বহু চেষ্টাৰ পিছতো কমা নাই নেকি ওজন? পুৱাৰ এইসমূহ অভ্যাস এতিয়াই কৰক ত্যাগ
ওজন নিয়ন্ত্ৰণৰ বাবে বৰ্তমান সময়ত বহু লোকে খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি শাৰীৰিক কাৰ্যলৈকে বিভিন্ন দিশত যতন লোৱা দেখা যায়। কিন্তু পুৱাৰ কিছুমান অভ্যাসে দিনটোৰ এনে সকলো চেষ্টাকে ব্যৰ্থ কৰি তুলিব পাৰে। এইক্ষেত্ৰত আমি ত্যাগ কৰিবলগা পুৱাৰ কিছুমান অস্বাস্থ্যকৰ অভ্যাসৰ বিষয়ে জানো আহক।

এক সুস্থ, সবল আৰু নিৰোগী দেহৰ গৰাকী হোৱাৰ ইচ্ছা প্ৰতিজন লোকৰে থাকে। কিন্তু অধিকাংশ লোক বহুসময়ত নিজৰ অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ পৰা বঞ্চিত হয়। অস্বাস্থ্যকৰ জীৱনশৈলী এনে লোকৰ বাবে হৈ ওজন বৃদ্ধিৰ কাৰক। যদি আৰম্ভণিতেই কোনো ব্যক্তিয়ে বৰ্ধিত ওজন নিয়ন্ত্ৰণ নকৰে, তেতিয়া ব্যক্তিজন মেদবহুলতাৰ চিকাৰ হ’ব পাৰে। মেদবহুলতাৰ ফলত ব্যক্তিজনৰ দেহত নানা ৰোগে দেখা দিব পাৰে। সেয়ে প্ৰাৰম্ভিক অৱস্থাতে ওজন নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।
ওজন নিয়ন্ত্ৰণৰ বাবে বৰ্তমান সময়ত বহু লোকে খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি শাৰীৰিক কাৰ্যলৈকে বিভিন্ন দিশত যতন লোৱা দেখা যায়। কিন্তু পুৱাৰ কিছুমান অভ্যাসে দিনটোৰ এনে সকলো চেষ্টাকে ব্যৰ্থ কৰি তুলিব পাৰে। অৰ্থাৎ পুৱা আমি কৰা কিছুমান কামৰ বাবে আমি ওজন নিয়ন্ত্ৰণৰ বাবে কৰি থকা যত্নৰ কোনো ফল নধৰিবও পাৰে। এইক্ষেত্ৰত আমি ত্যাগ কৰিবলগা পুৱাৰ কিছুমান অস্বাস্থ্যকৰ অভ্যাসৰ বিষয়ে জানো আহক-
বহুলোকৰে নিশা পলমকৈ শুই পুৱা পলমকৈ উঠাৰ অভ্যাস আছে। ৰাতি দেৰিকৈ কাম কৰে আৰু ৰাতিপুৱা দেৰিকৈ সাৰ পায়। ৰাতি পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱা আৰু পুৱা বেছি সময় শুলে ওজন বৃদ্ধি পাব পাৰে। ভালদৰে টোপনি নাহিলে বিপাকীয় ক্ৰিয়া লেহেমীয়া হয়। ফলত খাদ্য হজম নহয়। ইয়াৰ ফলতো ওজন বৃদ্ধি পাব পাৰে।
পুৱা পলমকৈ শুই উঠাৰ ফলত বহু লোকে ব্ৰেকফাষ্ট নকৰাকৈয়ে থাকে। কিন্তু এই অভ্যাস অত্যন্ত ক্ষতিকাৰক। বিশেষজ্ঞসকলৰ মতে, সুস্থাস্থ্যৰ বাবে ব্ৰেকফাষ্ট অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়ে পুৱাৰ খাদ্য ভালদৰে খাব লাগে। ইয়াৰ দ্বাৰা পেট বহুসময়লৈ ভৰি থাকে আৰু অতিৰিক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব পাৰি।
ওজন নিয়ন্ত্ৰণত খাদ্যৰ প্ৰধান ভূমিকা আছে। ব্ৰেকফাষ্টত সেয়ে প্ৰটিন, কাৰ্বহাইড্ৰেট, খনিজ পদাৰ্থ, আৰু অন্যান্য পুষ্টিকৰ উপাদান সমৃদ্ধ সুষম খাদ্য গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। বহু লোকে কম পৰিমাণৰ পানী খোৱা পৰিলক্ষিত হয়। পানী কমকৈ খোৱাৰ ফলত শাৰীৰিক কাম-কাজত অসুবিধা হোৱাই নহয়, শৰীৰত বিষাক্ত পদাৰ্থ জমা হোৱাৰ ফলত ওজন বৃদ্ধিৰ সম্ভাৱনাও বৃদ্ধি পায়। সেয়ে দিনটোৰ লগতে পুৱাও নিৰ্দিষ্ট পৰিমাণৰ পানী খাব লাগে।
নিয়মিতভাৱে ব্যায়াম কৰাটো দেহৰ বাবে যথেষ্ট উপকাৰী। আনকি কমেও ১৫ মিনিট সময় খোজ কাঢ়িলেও আপোনাৰ শৰীৰটো সুস্থ হৈ থাকিব পাৰে। ব্যায়াম বা খোজ কঢ়াৰ অভাৱ ওজন বৃদ্ধিৰ অন্যতম কাৰণ হ’ব পাৰে। গতিকে পুৱা যিকোনো ধৰণৰ শাৰীৰিক ব্যায়াম যদি নকৰাকৈ আছে, সেই অভ্যাস ত্যাগ কৰক। জীম বা ব্যায়ামাগাৰলৈ নগ’লেও পুৱা কিছু সময়ৰ বাবে খোজ কাঢ়িব বা দৌৰিব লাগে।