শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শীতকালত হৃদৰোগৰ সম্ভাৱনা কিয় বৃদ্ধি পায়? জানক

কিয় শীতকালত হৃদৰোগীৰ সংখ্যা বৃদ্ধি পায় ? বিশেষকৈ উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে ।

শীতকালত হৃদৰোগৰ সম্ভাৱনা কিয় বৃদ্ধি পায়? জানক
হৃদৰোগৰ কাৰণ
manas-borah
Manas Borah | Updated On: 25 Jan 2025 21:21 PM

বিশ্বৰ লগতে দেশত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্য়া বৃদ্ধি পাবলৈ ধৰিছে । বিশেষজ্ঞসকলৰ মতে শীতকালত হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পায় । কিন্তু কিয় শীতকালত হৃদৰোগীৰ সংখ্যা বৃদ্ধি পায় ? বিশেষকৈ উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে । শীতকালত শৰীৰৰ ৰক্তবাহী নলীবোৰ সংকীৰ্ণ হৈ পৰে, যাক ভেছ’কনষ্ট্ৰিকচন বোলা হয়। এই প্ৰক্ৰিয়াই শৰীৰত ৰক্তচাপ বৃদ্ধি কৰে। অৰ্থাৎ ইয়াৰ ফলত হৃদযন্ত্ৰৰ ৰক্তচাপ বৃদ্ধি পায়।

গতিকে এই ক্ষেত্ৰত সাৱধান হোৱাটো অতি প্ৰয়োজন । উল্লেখ্য যে, বুকুৰ বিষ মানেই হৃদৰোগৰ লক্ষণ নহয় । হৃদৰোগত আক্ৰান্ত হ’লে আপুনি বুকুৰ বিষ বা অস্বস্তি অনুভৱ কৰিব পাৰে । লগতে উশাহ লোৱাত কষ্ট পাব পাৰে । বাহু, পিঠি, ডিঙি, পেটত বিষও হৃদৰোগত লক্ষণ হ’ব পাৰে । বিশেষজ্ঞৰ মতে, শীতকালত পুৱাৰ ভাগত হাৰ্ট এটেক বেছিকৈ হোৱা দেখা যায়। গতিকে ৰাতিপুৱা কেনেকৈ সাৰ পায় সেয়াও গুৰুত্বপূৰ্ণ।

কেৱল হাৰ্ট এটেকে নহয়, চিকিৎসকৰ মতে শীতকালত ব্ৰেইন ষ্ট্ৰোকৰ সমস্যাও বৃদ্ধি পায়। মগজুলৈ তেজৰ সোঁত বন্ধ হৈ গ’লে বা মগজুৰ কোনো ৰক্তবাহী নলী ফাটি গ’লে ষ্ট্ৰোক হয়। ফলত মগজুৰ কোষবোৰো হঠাতে ক্ষতিগ্ৰস্ত হ’ব পাৰে। মগজুৰ ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগে।

শীতকালত শাৰীৰিক পৰিশ্ৰম কম হয় । যাৰ ফলত এই ৰোগৰ সমূহৰ সম্ভাৱনা বৃদ্ধি পায় । ঠাণ্ডাৰ বাবে বেছিভাগ মানুহেই বেছিভাগ সময় ঘৰৰ ভিতৰতে থাকে। উচ্চ কেলৰি থাকিলে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এই সমস্যাৰ পৰা ৰক্ষা পাবলৈ লঘু শাৰীৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰা, বাহিৰত থাকিলে গৰম কাপোৰ পৰিধান কৰা আৰু শাক-পাচলি, ফল-মূল, উচ্চ আঁহযুক্ত আৰু পৰ্যাপ্ত প্ৰটিনৰ সৈতে স্বাস্থ্যকৰ খাদ্য খাব লাগে ।