শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঘৰৰ ভিতৰত তিতা কাপোৰ শুকাব দিয়ে নেকি? হ’ব পাৰে বৃহৎ স্বাস্থ্যৰ ক্ষতি…

বহু লোকে বাহিৰত কাপোৰ মেলি দিয়াৰ পৰ্যাপ্ত ঠাইৰ অভাৱৰ বাবে ঘৰৰ ভিতৰত কাপোৰ শুকুৱাবলৈ দিয়ে। কাৰণ সকলোৰে বেলকনি নাথাকে বা থাকিলেও বেছি কাপোৰ মেলি দিবলৈ বেলকনিৰ ঠাইখিনি যথেষ্ট নহয়। কিন্তু বহুতে হয়তো নাজানে ঘৰৰ ভিতৰত মেলি দিয়া কাপোৰেও আমাৰ ক্ষতি কৰিব পাৰে?

ঘৰৰ ভিতৰত তিতা কাপোৰ শুকাব দিয়ে নেকি? হ’ব পাৰে বৃহৎ স্বাস্থ্যৰ ক্ষতি…
তিতা কাপোৰ
trishna-kalita
Trishna Kalita | Published: 13 Feb 2025 15:13 PM

বাৰিষাৰ সময়ত কাপোৰ ধোৱাটো এক জটিল কাম। কাপোৰ ধুব পাৰি, কিন্তু ইয়াক শুকুওৱাৰ ক্ষেত্ৰতহে সৃষ্টি হয় সমস্যাৰ। বাহিৰত বৰষুণ দি থাকিলে প্ৰায়বোৰ লোকে ঘৰৰ ভিতৰতে তিতা কাপোৰসমূহ মেলি দিয়ে। অৱশ্য়ে এই সমস্যা কেৱল বাৰিষা কালতে নহয়। বহু লোকে বাহিৰত কাপোৰ মেলি দিয়াৰ পৰ্যাপ্ত ঠাইৰ অভাৱৰ বাবে ঘৰৰ ভিতৰত কাপোৰ শুকুৱাবলৈ দিয়ে। কাৰণ সকলোৰে বেলকনি নাথাকে বা থাকিলেও বেছি কাপোৰ মেলি দিবলৈ বেলকনিৰ ঠাইখিনি যথেষ্ট নহয়। কিন্তু বহুতে হয়তো নাজানে ঘৰৰ ভিতৰত মেলি দিয়া কাপোৰেও আমাৰ ক্ষতি কৰিব পাৰে? শেহতীয়াকৈ কন্টেন্ট ক্ৰিয়েটৰ জেকে এই বিষয়টো উত্থাপন কৰিছে। তাৰ ওপৰতে ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে আমাৰ এই প্ৰতিবেদন…

ঘৰৰ ভিতৰত কাপোৰ শুকুৱাৰ ফলত কি কি সমস্যা বা ক্ষতিৰ হ’ব পাৰে বিষয়ে বৰ্ণনা কৰিছে চিকিৎসকে। ধোৱা কাপোৰ মেলি থোৱা বাবে কোঠাটোত তিতা তিতা অনুভৱ হয়। যাৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হয়।  ইণ্ডিয়ান এক্সপ্ৰেছে বহুকেইগৰাকী বিশেষজ্ঞৰ সৈতে বাৰ্তালাপ কৰি এই ক্ষেত্ৰত কিছু কথা আলোকপাত কৰে। তিতা কাপোৰৰ বাবে এফালে কোঠাটোৰ বেৰ, চিলিং আদিত ভেঁকুৰৰ দৰে বস্তু জমা হ’ব পাৰে। আনফালে শাৰীৰিক ক্ষেত্ৰতো বিভিন্ন বিপদৰ সৃষ্টি কৰে।

চিকিৎসকৰ পৰামৰ্শমতে ঘৰত ভেঁকুৰ জমা হ’লে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।  তাৰ ভিতৰত এটা হ’ল শ্বাস-প্ৰশ্বাসৰ সমস্যা। উশাহ লোৱাৰ সময়ত এই ভেঁকুৰৰ দৰে বস্তুবোৰত থকা বেক্টেৰিয়া আমাৰ শৰীৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰে। যাৰ বাবে কাহ, উশাহ লোৱাত কষ্ট, আনকি হাঁপানীৰ দৰে সমস্যা হ’ব পাৰে।

ইয়াৰ উপৰিও এনে বস্তুৱে বহুতৰে এলাৰ্জীৰ সমস্যাও বৃদ্ধি কৰিব পাৰে। যিসকলৰ এনেবোৰ বস্তুৰ প্ৰতি এলাৰ্জী আছে, তেওঁলোক ক্ষেত্ৰতবাঢ়িব পাৰে নতুন বিপদ । ভেঁকুৰৰ বেক্টেৰিয়াই মূৰৰ বিষ, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰা লগতে ভাগৰুৱা অনুভৱ কৰা আদি সমস্যাও সৃষ্টি কৰিব পাৰে।

এই সমস্যা কেনেকৈ হ্ৰাস কৰিব পাৰিব?

চিকিৎসকৰ মতে ঘৰৰ ভিতৰতো কাপোৰ শুকুৱাব পাৰি। তেনে ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ বায়ু চলাচলৰ ব্যৱস্থা থাকিব লাগে। এক্সজেষ্ট ফেন ব্যৱহাৰ কৰি বা বাথৰুমত যথেষ্ট ঠাই থাকিলে কাপোৰ শুকুৱাব পাৰে। যাৰ ফলত ক্ষতি তুলনামূলকভাৱে কম হ’ব বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে।