ওজন কম কৰিবলৈ ভাত নে ৰুটি খোৱা ভাল? জানক কি কয় বিশেষজ্ঞই…

মানুহ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ দৰকাৰ। অত্যাধিক ব্যস্ত জীৱনৰ বাবে মানুহৰ খাদ্যৰ ৰুটিন সাল-সলনি হয়। ইয়াৰ প্ৰভাৱ মানুহৰ স্বাস্থ্যৰ ওপৰত পৰে। মেদবহুলতা বা ওজন বৃদ্ধি আজিকালি একাংশলোকৰ সমস্যা। এনে পৰিস্থিতিত প্ৰশ্ন থাকে যে, ওজন কম কৰিবলৈ ভাত নে ৰুটি খোৱা ভাল।

ওজন কম কৰিবলৈ ভাত নে ৰুটি খোৱা ভাল? জানক কি কয় বিশেষজ্ঞই...

ৰুটি আৰু ভাত

Published: 

22 Dec 2024 13:52 PM

ব্যস্ত জীৱনৰ প্ৰভাৱ মানুহৰ শৰীৰতো পৰে। সময়মতে খাদ্য গ্ৰহণ নকৰাৰ ফলত অন্য ৰোগৰ লগতে মেদবহুলতাৰ দৰে সমস্যাইও দেখা দিয়ে। বৃদ্ধি হোৱা ওজন নিয়ন্ত্ৰণ কৰিবলৈ মানুহে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰে। কিছুমানে জিম কৰাৰ লগতে খাদ্যৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখে। আনকি অত্যাধিক শকত নহ’বলৈ বা ওজন বৃদ্ধি নহ’বৰ বাবে বহুতে খাদ্য কমাই খায়। ওজন কমাবলৈ বিচৰা একাংশলোকৰ মনত প্ৰায়ে প্ৰশ্ন থাকে যে নিশাৰ আহাৰত ৰুটি নে ভাত খোৱা ভাল? ইয়াৰ উত্তৰ জনাৰ পূৰ্বে ইয়াৰ উপকাৰিতা জনা দৰকাৰ।

ৰুটিৰ উপকাৰিতা

ৰুটিত ফাইবাৰ, প্ৰটিন, ভিটামিন বি- কমপ্লেক্স, আইৰন আৰু জিংকৰ লগতে বহু পুষ্টিকৰ উপাদান থাকে। গতিকে ৰুটি খোৱা অধিক ফলপ্ৰসূ বুলি ক’ব পাৰি। কেৱল এয়াই নহয়, ৰুটিত ফাইবাৰ থাকে গতিকে ই ওজন কমোৱাত সহায় কৰে। ইয়াৰোপৰি যদি আপোনাৰ হৃদযন্ত্ৰ শক্তিশালী কৰিব বিচাৰে তেন্তে ৰুটি সেৱন কৰিব পাৰে।

ভাতৰ উপকাৰিতা

ভাতত প্ৰচুৰ পৰিমাণৰ প্ৰটিন, ভিটামিন বি কমপ্লেক্স, ফাইবাৰ আৰু কাৰ্বহাইড্ৰেট থাকে। গতিকে ভাতে আপোনাৰ শৰীৰত শক্তি বৃদ্ধি কৰাত যথেষ্ঠ সহায় কৰে। ইমানেই নহয়, ভাতত থকা পুষ্টিকৰ উপাদানে শৰীৰৰ পেশী মজবুত কৰাত সহায় কৰে। ইয়াৰ লগতে চাউলত গ্লুটেন নাথাকে। ইয়াত এন্টিঅক্সিডেন্টও থাকে যিয়ে শৰীৰক কোষৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

ওজন কম কৰিবলৈ কি খাব লাগে

যিসকলে ওজন কৰিব বিচাৰে তেওঁলোকক বিশেষজ্ঞই ৰুটি বা ব্ৰাউন ৰাইচ খাব দিয়ে। বিশেষজ্ঞৰ মতে, নিশাৰ আহাৰত ভাত  খালে আপোনাৰ আন্ত্ৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে নিশা ৰুটি খোৱা ভাল। ইয়াৰোপৰি যদি আপুনি ডায়বেটিছ ৰোগত আক্ৰান্ত তেন্তে চাউল বেছি খাব নালাগে কিয়নো ই তেজ ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে।

ডায়বেটিছ ৰোগীয়ে কম পৰিমাণে চাউল সেৱন কৰি তাৰ ঠাইত ফাইবাৰযুক্ত অন্য খাদ্য খাব লাগে। অৱশ্যে যিকোনো সিদ্ধান্ত লোৱাৰ আহত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ। আপুনি যদি ওজন কম বিচাৰিছে আৰু ডায়েট ফলো কৰিব বিচাৰিছে তেন্তে  চিকিৎসক বা অন্য বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

শীতকালত সুন্দৰ হৈ পৰিব আপোনাৰ ছাল, মন কৰক এইসমূহ দিশলৈ...
চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...