Tirupati Temple: তিৰুপতি মন্দিৰ দৰ্শনৰ সঠিক সময় কি? জানক সবিশেষ

Tirupati Mandir: তিৰুপতি মন্দিৰ অন্ধ্ৰ প্ৰদেশৰ পাৰ্বত্যাঞ্চলত অৱস্থিত ভগৱান হিন্দু দেৱতা ভেংকটেশ্বৰৰ আবাসভূমি। প্ৰতি বছৰে ইয়ালৈ লাখ লাখ ভক্ত দৰ্শনৰ বাবে আহে। যদি আপুনিও তিৰুপতি দৰ্শনৰ বাবে গৈ আছে, তেন্তে সঠিক সময়ৰ বিষয়ে জনাটো জৰুৰী।

Tirupati Temple: তিৰুপতি মন্দিৰ দৰ্শনৰ সঠিক সময় কি? জানক সবিশেষ

তিৰুপতি মন্দিৰ দৰ্শনৰ সঠিক সময় কি?

Updated On: 

09 Jan 2025 16:36 PM

Tirupati Temple: দক্ষিণ ভাৰতত অৱস্থিত তিৰুপতি হিন্দুসকলৰ প্ৰধান তীৰ্থস্থান। ইয়াত ভগৱান ভেংকটেশ্বৰ স্বামীৰ মন্দিৰ আছে, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ দৰ্শন কৰিবলৈ বহু ভক্ত আহে।

তিৰুপতিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমত, প্ৰায় ৭৫০ মিটাৰ উচ্চতাত হিন্দুসকলৰ পবিত্ৰ পাহাৰ তিৰুমালা অৱস্থিত। এই পাহাৰক ইমান পবিত্ৰ বুলি গণ্য কৰা হৈছিল যে ১৮৭০ চনৰ আগলৈকে তালৈ হিন্দুসকলকৰ বাহিৰে আনক যাবলৈকে দিয়া হোৱা নাছিল। তিৰুমালা পাহাৰৰ শৃংগতে আছে বৈশিষ্টমণ্ডিত দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত ভেংকটেশ্বৰ মন্দিৰ। ভেংকটেশ্বৰ বা ভেংকটেশ্বৰ স্বামী মন্দিৰ আৰু তাৰ বিস্তীৰ্ণ চোতাল দৰ্শনাৰ্থী আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী। এই মন্দিৰটোক কেন্দ্ৰ কৰিয়ে প্ৰায় ৪ বৰ্গকিলোমিটাৰ এলেকাজুৰি গঢ়ি উঠিছে এখন সৰু নগৰ। বৰ্তমান এই মন্দিৰত প্ৰায় ১৩০০০ কৰ্মী কৰ্মৰত হৈ আছে।

তিৰুপতি মন্দিৰৰ আখ্যান

পৌৰাণিক আখ্যানমতে ভগৱান ভেংকটেশ্বৰে বিয়াৰ সময়ত কুবেৰৰপৰা বহু টকা ধাৰ কৰিছিল। সেই ধাৰ আজিও পৰিশোধ নোহোৱাত ভক্তসকলেই প্ৰণামিৰ ৰূপত ধন দিয়ে। অতীতৰ ৰজা-মহাৰজাৰ দান-বৰঙণিৰে তিৰুপতি মন্দিৰ ভাৰতৰ (সম্ভৱতঃ বিশ্বৰে) আটাইতকৈ সম্পদশালী দেৱ মন্দিৰ। মন্দিৰটোৰ বাৰ্ষিক আয় পাঁচ কোটি টকাৰো অধিক। মন্দিৰৰ উপাৰ্জিত ধনেৰে নানান সেৱামূলক আৰু শিক্ষামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়।

এই মন্দিৰৰ দৰ্শন কৰিবলৈ প্ৰতিদিনে লাখ লাখ ভক্তৰ সমাগম হয়। কেতিয়াবা ভিৰৰ বাবে অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হয়। এনে পৰিস্থিতিত তেনে ঘটনাৰ পৰা হাত সাৰিবলৈ কোনটো সময়ত তিৰুপতি মন্দিৰ দৰ্শন কৰাটো উত্তম সেয়া জনা উচিত। যদি আপুনি ভগৱান ভেংকটেশ্বৰক দৰ্শন কৰিবলৈ গৈ আছে, তেন্তে এই খবৰ আপোনাৰ বাবে।

কেতিয়া যাব?

তিৰুপতিলৈ মাহৰ দ্বিতীয় আৰু চতুৰ্থ সপ্তাহত যাব লাগে। মাহৰ প্ৰথম আৰু তৃতীয় সপ্তাহত ভিৰ বেছি হয়। এই সময়ছোৱাত তিৰুপতিৰ সমীপৰ ঠাইৰ পৰা অহা লোকৰ সংখ্যা বৃদ্ধি পায়।

যদি দিনৰ হিচাপত কোৱা হয়, তেন্তে শনিবাৰ আৰু দেওবাৰে তিৰুপতিত যথেষ্ঠ ভিৰ হয়। ইয়াৰ উপৰিও আপুনি সোমবাৰৰ পৰা বৃহস্পতিবাৰৰ ভিতৰত মন্দিৰটো দৰ্শন কৰাৰ পৰিকল্পনা কৰিব পাৰে বিশেষকৈ সোমবাৰ আৰু বুধবাৰে মানুহৰ সংখ্যা কম।

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?