5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Winter Fitness Tips : শীতকালত ফিটনেছ বজাই ৰাখিবলৈ গ্ৰহণ কৰক এই উপায়…

শীতকালত যদি পুৱা ঘৰৰ বাহিৰত ব্যায়াম বা অন্যান্য শাৰীৰিক কাৰ্যকলাপ কৰিবলৈ কিছু অসুবিধা পায়, তেন্তে আপুনি ঘৰৰ ভিতৰত থাকি কিছুমান উপায় গ্ৰহণ কৰিব পাৰে । এই উপায়সমূহে আপোনাক শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব ।

Winter Fitness Tips : শীতকালত ফিটনেছ বজাই ৰাখিবলৈ গ্ৰহণ কৰক এই উপায়…
ফিটনেছ টিপছ
manas-borah
Manas Borah | Published: 19 Nov 2024 18:16 PM

সুস্বাস্থ্যৰ বাবে ব্যায়াম কৰা বা ৱৰ্কআউট কৰাটো এতি প্ৰয়োজনীয়। গ্ৰীষ্মকালত বহু লোকে প্ৰতিদিনে পুৱা মৰ্নিং ৱাকলৈ যোৱা বা জিমলৈ যোৱা দেখা যায়। কিন্তু ঠাণ্ডা বতৰত এলাহৰ বাবে পুৱা শৰীৰ চৰ্চা কৰাৰ পৰা বিৰত থাকে । এই এলাহৰ বাবেই বহুলোকৰ স্বাস্থ্যৰ সমস্যা হোৱা দেখা যায় । নিজকে ফিট কৰি ৰাখিবলৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়।

শীতকালত যদি পুৱা ঘৰৰ বাহিৰত ব্যায়াম বা অন্যান্য শাৰীৰিক কাৰ্যকলাপ কৰিবলৈ কিছু অসুবিধা পায়, তেন্তে আপুনি ঘৰৰ ভিতৰত থাকি কিছুমান উপায় গ্ৰহণ কৰিব পাৰে । এই উপায়সমূহে আপোনাক শাৰীৰিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব । এই প্ৰতিবেদনৰ জৰিয়তে শৰীৰিটো কেনেকৈ সুস্থ কৰি ৰাখিব বা ফিটনেছ কেনেকৈ বজাই ৰাখিব পাৰি জানক ।

যোগাসন কৰক

শীতকালত শৰীৰটো সক্ৰিয় আৰু গৰম কৰি ৰাখিবলৈ ঘৰৰ এডোখৰ নিদিষ্ট ঠাইত যোগাসন কৰিব পাৰে । ব্যায়াম আৰু যোগাসন শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাৰে বাবে উপকাৰী বুলি প্ৰমাণিত হয়। সূৰ্য্য নমস্কাৰ, কপালভাটি, প্ৰাণায়াম আদি বহুতো আসনে শৰীৰক নমনীয় আৰু সবল কৰি তোলাত সহায় কৰে ।

ৱৰ্কআউট

ঘৰৰ বাহিৰলৈ বা জিমলৈ নোযোৱাকৈ ঘৰতে কিছুমান সহজ আৰু ইনড’ৰ ৱৰ্কআউট কৰিব পাৰে। যদি আপুনি শীতকালত মৰ্নিং ৱাক বা ব্যায়ামৰ বাবে ঘৰৰ বাহিৰলৈ যাব নিবিচাৰে, তেন্তে ঘৰতে কিছুমান সহজ ইনড’ৰ ৱৰ্কআউট যেনে জাম্পিং জেক,পুছ-আপ, স্কুৱেট আদি কৰিব পাৰে। যদি আপোনাৰ ঘৰত মুকলি ঠাই থাকে, তেন্তে আপুনি সেই ঠাইত খোজ কাঢ়িব পাৰে।

ঘৰৰ কাম-কাজ

যদি আপুনি ব্যায়ামৰ বাবে সময় নাপায়, তেন্তে ঘৰৰ চাফাই কাম নিজেই কৰিব পাৰে। ইয়াৰ লগে লগে আপোনাৰ শৰীৰটোও সক্ৰিয় হৈ থাকে আৰু কামো সময়মতে কৰিব পাৰি। তদুপৰি আপুনি ফিটনেছ বজাই ৰাখিবলৈ ডান্স ক্লাছত যোগদান কৰিব পাৰে।

Latest News