প্লাষ্টিকৰ পাত্ৰত খাদ্য খালে শৰীৰত কি কি সমস্যা হ’ব পাৰে? চিকিৎসকৰ পৰা জানক সবিশেষ
আজিকালি আমাৰ জীৱনশৈলীৰ লগতে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন হৈছে। আগতে আমি ঘৰতে ৰন্ধা খাদ্য ভাল পাইছিলোঁ, কিন্তু আজিকালি হোটেল-ৰেস্তোঁৰাৰ খাদ্য বেছি ভাল পায়। যাৰ বাবে বিভিন্ন ৰোগৰ সন্মুখীন হৈছোঁ।

প্লাষ্টিকৰ পাত্ৰত খাদ্য খালে শৰীৰত কি কি সমস্যা হ'ব পাৰে?
আজিকালি প্ৰতিখন ঘৰতে প্লাষ্টিকৰ বাচন-বৰ্তন ব্যৱহাৰ কৰা হয়। চাহ খোৱাৰ পৰা আৰম্ভ কৰি আহাৰ গ্ৰহণ কৰালৈকে সকলো কামতে প্লাষ্টিকৰ বাচন ব্যৱহাৰ কৰা হয়। আনকি বজাৰত উপলব্ধ বহু খাদ্য সামগ্ৰীও প্লাষ্টিকত পেক কৰি আহে। মানুহে ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰি আছে। মানুহে বজাৰৰ পৰা প্লাষ্টিকৰ পাত্ৰত খাদ্য কিনিবলৈও পছন্দ কৰে। কিন্তু আপুনি জানেনে, প্লাষ্টিকত খাদ্য খালে আপোনাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে। প্লাষ্টিকে লাহে লাহে আমাৰ শৰীৰক বিষাক্ত কৰি তুলিছে। প্লাষ্টিকৰ বাচনত খোৱাৰ ফলত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কি কি উপায় অৱলম্বন কৰিব পাৰো জানো আহক।
প্লাষ্টিকৰ পৰা বিপজ্জনক ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়
প্লাষ্টিকত বহুতো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে, যেনে বিস্ফেনাল এ আৰু ফ্থৈলেট। যেতিয়া আপুনি গৰম খাদ্য প্লাষ্টিকৰ পাত্ৰত সংৰক্ষণ কৰে তেতিয়া এই ৰাসায়নিক পদাৰ্থবোৰ খাদ্যত মিহলি হ’ব পাৰে। এইবোৰে শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা সৃষ্টি কৰি হৃদৰোগ, কেন্সাৰ, মেদবহুলতা, ডায়েবেটিছ আদি বহুতো ৰোগক আমন্ত্ৰণ জনাব পাৰে।
কনজেষ্টিভ হাৰ্ট ফেইলাৰ হোৱাৰ আশংকা
জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ আনন্দ পাণ্ডেই কয় যে, প্লাষ্টিকৰ পাত্ৰত খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আজিকালি প্লাষ্টিকৰ বাচনৰ ব্যৱহাৰ ইমানেই বৃদ্ধি পাইছে যে মানুহে সহজে বজাৰত প্ৰস্তুত খাদ্য পেকেট কৰি নি খাইছে।
প্লাষ্টিকৰ পাত্ৰত বান্ধি নিয়া খাদ্য খালে কনজেষ্টিভ হাৰ্ট ফেইলাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শৰীৰৰ প্ৰয়োজন অনুযায়ী হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণৰ তেজ চলাচল কৰিব নোৱাৰিলে এই অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ ফলত সময়ৰ লগে লগে আপোনাৰ শৰীৰৰ আন অংশত তেজ জমা হ’ব পাৰে। বেছিভাগ তেজ আপোনাৰ হাওঁফাওঁ, ভৰি আৰু ভৰিৰ আঙুলিত জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত পিছলৈ হৃদযন্ত্ৰ বিকল হোৱাৰ আশংকা বৃদ্ধি হ’ব পাৰে।
কৰ্কট ৰোগৰ আশংকা
ইয়াৰ উপৰিও পেকেটত ভৰোৱা খাদ্যই কৰ্কটৰ দৰে মাৰাত্মক ৰোগকো আমন্ত্ৰণ জনায়। বিশেষজ্ঞসকলে কয় যে, প্লাষ্টিকত থকা কিছুমান ৰাসায়নিক পদাৰ্থই শৰীৰত প্ৰৱেশ কৰি দীৰ্ঘদিন ধৰি জমা হৈ থাকে আৰু ক্ৰমান্বয়ে কেন্সাৰৰ দৰে বিপজ্জনক ৰোগৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ প্লাষ্টিকৰ পেকেটত গৰম খাদ্য আনিলে এই বিপদ আৰু বৃদ্ধি পায়।
হৰম’নৰ ওপৰত বেয়া প্ৰভাৱ
প্লাষ্টিকৰ বিষাক্ত উপাদানে শৰীৰৰ হৰম’ন নষ্ট কৰিব পাৰে। ই পুৰুষ আৰু মহিলা উভয়কে আক্ৰান্ত কৰে। পুৰুষৰ শুক্ৰাণুৰ সংখ্যা কমি যাব পাৰে, যাৰ ফলত ভৱিষ্যতে সন্তান গৰ্ভধাৰণত সমস্যাৰ সৃষ্টি হ’ব পাৰে। মহিলাৰ মাহেকীয়াৰ লগত জড়িত সমস্যা হ’ব পাৰে।
পেটৰ সমস্যা
যদি আপুনি প্ৰতিদিনে প্লাষ্টিকৰ বাচনত খাদ্য খায়, তেন্তে লাহে লাহে ইয়াৰ সৰু সৰু কণাবোৰ শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আৰু পেটৰ বিষ আদি সমস্যা হ’ব পাৰে।
পৰিৱেশৰ বাবেও বিপদজনক
প্লাষ্টিক কেৱল আমাৰ স্বাস্থ্যৰ বাবেই নহয়, পৃথিৱীৰ বাবেও বিপদজনক। শ শ বছৰ ধৰি ই ধ্বংস নহয় আৰু মাটি আৰু পানী দূষিত কৰে। ইয়াৰ ফলত জীৱ-জন্তু আৰু সাগৰীয় জীৱ-জন্তুৰ ওপৰতো বেয়া প্ৰভাৱ পৰে।