History of Christmas Trees: বৰদিনত সজোৱা গছজোপাৰ ৰহস্য জানেনে? কিয় ইমান বিশেষ এই গছজোপা?
বৰদিনখ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। প্ৰতি বছৰে ২৫ ডিচেম্বৰত সমগ্ৰ বিশ্বতে বৰদিনৰ উৎসৱ পালন কৰা হয়। এই দিনটোত প্ৰভু যীশুখ্ৰীষ্টৰ জন্মদিন শ্ৰদ্ধা আৰু সম্প্ৰীতিৰে পালন কৰা হয়।
Christmas Day 2024: ২৫ ডিচেম্বৰত পালন কৰা বৰদিন প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰতীক। এই দিনটো যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰা হয়। কিন্তু সময়ৰ লগে লগে এই উৎসৱ সকলো ধৰ্ম আৰু শ্ৰেণীৰ লোকে পালন কৰিবলৈ আগবাঢ়ি আহিছে। কেক, উপহাৰৰ লগতে বৰদিন উদযাপনত ব্যৱহাৰ কৰা গছৰ বিশেষ গুৰুত্ব আছে। খ্ৰীষ্টমাছ গছজোপা ৰঙীন পোহৰ আৰু আলোকসজ্জাৰে সজাই তোলা হয়। এই গছজোপা জীৱনৰ ধাৰাবাহিকতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বৰদিনৰ সময়ত গৃহ সাজ সজ্জাৰ বাবে এক দৰকাৰী আৰু গুৰুত্বপূৰ্ণ অংগ হৈছে খ্ৰীষ্টমাছ গছজোপা৷ বৰদিনৰ গছজোপা সজাই তোলা পৰম্পৰাৰ এক অতি পুৰণি, ইয়াৰ আছে ইতিহাস। কোৱা হয় যে,জাৰ্মানীৰ পৰাই আৰম্ভ হৈছিল এই গছজোপা সজোৱাৰ পৰম্পৰা। পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে বৰদিনৰ সময়ত গছজোপাৰ চাৰিওফালে গোট খায়, উপহাৰ বিনিময় কৰে আৰু ইজনে সিজনৰ লগত সময় কটায়। বৰদিনৰ গছজোপাক কিয় ইমান গুৰুত্ব দিয়া হয় জানেনে? বৰদিনৰ গছৰ ইতিহাসৰ বিষয়ে জানো আহক।
বৰদিন গছৰ ইতিহাস
বৰদিন গছৰ উৎপত্তিৰ আঁৰত বহুতো প্ৰবাদ চলি আহিছে। এই বিখ্যাত কাহিনীবোৰৰ ভিতৰত এটা ষোড়শ শতিকাৰ খ্ৰীষ্টান সংস্কাৰক মাৰ্টিন লুথাৰৰ সৈতে জড়িত। কোৱা হয় যে, এবাৰ মাৰ্টিন লুথাৰে বৰফৰ অৰণ্যৰ মাজেৰে খোজ কাঢ়ি গৈ থাকোঁতে এজোপা চিৰসেউজ গছ দেখিছিল, যাৰ ডালবোৰ জোনৰ পোহৰত জিলিকি আছিল। এই দৃশ্যৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ নিজৰ ঘৰত এজোপা চিৰসেউজ গছ ৰোপণ কৰি তাৰ ওচৰত মমবাতি ৰাখিলে। লাহে লাহে যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে এই গছজোপা সজাই তোলাৰ পৰম্পৰা আৰম্ভ হ’ল আৰু ই বৰদিনৰ গছলৈ পৰিণত হ’ল। অমৰ আৰু অনন্ত জীৱনৰ প্ৰতীক হিচাপে এজোপা চিৰসেউজ গছ, যিদাল গছ বৰদিন উদযাপনৰ এক প্ৰধান অংশ বিশেষ হিচাপে ব্যৱহাৰ কৰাটো প্ৰাচীন মিচৰীয়াসকলৰ সময়ৰ পৰা আৰম্ভ হোৱা বুলি প্ৰবাদ চলি আহি আছে। তদুপৰি চীনা আৰু ইব্ৰীসকলৰ বাবে এই গছজোপাৰ স্থাপন এক প্ৰথাৰ দৰে আছিল। ইতিহাসৰ তথ্য অনুসৰি ইউৰোপীয়সকল যথেষ্ট প্ৰকৃতি প্ৰেমিক আছিল তেওঁলোকৰ মাজত পূৰ্বৰে পৰা বৃক্ষ পূজা প্ৰচলিত আছিল।
বৰদিন কেনৈকৈ আৰম্ভ হ’ল?
ইংৰাজী শব্দ খ্ৰীষ্টমাছ হৈছে ‘খ্ৰীষ্টৰ মাছ’ (মাছ মানে উৎসৱ) ৰ সংক্ষিপ্ত ৰূপ। ১০৩৮ চনত এই শব্দটো ক্ৰীষ্টেছমেছ আৰু ১১৩১ চনত ক্ৰীষ্টেছ-মেছ বুলি লিপিবদ্ধ হিচাপে পোৱা গৈছে।[6] Crīstৰ (মূল শব্দ Crīstes) গ্ৰীক ৰূপ Khrīstos (Χριστός)ৰ হিব্ৰু ভাষাৰ Māšîaḥ (מָשִׁיחַ), ‘মচীহা’ৰ অনুবাদ আৰু mæsse লেটিন missa, খ্ৰীষ্টীয় উদযাপনৰ অনুবাদ।
২২ ডিচেম্বৰৰ মকৰ সংক্ৰান্তিৰ পিছত উত্তৰ গোলাৰ্ধত দিন ক্ৰমাৎ দিন দীঘল বা বৰ হবলৈ আৰম্ভ হয়। আকৌ খ্ৰীষ্টানসকলৰ বাবে যীশুৰ জন্মদিনক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়, গতিকে এই দিনটোক বৰদিন বুলি কোৱা হয়। ইংৰাজৰ শাসনকালত ইংৰাজে এই দিনটোক বিশেষ কৰি তুলিবলৈ হিন্দীত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। ভাৰতীয়সকলে এই দিনটোক গুৰুত্ব দি বিশেষ দিন বুলি গণ্য কৰাৰ উদ্দেশ্যে ইংৰাজে এই উৎসৱক ভাৰতীয় ভাষাত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। সেই বড়াদিন অসমীয়াত বৰদিনলৈ হ’ল।
(অস্বীকাৰ: এই লেখাটো লোকবিশ্বাসৰ ওপৰত আধাৰিত। এই লেখাত অন্তৰ্ভুক্ত তথ্য আৰু তথ্যৰ সঠিকতা আৰু সম্পূৰ্ণতাৰ বাবে TV9 Assam দায়বদ্ধ নহয়।)