শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দীঘলীয়া সময়লৈ ভুগিছে নেকি গেছৰ সমস্যাত? এইসমূহ খাদ্যবস্তুৱে দিব সকাহ…

গেছ বা বদহজম এটা সাধাৰণ সমস্যা, কিন্তু দীৰ্ঘদিনলৈ আওকাণ কৰিলে পেটৰ বাবে বিপদজনক হ’ব পাৰে। পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ সঠিক খাদ্যাভ্যাস পালন কৰাটো অত্যন্ত প্ৰয়োজনীয়। আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা সঠিক খাদ্য সামগ্ৰীসমূহে পেটৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।

দীঘলীয়া সময়লৈ ভুগিছে নেকি গেছৰ সমস্যাত? এইসমূহ খাদ্যবস্তুৱে দিব সকাহ…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 31 Jan 2025 19:38 PM

সাম্প্ৰতিক সময়ত গেছৰ সমস্যা অধিকাংশ লোকৰ ক্ষেত্ৰতে দেখিবলৈ পোৱা যায়। প্ৰধানতঃ অস্বাস্থ্যকৰ জীৱনশৈলী আাৰু খাদ্যাভ্যাসৰ প্ৰতি ভালদৰে গুৰুত্ব নিদিয়াৰ বাবেই বৰ্তমান সময়ত পেটৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। সেয়ে আমি এনেক্ষেত্ৰত সাৱধান হোৱা উচিত। যদি পেট বহুদিনলৈ পৰিষ্কাৰ নহয়, তেতিয়া ই কোষ্ঠকাঠিন্য বা পেট ফুলাৰ দৰে সমস্যাৰো সৃষ্টি কৰিব পাৰে। বহু সময়ত মানুহে পেট পৰিষ্কাৰ কৰিবলৈ অধিক ঔষধ সেৱন কৰিবলৈ আৰম্ভ কৰে। কিন্তু অত্যধিক ঔষধ সেৱন কৰিলেও পাৰ্শ্বক্ৰিয়া হব পাৰে।

পুষ্টিবিদ নমামী আগৰৱালাই কয় যে গেছ বা বদহজম এটা সাধাৰণ সমস্যা, কিন্তু দীৰ্ঘদিনলৈ আওকাণ কৰিলে পেটৰ বাবে বিপদজনক হ’ব পাৰে। পেট পৰিষ্কাৰ কৰি ৰাখিবলৈ সঠিক খাদ্যাভ্যাস পালন কৰাটো অত্যন্ত প্ৰয়োজনীয়। আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা সঠিক খাদ্য সামগ্ৰীসমূহে পেটৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে।

ফাইবাৰযুক্ত ফলমূল আৰু শাক-পাচলি

পেটৰ স্বাস্থ্যৰ বাবে ফাইবাৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ই অন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। কোষ্ঠকাঠিন্য হ’লে ফাইবাৰযুক্ত ফলমূল আৰু শাক-পাচলি যেনে আপেল, কিৱি, পালেং আদি খাব পাৰে। আপেলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ই পেট পৰিষ্কাৰ কৰি ৰাখে। আনহাতে কিৱিত পেক্টিন থাকে, এই উপাদানে হজম শক্তিত সহায় কৰে। একেদৰে পালেঙকে ধৰি অন্যান্য সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে আৰু ইয়াৰ সহায়ত কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়।

গোটা শস্য খাব

অটমিল, ব্ৰাউন ৰাইচ আৰু কুইনোৱাৰ দৰে গোটা শস্যয়ো কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। এই শস্যবোৰত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যাৰ ফলত পাচনতন্ত্ৰৰ কাৰ্যপ্ৰণালী উন্নত হয়। এই খাদ্যবস্তুসমূহে অন্ত্ৰৰ স্বাস্থ্যও বজাই ৰাখে।

প্ৰ’বায়’টিক সমৃদ্ধ খাদ্য

দৈ আৰু মাখনৰ দৰে প্ৰ’বায়’টিকযুক্ত খাদ্যই পাচনতন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে। এইবোৰত দেহৰ বাবে উপকাৰী বেক্টেৰিয়া থাকে, এই বেক্টেৰিয়াসমূহে অন্ত্ৰ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। নিয়মিতভাৱে দৈ সেৱন কৰিলে পেট পৰিষ্কাৰ হৈ থাকে আৰু হজম প্ৰক্ৰিয়া সঠিক হৈ থাকে।