শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পানী কম খালে ভুগিব ভয়ংকৰ সমস্যাত, গ্ৰীষ্মকালত কিমান পানী খাব লাগে জানক

দেশৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে গৰম। এই গ্ৰীষ্মকালত স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। শীতৰ তুলনাত আমি গ্ৰীষ্মকালত অধিক পানী খাব লাগে। চিকিৎসকে কৈছে যে গ্ৰীষ্মকালত কিমান পানী খোৱা উচিত।

পানী কম খালে ভুগিব ভয়ংকৰ সমস্যাত, গ্ৰীষ্মকালত কিমান পানী খাব লাগে জানক
পানী কম খালে ভুগিব ভয়ংকৰ সমস্যাত
barasha-misra
Barasha Misra | Published: 27 Mar 2025 13:55 PM

গ্ৰীষ্মকালত খোৱাপানীৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। শৰীৰত পানীৰ অভাৱত বহু ৰোগৰ আশংকা বৃদ্ধি হয়। গ্ৰীষ্মকালত কিমান পানী খাব লাগে? কম পানী খোৱাৰ ফলত কি কি, বিশেষজ্ঞৰ পৰা এই কথা জানি লওক। দিল্লীৰ আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ সুভাষ গিৰীয়ে কয়, এই গ্ৰীষ্মকালত এজন ব্যক্তিয়ে কমেও ২ লিটাৰ পানী খাব লাগে। অফিচত বহি কাম কৰিলেও শৰীৰত যথেষ্ঠ পানীৰ প্ৰয়োজন। যদি আপুনি দৈনিক ব্যায়াম কৰে বা এজন খেলুৱৈ তেন্তে ইয়াতকৈ বেছি পানী খোৱা উচিত।

ডাঃ সুভাষে কয় যে, এজন স্বাভাৱিক ব্যক্তিয়ে গ্ৰীষ্মকালত কমেও ৮-১০ গিলাচ পানী খাব লাগে। গৰ্ভৱতী মহিলাসকলে কমেও ১০-১২ গিলাচ পানী খাব লাগে। গৰ্ভৱতী মহিলাৰ বাবে পানী অতি প্ৰয়োজনীয়। ইয়াৰ অভাৱে মাতৃ আৰু শিশু দুয়োটাকে বিপদত পেলাব পাৰে।

কম পানী খোৱাৰ বিপদ কি?

পানী কমকৈ খালে ডিহাইড্ৰেচন হ’ব পাৰে। পানী কমকৈ খালে পাথৰ, হৃদৰোগৰ সমস্যা, পাচনতন্ত্ৰৰ সমস্যা, কোষ্ঠকাঠিন্য বা পেটৰ বিষ হ’ব পাৰে। পানীৰ অভাৱত গ্ৰীষ্মকালত ডিহাইড্ৰেচন হোৱাৰ আশংকা সৰ্বাধিক। ডিহাইড্ৰেচনৰ ফলত বমি আৰু ডায়েৰিয়া হয়, যিটো বিপদজনক হ’ব পাৰে। এনে পৰিস্থিতিত এই বতৰত খোৱাপানীৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজন। বাহিৰলৈ ওলাই গ’লেও এক লিটাৰৰ বটল এটা লগত ৰাখক আৰু তাৰ পৰা পানী খাই থাকিব। এই বিষয়ত অসাৱধান নহ’ব।

শৰীৰৰ বাবে পানী কিয় গুৰুত্বপূৰ্ণ

পানী অবিহনে প্ৰাণী জীয়াই থাকিব নোৱাৰে। পানীয়ে লেতেৰা পদাৰ্থ আঁতৰাই পেলায়। ই শৰীৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। বৃক্কৰ কাৰ্য্যক্ষমতাৰ বাবে পানী অতি প্ৰয়োজনীয়। ই শৰীৰৰ পাচনতন্ত্ৰত সহায় কৰে আৰু খাদ্য হজম কৰাত সহায় কৰে। পানীয়ে কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰাত সহায় কৰে আৰু মলত্যাগ স্বাভাৱিক কৰি ৰাখে।