5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিশ্বজুৰি MPOX ভাইৰাছৰ আতংকঃ ভাৰততো বিয়পিব পাৰে নেকি এই ভাইৰাছ!

তথ্য অনুসৰি ২০২২ চনত ভাৰতত ২০ জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰে অধিকাংশ ৰোগীয়েই আছিল বিদেশ ভ্ৰমণ কৰি ভাৰতলৈ উভতি অহা লোক। এই ৰোগীসকলক দিল্লীৰ লোকনায়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত Monkeypoxত আক্ৰান্ত অধিকাংশ ৰোগীৰে শৰীৰত মৃদু লক্ষণ দেখা গৈছিল আৰু এজন ৰোগীৰ মৃত্যু হৈছিল।

বিশ্বজুৰি MPOX ভাইৰাছৰ আতংকঃ ভাৰততো বিয়পিব পাৰে নেকি এই ভাইৰাছ!
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 16 Aug 2024 21:37 PM

সমগ্ৰ বিশ্বতে এতিয়া সৃষ্টি হৈছে MPOX ভাইৰাছৰ আতংক। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থা, চমুকৈ WHO- এ MPOX ভাইৰাছ অৰ্থাৎ Monkeypoxক গ্লোবেল হেল্থ ইমাৰ্জেন্সী হিচাপে ঘোষণা কৰিছে। অৰ্থাৎ এই ভাইৰাছে বিশ্বজুৰি ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি WHO- এ ইংগিত দিছে। আফ্ৰিকাত এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আফ্ৰিকাত এইপৰ্যন্ত ৩০ হাজাৰৰো অধিক ৰোগী ধৰা পৰাৰ লগতে ৫০০ৰো অধিক ৰোগীৰ মৃত্যু হৈছে। দক্ষিণ আফ্ৰিকাৰ বাহিৰেও আন কিছুমান দেশতো MPOX ভাইৰাছৰ সংক্ৰমণৰ তথ্য পোৱা গৈছে।

লক্ষণীয়ভাৱে দুবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছক গ্লোবেল হেল্থ ইমাৰ্জেন্সী হিচাপে ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে ২০২২ চনতো বিশ্ব স্বাস্থ্য সংস্থাই এই ঘোষণা কৰিছে। সেই সময়ত MPOX ভাইৰাছ অৰ্থাৎ Monkeypox ভাইৰাছ বিশ্বৰ ১১৬খন দেশত বিয়পি পৰিছিল আৰু প্ৰায় ১ লাখ লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছিল। সেই সময়ত এই ৰোগ ভাৰততো বিয়পি পৰিছিল।

তথ্য অনুসৰি ২০২২ চনত ভাৰতত ২০ জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। ইয়াৰে অধিকাংশ ৰোগীয়েই আছিল বিদেশ ভ্ৰমণ কৰি ভাৰতলৈ উভতি অহা লোক। এই ৰোগীসকলক দিল্লীৰ লোকনায়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত Monkeypoxত আক্ৰান্ত অধিকাংশ ৰোগীৰে শৰীৰত মৃদু লক্ষণ দেখা গৈছিল আৰু এজন ৰোগীৰ মৃত্যু হৈছিল।

এনে পৰিস্থিতিত এইবাৰো ভাৰতলৈ Monkeypox ৰোগৰ সংক্ৰমণ ঘটিব নেকি, এই লৈ ব্যাপক চৰ্চা চলিছে। মহামাৰী বিশেষজ্ঞ ডাঃ জুগলে জানিবলৈ দিয়া মতে সম্প্ৰতি আফ্ৰিকাত এই ৰোগ ধৰা পৰিছে যদিও আন দেশতো ইয়াৰ সংক্ৰমণৰ আশংকা আছে। এনে পৰিস্থিতিত সাৱধান হোৱাৰ অত্যন্ত প্ৰয়োজন বুলি তেওঁ কয়। Monkeypox যিহেতু এক সংক্ৰামক ভাইৰাছ, গতিকে এনে পৰিস্থিতিত সাৱধানতা অৱলম্বন কৰা উচিত বুলি ডাঃ জুগলে উল্লেখ কৰে।

ভাৰতত Monkeypoxৰ কেনে প্ৰভাৱ পৰিব পাৰে সেয়া এতিয়াও স্পষ্টকৈ ক’ব পৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে বিগত বাৰত দেশত অতি কম সংখ্যক ৰোগী এই ভাইৰাছৰ সংক্ৰমণৰ ফলত আক্ৰান্ত হোৱা বুলিও আঙুলিয়াই দিয়ে।

Monkeypox ৰ লক্ষণসমূহ কি কি?

লিম্ফ ন’ড গ্ৰন্থি ফুলা।

জ্বৰ।

ঠাণ্ডা অনুভৱ কৰা।

পেশীৰ বিষ

মূৰৰ বিষ

অত্যধিক ভাগৰ

Monkeypox ৰ পৰা নিজকে কিদৰে ৰক্ষা কৰিবঃ

আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ নাহিব

যদি ফ্লুৰ লক্ষণৰ লগতে মুখত ফোহা ওলায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

এই ভাইৰাছ বিয়পা দেশ ভ্ৰমণৰ পৰা বিৰত থাকক

অসুৰক্ষিত যৌন সম্পৰ্ক নকৰিব।

লক্ষণীয়ভাৱে বৰ্তমানলৈকে এই ৰোগৰ কোনো ভেকচিন বা ঔষধ চিকিৎসা সেৱাত উপলব্ধ হোৱা নাই। ৰোগীৰ লক্ষণৰ ভিত্তিতহে সাধাৰণতে চিকিৎসা কৰা হয়। চিকিৎসকসকলে এন্টিভাইৰেল ঔষধ দি ৰোগীৰ ৰোগ নিয়ন্ত্ৰণ কৰে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিছে।

Latest News