5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ডায়েবেটিছত ভুগি থকা অধিকাংশ ৰোগীৰ কিয় হয় উচ্চ ৰক্তচাপৰ সমস্যা? জানিবলৈ চাওক…

ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছ, চমুকৈ ICMRৰ তথ্য অনুসৰি ভাৰতত ১০ কোটিৰো অধিক ডায়েবেটিছ ৰোগী আছে। এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ ৫০ৰ পৰা ৭০ শতাংশ ৰোগী ইফালে উচ্চ ৰক্তচাপতো আক্ৰান্ত হয়। ৰক্তচাপ বৃদ্ধি হ’লে আকৌ হৃদৰোগ আৰু বৃক্কৰ ৰোগেও গা কৰি উঠিব পাৰে।

ডায়েবেটিছত ভুগি থকা অধিকাংশ ৰোগীৰ কিয় হয় উচ্চ ৰক্তচাপৰ সমস্যা? জানিবলৈ চাওক…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 16 Dec 2024 06:56 AM

বৰ্তমান সময়ত ডায়েবেটিছ যিকোনো বয়সৰ লোকৰ বাবে এক বৃ্হৎ ভাবুকি হৈ পৰিছে। উদ্বেগজনক হাৰত সম্প্ৰতি বৃদ্ধি পাইছে ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্ছ, চমুকৈ ICMRৰ তথ্য অনুসৰি ভাৰতত ১০ কোটিৰো অধিক ডায়েবেটিছ ৰোগী আছে। এই সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ ৫০ৰ পৰা ৭০ শতাংশ ৰোগী ইফালে উচ্চ ৰক্তচাপতো আক্ৰান্ত হয়। ৰক্তচাপ বৃদ্ধি হ’লে আকৌ হৃদৰোগ আৰু বৃক্কৰ ৰোগেও গা কৰি উঠিব পাৰে।

এনে পৰিস্থিতিত ডায়েবেটিছত উচ্চ ৰক্তচাপ কিয় হয় আৰু এই ৰোগৰ সম্ভাৱনা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। ডায়েবেটিছত শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি পায়। চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ নকৰিলে হৃদযন্ত্ৰ, বৃক্ক, চকু, ছাল আৰু ৰক্তচাপত প্ৰভাৱ পৰে। মেডিকেল জাৰ্নেল দ্য লেন্সেটৰ তথ্য অনুসৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ পিছত ৫০ৰ পৰা ৭০ শতাংশ লোকে উচ্চ বি ৰক্তচাপ ৰোগত আক্ৰান্ত হয়।

ডায়েবেটিছ এনে এক ৰোগ যি শৰীৰৰ প্ৰায় প্ৰতিটো অংশকে গুৰুতৰভাৱে আক্ৰান্ত কৰে। ডায়েবেটিছত ইনচুলিন প্ৰতিৰোধ ক্ষমতা থাকে, যাৰ বাবে শৰীৰত ইনচুলিনৰ পৰিমাণ সঠিকভাৱে উৎপন্ন নহয়। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। সাধাৰণতে ডায়েবেটিছ ৰোগীৰ ওজন বৃদ্ধি হোৱা দেখা যায়, যাৰ ফলত ৰক্তচাপো উচ্চ হ’ব পাৰে। চেনিৰ মাত্ৰা বৃদ্ধি হ’লে স্নায়ুৰ ক্ষতি হ’ব পাৰে, ইয়াৰ ফলতো ৰক্তচাপ বৃদ্ধি হ’ব পাৰে।

তেজত যেতিয়া চেনিৰ মাত্ৰা বৃদ্ধি পায়, তেতিয়া ই শৰীৰৰ স্নায়ুৰ ক্ষতি কৰে। ইয়াৰ বাবে সিৰাবোৰ সংকীৰ্ণ হ’বলৈ আৰম্ভ কৰে আৰু তেজৰ সঞ্চালন সঠিকভাৱে নহয়। যাৰ ফলত উচ্চ ৰক্তচাপ সমস্যাৰ সৃষ্টি হয়। ৰক্তচাপ বৃদ্ধিৰ বাবে হাৰ্ট এটেক হোৱাৰ আশংকা থাকে। এনে পৰিস্থিতিত ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। অন্যথা ইয়াৰ ফলত বহুতো গুৰুতৰ ৰোগ হ’ব পাৰে।

ডায়েবেটিছৰ পৰা কেনেকৈ হাত সাৰিব পাৰি, চাওক-

আপোনাৰ খাদ্যৰ যত্ন লওক

দৈনিক ব্যায়াম কৰক

মেদবহুলতা বৃদ্ধি হ’বলৈ নিদিব

বেছি মিঠাই নাখাব

মানসিক চাপ নল’ব

ৰক্তচাপ কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি, চাওক-

খাদ্যত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰক

দৈনিক ব্যায়াম কৰক

বেছি নিমখ নাখাব

সুৰা আৰু ধূমপান পৰিহাৰ কৰক।

Latest News