5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Magh Bihu 2025: মাঘ বিহুত কিয় মেজি জ্বলোৱা হয়? মেজিৰ তাৎপৰ্য আৰু জ্বলোৱাৰ সময়ত পালন কৰিবলগীয়া নিয়মৰ বিষয়ে জানক

অসমীয়া ৰাইজে মাঘ বিহুৰ দিনা কাহিলীপুৱাতেই মেজিত অগ্নিসংযাগ কৰে ৷ তামোল-পাণ, মাহজাতীয় শস্য, চাউল, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতাক সেৱা জনোৱা হয়। মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে প্ৰতিজন অসমীয়াই।

Magh Bihu 2025: মাঘ বিহুত কিয় মেজি জ্বলোৱা হয়? মেজিৰ তাৎপৰ্য আৰু জ্বলোৱাৰ সময়ত পালন কৰিবলগীয়া নিয়মৰ বিষয়ে জানক
মাঘ বিহুত কিয় মেজি জ্বলোৱা হয়?
barasha-misra
Barasha Misra | Updated On: 17 Dec 2024 11:05 AM

সমাগত ভোগালী বিহু। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল বস্তু হৈছে মেজি পোৰা। মেজিৰ তলত আশীৰ্বাদ ল’লে ব্যক্তিৰ মনৰ আকাংক্ষা পূৰণ হয় বুলি জনবিশ্বাস আছে।

মেজি কি?

মেজি হৈছে মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দ’ম। বহু ঠাইত এনে মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়। মাঘ বিহুৰ উৰুকাৰ নিশা মেজি জ্বলাই ভেলাঘৰত ভোজ ভাত খাই আনন্দ কৰে আৰু পিছদিনা বৰ মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰাৰ ৰীতি প্ৰচলিত আছে। ইয়াৰ পৰা বিভিন্ন অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়।

অগ্নি প্ৰজ্বলিত বন্দে চতুৰ্বেদং হুতাশনম।।
সুবৰ্ণ বৰ্ণমমলং জ্যোতিৰুপায়তে নমঃ।।

মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা। মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ “মিডি-য়ে-জি”ৰ (মিডি=দেৱতা/পূৰ্বপুৰুষ, য়ে=জুই, জি=উৰি যোৱা) পৰা সৃষ্টি হৈছিল। আনহাতে “উৰুকা” শব্দটো চুতীয়া ভাষাৰ “উৰুকুবা”ৰ(অৰ্থ=শেষ হোৱা) পৰা অহা বুলি জনা যায় কাৰণ পুহ মাহৰ এই অন্তিম দিনটোতে শস্য চপোৱাই শেষ হয়।

মেজিৰ পৰম্পৰা আৰু তাৎপৰ্য

মাঘ বিহু ইংৰাজী বছৰৰ লেখেৰে বছৰৰ প্ৰথম আৰু অসমীয়া মাহৰ লেখেৰে বছৰৰ শেষ বিহু। চহা কৃষকৰ গভীৰ আশা আৰু প্ৰত্যয়ৰ লগতে প্ৰয়োজনৰ ভাতমুঠি যেতিয়া পথাৰৰ পৰা ভঁৰাললৈ আহে, তেতিয়াই তেওঁলোকৰ মনত সীমাহীন আনন্দই বিৰাজ কৰে। আশা কৰা বস্তুটো হাতলৈ অহাৰ আনন্দৰ পৰিণতিৰ ফলস্বৰূপেই এই বিহুৰ আয়োজন। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰা এই বিহুৰ আন এটা নাম- ভোগালী বিহু। সম্ভৱত: আকালৰ অৱসান ঘটাই আৰু ভোগৰ দিনত অহাৰ বাবেই পৰৱতী সময়ত এই উৎসৱক ‘ভোগালী বিহু’ নামেৰে নামকৰণ কৰা হৈছিল। মুলত: চহা কৃষকে আশা কৰা মতে ধান মুঠি নিজৰ হাতলৈ অহাৰ আনন্দ আৰু শীতক বিদায় দিয়াৰ উদেশ্যই এই বিহু পালন কৰা হয়। পোৱাৰ আনন্দ আৰু শীতক বিদায় দিয়াৰ বাবে পালন কৰা এই উৎসৱটোৰ উৎস সৰ্ম্পকে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত যদিও ইয়াত অনাৰ্যৰ অৱদান সকলোতকৈ বেছি। চীনৰ তিব্বতীয়-বৰ্মীয় লোক সকলে লচাৰ নামৰ এটা উৎসৱ পালন কৰে য’ত মেজি জ্বলোৱা হয়। বৌদ্ধ ধৰ্মৰ তাই লোক সকলে মকৰ সংক্ৰান্তিৰ দিনা বুদ্ধৰ নামত মেজি সাজি জ্বলাই। লোক বিশ্বাসৰ মতে এই দিনটোতে বুদ্ধদেৱে নিজৰ মৃত্যুৰ আগজাননী দিছিল। সেইবাবে মাঘ বিহুৰ পাছৰ পুৰ্ণিমাত মেজি সাজি, ভোজভাত খাই এই উৎসৱ পালন কৰিছিল বুলি জনা যায়।

