালধিৰ অলপ গুড়ি মিহলাই খালে ই ওজন হ্ৰাস কৰাত সহায় কৰে।

জালুক

জালুকো ওজন কম কৰাৰ বাবে সহায়ক হয়। জালুকত পাইপিন থাকে, যিয়ে চৰ্বি কমোৱাত সহায় কৰে। গতিকে ওজন কম কৰিবলৈ ব্লেক কফিত অলপ জালুকৰ গুড়ি মিহলাই পুৱা খালী পেটত সেৱন কৰিব লাগে। ইয়ে ওজন কম কৰাত যথেষ্ঠ সহায় কৰে।

কেনেকৈ কৰিব ব্যৱহাৰ

এই মছলাবোৰ ব্লেক কফিত মিহলাই পুৱা খালী পেটত খাব লাগে। দিনত এবাৰ বা দুবাৰ খালেও আপোনাৰ ওজন কম হোৱাত যথেষ্ঠ সহায় কৰিব। মনত ৰাখিব, ব্লেক কফিত চেনি বা ক্ৰীম ব্যৱহাৰ নকৰিব। ইয়াৰোপৰি কিছুমানৰ যদি কিবা ৰোগ আছে তেন্তে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

Latest News