Heart attack: শীতকালত কিয় হাৰ্ট এটেকৰ সমস্যাই বেছিকৈ দেখা দিয়ে ? কিদৰে হাত সাৰিব ইয়াৰ পৰা ?
সকলো ধৰণৰ বুকুৰ বিষ কিন্তু হাৰ্ট এটেকৰ লক্ষণ নহয় । হাৰ্ট এটেকৰ ক্ষেত্ৰত শৰীৰ আন আন অংশ যেনে বাওঁ বা সোঁ কান্ধ, হনু অথবা পিঠিৰ বিষো লক্ষণ হ'ব পাৰে ।
হাৰ্ট এটেক, মানুহৰ জীৱনত বৰ্তমান সময়ত এক চিন্তাৰ কাৰণ । প্ৰায় প্ৰতিদিনেই পোৱা যায় হাৰ্ট এটেকৰ ফলত মানুহৰ মৃত্যুৰ খবৰ । বিশেষজ্ঞৰ মতে, হাৰ্ট এটেকৰ ঘটনা অধিক বৃদ্ধি পায় শীতকালত । প্ৰশ্ন উত্থাপন হয়, ইয়াৰ কাৰণ কি ?
বিশেষজ্ঞৰ মতে, যিসকলৰ উচ্চ ৰক্তচাপ থাকে, তেওঁলোকৰ মাজত চিন্তাৰ কাৰণ আৰু বেছি । শীতকালত, শৰীৰৰ ৰক্তপ্ৰবাহী সিৰাবোৰ সংকোচিত হয়, যাক কোৱা হয়, ভাছোকনষ্ট্ৰিকশ্যন । এই প্ৰক্ৰিয়াৰ ফলত শৰীৰত বৃদ্ধি পায় ৰক্তচাপ । অৰ্থাৎ হৃৎপিণ্ডৰ ৰক্তচাপ বাঢ়ি যায় । সেয়ে সতৰ্ক হৈ থকা প্ৰয়োজন ।
মন কৰিবলগীয়া যে, সকলো ধৰণৰ বুকুৰ বিষ কিন্তু হাৰ্ট এটেকৰ লক্ষণ নহয় । হাৰ্ট এটেকৰ ক্ষেত্ৰত শৰীৰ আন আন অংশ যেনে বাওঁ বা সোঁ কান্ধ, হনু অথবা পিঠিৰ বিষো লক্ষণ হ’ব পাৰে । অধিক ঘাম ওলোৱা, অধিক উদ্বেগ, অস্থিৰতা আদি লক্ষণে দেখা দিলেও আপুনি সতৰ্ক হোৱা উচিত ।
চিকিৎসকৰ মতে, বহু সময়ত শীত কালত পুৱা বেছিকৈ হয় হাৰ্ট এটেক । সেয়ে পুৱা আপুনি শোৱাৰ পৰা কিদৰে উঠে সেয়াও গুৰুত্বপূৰ্ণ ।
কেৱল হাৰ্ট এটেকেই নহয়, চিকিৎসকৰ মতে শীতসকালত ব্ৰইন ষ্টকৰ সমস্যাও বৃদ্ধি পায় । মস্তিকৰ ৰক্ত সঞ্চালন বন্ধ হৈ গ’লে বা মস্তিস্কৰ ৰক্ত নলী ফাঁটি গলে ষ্ট্ৰোক হয় । ফলত মস্তিস্কৰ কোষৰ ক্ষতি হ’ব পাৰে । ব্ৰেইন ষ্ট্ৰোকৰ পৰা বাচিবলৈ নিয়ন্ত্ৰণ কৰিব লাগিব উচ্চ ৰক্তচাপ ।
এইবোৰ ৰোগৰ প্ৰধান কাৰণ হ’ল, শীতকালত মানুহৰ শাৰীৰিক কাৰ্যকলাপ কম হয় । শীতৰ পৰা বাচিবলৈ অধিক সংখ্যক মানুহ ঘৰৰ ভিতৰতেই থাকে । অধিক কেলৰীয়ে হাৰ্ট এটেক বা ষ্ট্ৰোকৰ চিন্তা বঢ়াব পাৰে ।
বিশেষজ্ঞৰ মতে সাধাৰণ শাৰীৰিক কাৰ্যকলাপ কৰিলে, ঘৰৰ পৰা বাহিৰ ওলোৱাৰ সময়ত গৰম কাপোৰ পৰিধান কৰিলে, শাক-পাচলি, ফল-মূল, প্ৰটিনসহ হৃদযন্ত্ৰৰ বাবে উপকাৰী খাদ্য খালে বাচি থাকিব পাৰি এনে সমস্যাৰ পৰা ।