Valentine’s Dayৰ প্ৰতীক কি জানেনে? জানক ভেলেন্টাইন দিৱসত গুৰুত্ব লাভ কৰা জনপ্ৰিয় কাহিনী
ভেলেণ্টাইন ডে’ৰ দিনটোত প্ৰেমিক-প্ৰেমিকাই বিশেষভাৱে উদযাপন কৰে। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত পালন কৰা ভেলেণ্টাইন ডে’ক ‘প্ৰেমৰ উৎসৱ’ বুলি কোৱা হয়। ভেলেণ্টাইন ডে’ত সাধাৰণতে মানুহে ৰঙা ৰং পিন্ধে আৰু তেওঁলোকৰ সংগীক উপহাৰ, চকলেট, ৰঙা গোলাপ আদি উপহাৰ দিয়ে।
ছেইণ্ট ভেলেণ্টাইন দিৱস সাধাৰণতে চমুকৈ ভেলেণ্টাইন দিৱস হ’ল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ ছেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়। ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়। এই দিনটোত প্ৰেমিক-প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুলৰে, মিঠাই বা মৰমৰ বাৰ্তাৰে (ভেলেণ্টাইন বাৰ্তা) সম্ভাষণ জনায়। এই দিনটো, উচ্চ মধ্য যুগৰ জিও’ফ্ৰি চাওঁচাৰ (Geoffrey Chaucer)ৰ চক্ৰৰ লগত ৰাজকীয় প্ৰেমৰ পৰম্পৰাৰ জয়জয় ময়ময়ৰ সময়তে, প্ৰথম বাৰৰ বাবে ৰোমাণ্টিক প্ৰেমৰ লগত সাঙোৰ খাই পৰে। এই দিৱসটো প্ৰথম বাৰৰ বাবে প’প গিলাচিয়াছে ৪৯৬ খ্ৰীঃ পূঃ ত প্ৰতিষ্ঠিত কৰে আৰু ইয়াক পিছত ১৯৬৯ চনত চতুৰ্থ প’প প’লৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয়।
Valentine’s Dayৰ প্ৰতীক
এই দিনটোত হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক, আধুনিক ভেলেণ্টাইন দিৱসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ১৯ শতিকাৰ পৰা হাতে লিখা ভেলেণ্টাইন বাৰ্তা আঁতৰি, তাৰ ঠাইত পাইকাৰী হাৰত শুভেচ্ছা প্ৰত্ৰৰ প্ৰচলন আৰম্ভ হয়।
ভেলেন্টাইন দিৱসত গুৰুত্ব লাভ কৰা জনপ্ৰিয় কাহিনী
দেবদাস আৰু পাৰু
ভাৰতৰ লগতে পৃথিৱীৰ অন্য কিছুপ্ৰান্তটো এই কাহিনী জনপ্ৰিয়। বাংলা ভাষাৰ সাহিত্যিক শৰৎ চন্দ্ৰ চট্টোপধ্যায়ে এই কাহিনীটোৰ ৰচনা কৰিছিল। এই কাহিনীটোক লৈ বৰ্তমানলৈকে কেবাখনো চলচ্চিত্ৰ আৰু নাটক নিৰ্মাণ কৰা হৈছে।
ছাহজাহান আৰু মমতাজ
১৬১২ত আৰ্জমুণ্ড বানু নামৰ এগৰাকী কিশোৰী মোগল সম্ৰাট ছাহজাহানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। মমতাজ ছাহজাহানৰ সকলোতকৈ প্ৰিয় পত্নী আছিল কিন্তু মমতাজৰ অকাল মৃত্যু ঘটাত পত্নীৰ মৃত্যু চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ২০০০০ কৰ্মী, এহেজাৰ হাতী আৰু সুদীৰ্ঘ ২০ বছৰ কাল ব্যয় কৰি তাজমহল নিৰ্মাণ কৰি উলিয়াইছিল। ছাহজাহানৰ মৃত্যুৰ পাছত তেওঁৰ নিজ ইচ্ছা অনুসৰি তাজমহলত থকা মমতাজত কবৰৰ কাষতেই কবৰ দিয়া হয়।
ৰোমিঅ’ আৰু জুলিয়েট
নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰে নাট্যৰূপ দি এই ঐতিহাসিক কাহিনীটো সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰি তুলিছিল। এই প্ৰেম কাহিনীটোৰ দুয়োগৰাকী নায়ক নায়িকাই তেওঁলোকৰ কৈশোৰতে পৰস্পৰে পৰস্পৰৰ প্ৰেমত পৰে, আৰু পাছত বিবাহপাশটো আবদ্ধ হয়। ৰোমিঅ’ আৰু জুলিয়েটৰ দুয়োটা পৰিয়ালৰ মাজত শত্ৰুতা থকা বাবে এই প্ৰেমৰ বান্ধোনত প্ৰাচীৰ হিচাপে থিয় দিয়ে। সকলো বাধাৰ সৈতে যুঁজি যুঁজি অৱশেষত ৰোমিঅ’ আৰু জুলিয়েটে কৰুণ মৃত্যুক সাৱটি লয়। দুয়োটি কিশোৰৰ কৰুণ মৃত্যুৱে দুয়োটা পৰিয়ালৰ শত্ৰুতাক বিনাশ কৰি প্ৰেমৰ বান্ধোনেৰে বান্ধ খাবলৈ অনুপ্ৰাণিত কৰে।