শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শীতকালত কিয় বৃদ্ধি পায় হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞৰ মতামত চাওক…

লক্ষণীয়ভাৱে শীতকাল আৰম্ভ হোৱাৰ লগে লগে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। শীতকালত হাৰ্ট এটেকৰ সমস্যা কিয় বৃদ্ধি পায়? তথা ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ থাকিলে কি কৰিব লাগে, এই বিষয়ে জানিবলৈ বহু লোক ইচ্ছুক। এই সন্দৰ্ভত বিশেষজ্ঞৰ মতামত চাওঁ আহক।

শীতকালত কিয় বৃদ্ধি পায় হাৰ্ট এটেকৰ সম্ভাৱনা! বিশেষজ্ঞৰ মতামত চাওক…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 16 Jan 2025 23:17 PM

শেহতীয়া সময়ছোৱাত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা। বয়োজ্যেষ্ঠ লোকসকলৰ লগতে শিশুও শেহতীয়াকৈ হাৰ্ট এটেকৰ ফলত মৃত্যুমুখত পৰা খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছিল। লক্ষণীয়ভাৱে শীতকাল আৰম্ভ হোৱাৰ লগে লগে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। শীতকালত ৰক্তবাহী নলী বন্ধ হোৱাৰ বাবে কলেষ্টেৰল বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি। যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এই ঋতুত হৃদযন্ত্ৰৰ কাৰ্য সম্পাদনতো কিছু বাধাৰ সৃষ্টি হয়। কাৰণ এই সময়ত হৃদযন্ত্ৰই পৰ্যাপ্ত অক্সিজেন লাভ নকৰে।

শীতকালত হাৰ্ট এটেকৰ সমস্যা কিয় বৃদ্ধি পায়? তথা ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগ থাকিলে কি কৰিব লাগে, এই বিষয়ে জানিবলৈ বহু লোক ইচ্ছুক। নেশ্যনেল হাৰ্ট ইনষ্টিটিউটৰ চিইঅ’ ডাঃ অ’ পি যাদৱে এনে প্ৰতিটো প্ৰশ্নৰ সহজ উত্তৰ আগবঢ়াইছে। তেওঁ কয় যে শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বহু কাৰণ থাকিব পাৰে।

তেওঁ জানিবলৈ দিয়া মতে ঠাণ্ডা বতৰত শিৰাবোৰ সংকুচিত হয় বাবে তেজ সঠিকভাৱে পাম্প কৰিব নোৱাৰি। এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়। ইয়াৰ বাহিৰেও এই ঋতুত তেজ ডাঠ হৈ বুকুৰ ওচৰলৈ ভালদৰে যাব নোৱাৰে। এনে কাৰণতো হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়। ঠাণ্ডাৰ দিনত মানুহে প্ৰায়ে কোনো শাৰীৰিক ক্ৰিয়া-কলাপ নকৰে। ঠাণ্ডাৰ বাবে অধিকাংশ লোক ঘৰতে আৱদ্ধ হৈ থাকে।

আনকি বহু লোকে দৈনিক কৰি অহা মৰ্নিং ৱাকৰ অভ্যাসো ঠাণ্ডা দিনত ত্যাগ কৰা দেখা যায়। এনে পৰিস্থিতিত আমাৰ শৰীৰৰ ৰক্তকণিকা (RBC) একেলগে আবদ্ধ হৈ পৰে, যাৰ ফলত হৃদযন্ত্ৰত ৰক্ত সঞ্চালন কমি যায়। সেয়েহে হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। আমাৰ খাদ্যাভ্যাসে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰাত ডাঙৰ ভূমিকা পালন কৰে। ভাৰসাম্যহীন খাদ্যই হাৰ্ট এটেকৰ সমস্যা বৃদ্ধিতো সহায় কৰে।

শীতকালত মানুহে চেচুৰেটেড ফেট, ট্ৰেন্স ফেট, ৰিফাইনড আৰু ছডিয়াম সমৃদ্ধ প্ৰচেছড খাদ্য অধিক গ্ৰহণ কৰাৰ প্ৰৱণতা থাকে। এই সকলোবোৰ আমাৰ শৰীৰ আৰু হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক, কিন্তু শীতকালত সোৱাদৰ বাবে আমাৰ এনে খাদ্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা দেখা যায়। যাৰ ফলত হাৰ্ট এটেক বা হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। এক কথাত শীতকালত অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেও হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়।

ডাঃ অ’ পি যাদৱৰ মতে যিকোনো ঋতুতে হাৰ্ট এটেক হোৱাৰ আশংকা থাকিব পাৰে। শীত আৰু গ্ৰীষ্মকালত ইয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। কাৰণ ঠাণ্ডা বতৰত তেজ পাতল হোৱাৰ পৰিৱৰ্তে ডাঠ হৈ পৰে। একেদৰে গ্ৰীষ্মকালত ঘামৰ ফলত তেজ ডাঠ হৈ পৰে, যাৰ বাবে তেজৰ সঠিক প্ৰবাহ হৃদযন্ত্ৰলৈ যাব নোৱাৰে। এনে পৰিস্থিতিত হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়।

শীতকালত সুষম আহাৰ, স্বাস্থ্যকৰ জীৱনশৈলী আৰু যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস কৰি হৃদৰোগৰ লগতে অন্যান্য ৰোগৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ পিছতো যদি কোনো ৰোগে দেখা দিয়ে তেতিয়াহ’লে চিকিৎসকৰ কাষ চপাটোৱেই উত্তম।

Latest News