5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰকৃত বৰদিনৰ গছ কোনজোপা আৰু ইয়াক ক’ত পোৱা যায়? জানক বৰদিনৰ বিষয়ে সবিশেষ

২৫ ডিচেম্বৰত খ্ৰীষ্টমাছ উপলক্ষে বৰদিনৰ গছজোপা সজাই তোলাৰ পৰম্পৰা আছে। বৰদিনৰ গছজোপা সজাবলৈ ৰঙীন লাইট, উপহাৰ, ৰিবন, আৰু বহুতো বস্তু ব্যৱহাৰ কৰা হয়। কিন্তু বেছিভাগ ঠাইতে এই গছবোৰ কৃত্ৰিম। এই গছজোপাক কি বুলি কোৱা হয় আৰু ক'ত পোৱা যায় জানো আহক...

প্ৰকৃত বৰদিনৰ গছ কোনজোপা আৰু ইয়াক ক’ত পোৱা যায়? জানক বৰদিনৰ বিষয়ে সবিশেষ
প্ৰকৃত বৰদিনৰ গছ কোনজোপা আৰু ইয়াক ক’ত পোৱা যায়?
barasha-misra
Barasha Misra | Updated On: 24 Dec 2024 15:58 PM

খ্ৰীষ্টান ধৰ্মৰ লোকৰ বাবে বৰদিনৰ দিনটো এটা ডাঙৰ দিন। এই দিনটো যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰা হয়। এই দিনটোত মানুহে প্ৰাৰ্থনা কৰিবলৈ গীৰ্জালৈ যায়। খ্ৰীষ্টান লোকসকলে এই দিনটো ধুমধামেৰে আৰু উৎসাহেৰে উদযাপন কৰে। আজিৰ দিনটোত চান্টাক্লজ আৰু খ্ৰীষ্টমাছ গছক এই দিনটোৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়। বৰদিনৰ দিনা শিশুক উপহাৰ দিয়ে চান্টাক্লজে। বৰদিনৰ দিনা মানুহে একগোট হৈ পাৰ্টি কৰে আৰু লগতে নিজৰ ঘৰ সজাই তোলে।

ঘৰটো সজাবলৈ মানুহে বৰদিনৰ গছ ৰোপণ কৰে আৰু উপহাৰ, লাইট আৰু কপাহ বৰফ বনাই অতি ভালকৈ সজাই তোলে। লগতে চান্টাক্লজ আৰু খ্ৰীষ্টমাছ ট্ৰিৰ ষ্টীকাৰ লগাই বহু ধৰণে সজোৱা হয়। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ হ’ল বৰদিনৰ গছজোপা। কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু শ্বপিং ম’লতো বৰদিনৰ গছ সজোৱা হয়।

আপুনি নিশ্চয় লক্ষ্য কৰিছে যে,প্ৰায় বিভিন্ন স্থানত কৃত্ৰিম বৰদিনৰ গছ ৰোপণ কৰা হয় আৰু এই গছজোপা দেখিবলৈ একে হয়। গতিকে সকলোৰে এই গছজোপাৰ বিষয়ে জানিবলৈ বহুতৰে হেঁপাহ থাকে। আজি আমি আপোনালোকক জনাম বৰদিনৰ গছজোপাৰ লগত জড়িত বিশেষ কথা, এই গছ কি আৰু ক’ত পোৱা যায়।

বৰদিনৰ গছ

প্ৰকৃত বৰদিনৰ গছ ‘ফিৰ’ প্ৰজাতিৰ, যিটো মূলতঃ শীতল আৰু নাতিশীতোষ্ণ অঞ্চলত অৰ্থাৎ বতৰ বেছি গৰম বা বেছি ঠাণ্ডা নহয় তেনে ঠাইত গজে। ইয়াক খ্ৰীষ্টমাছ গছ বা গছ বুলি জনা যায়। অসমীয়াত পাইন গছ বুলি কোৱা হয়। ডগলাছ ফিৰ, ভাৰ্জিনিয়া পাইন, ফ্ৰেজাৰ ফিৰ, বালছাম ফিৰ, ক’লৰাডো স্প্ৰুচ আৰু নৰৱে স্প্ৰুচ যথেষ্ট বিখ্যাত। বৰদিনৰ সজ্জাৰ বাবে ‘নৰ্ৱেজিয়ান ফিৰ’, ‘ব্লু স্প্ৰুচ’, ‘বালছাম ফিৰ’ আদি ব্যৱহাৰ কৰা হয়।

ক’ত পোৱা যায়?

বৰদিনৰ গছৰ বাবে স্প্ৰুচ, পাইন আৰু দেৱদাৰু আদি চিৰসেউজ গছ ব্যৱহাৰ কৰা হয়। এই গছবোৰ ঠাণ্ডা অঞ্চলত পোৱা যায়। এই গছবোৰ বেছিকৈ হিমালয় অঞ্চলত পোৱা যায়। হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰত চিৰসেউজ দেৱদাৰু গছ পোৱা যায়। ইয়াৰ উপৰিও শিমলা, ডালহাউজি, ডেৰাডুনৰ চক্ৰতাত পোৱা যায় ইয়াৰ উপৰিও কানাডা আৰু আমেৰিকাৰ দৰে ঠাণ্ডা ঠাইত বালচম ফিৰ আৰু অন্যান্য প্ৰকাৰৰ ফিৰ গছ গজে।

Latest News