মাঘ বিহুত মেজি সজাৰ নিয়ম আৰু পৰম্পৰা ঠাইবিশেষে বেলেগ বেলেগ। উজনি অসমত আৰু মধ্য অসমৰ কোনো কোনো ঠাইত বাঁহ আৰু কাঠ খৰিৰে মেজি সজা হয় যদিও গুৱাহাটীকে ধৰি নামনি অসম আৰু মধ্য অসমৰ কিছু অঞ্চলত শুকান কলপাত আৰু খেৰ-নৰা বা বিৰিণা আদিৰে মেজি সাজি জ্বলোৱা নিয়ম আছে।

কোনো কোনো অঞ্চলত কেৱল শুকান কলপাতেৰে অথবা নৰাৰে মেজি প্ৰস্তুত কৰে। প্ৰথমে গোটা বাঁহ পুতি লৈ তাক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে বাহঁৰ কামিৰে, দৌল আকৃতিৰ এটা জঁকা তৈয়াৰ কৰি, তাত নৰা বা বিৰিণা বান্ধি দি মেজি সাজাৰ নিয়ম আছে। কোনো কোনো ঠাইত মেজিটো ধুনীয়া দেখাবলৈ মূৰত বিৰিণাৰে এপাহ ফুল সাজি লগাই দিয়ে। এই খেৰৰ মেজিবোৰ দহৰ পৰা বিছফুট পৰ্যন্ত ওখকৈ সজা হয়। উৰুকাৰ সন্ধিয়া প্ৰীতিভোজ খোৱাৰ পাছত এই মেজি জ্বলাই সকলোৱে জুই পুৱায়।

আনহাতে ৰাতি মেজি ৰাখিবলৈ কাষতে এটা ভেলাঘৰো সজা হৈছিল। এই ভেলাঘৰতে ডেকাসকলে গোটেই ৰাতি জুই পুঁৱাই মেজি ৰখে। কাহিলীপুৱাতে ভেলাঘৰ জ্বলাই, সেই জুইৰে গা গৰম কৰি গা ধুবলৈ যায় আৰু তিতাই-তিয়নিয়ে আহি ৰাতি চুৰ কৰি আনি, মোটাকৈ বান্ধি থোৱা শুকান জেওৰা খৰিৰে মেজি জ্বলায়।

সামাজিকস্তৰত বা লোকাচাৰৰ দিশৰ পৰা অনুসন্ধান কৰিলে বুজা যায়, খেতি চপোৱাৰ সময়ত বন্য পশুৰ উপদ্ৰৱ বৃদ্ধি পায়। হাতী-মহে আহি জনপদ সমূহত অত্যাচাৰ কৰে আৰু পকা ধান আৰু শস্য বিনষ্ট কৰে। যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটায় ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে। পিছলৈ ইয়ে বিৱৰ্তন বা ৰূপান্তৰ ঘটি উৰুকাৰ নাম পায়।

মাঘ বিহুতো বিভিন্ন লোকবিশ্বাস জডিত আছে বা সেইবোৰক পৰম্পৰাগত ভাৱে পালন কৰি অহা হৈছে। বিহুৰ দিনা পুৱা জ্বলোৱা মেজিত দিবৰ বাবে নিয়া মাহকৰাই মেজিত উৎসগা কৰি তাৰে এটা অংশ ঘৰলৈ লৈ আনে আৰু সেইবোৰ আম-কঁঠাল, কলকল-নাৰিকল, তামোল-লাও আদি গুটি লগা গছত গুটি বেছিকৈ লাগিবলৈ ছটিয়াই দিয়ে। ভঁৰালৰ ধান সুৰক্ষিত অৱস্থাত থাকিবৰ বাবে আৰু যাতে কোনেও বাণ মাৰিব বা অপায়-অমংগল ঘটাব নোৱাৰে, তাৰ বাবেও ভঁৰাল আৰু ঘৰত সেইবোৰ ছটিওৱাৰ লগতে সমৃদ্ধিৰ কথাও ভৱা হয়। একে বিশ্বাসতে মেজিৰ আধাপুৰা খৰি আনি বাৰীৰ চাৰি চুকত পোতা হয়।

মাঘ বিহুত আলু নাখালে পাছৰ জন্মত গাহৰি হৈ আলু খান্দি খাই ফুৰিব লাগে বুলি বিশ্বাস আছে। সেয়ে মেজি পুৱাঁবৰ দিনা মেজিৰ জুইতে মিৰি আলু, গৰীয়া আলু, মোৱাচীনা আলু পুৰি খোৱাৰ নিয়ম কোনো কোনো অঞ্চলত বতি আছে।

পুৱা মেজি জ্বলোৱা হয় ৰাতি চুৰ কৰি আনি থোৱা জেওৰা খৰিৰে। লোকবিশ্বাসৰ মতে, এনেদৰে মেজি জ্বলালেহে ঠাণ্ডা আঁতৰে। সেয়ে ৰাতি ভেলাঘৰত থাকি মেজি ৰখি থকা ডেকাসকলে গৃহস্থৰ কোনোধৰণৰ অনিষ্ট নোহোৱাকৈ জেওৰা বা তেনেধৰণৰ শুকান বাঁহ চুৰ কৰি আনি তাৰে পুৱা মেজি জ্বলায়। জেওৰা বা শুকান বাহঁ কেৱল এঘৰ মানুহৰ পৰা নানে, কম কমকৈ কেইবাঘৰৰ পৰা আনে। যিকেইঘৰৰপৰা জেওৰা চুৰ কৰা হয়, তেওঁলোকে তাক ৰাইজৰ আশীবাদ বুলি ভাবে।

Latest News