শীতকালত যদি মুখৰ উজ্জ্বলতা বৃদ্ধি কৰিব বিচাৰে, তেন্তে এই ফেচপেক ঘৰতে লগাওক
শীতকালত ছালখন শুকান আৰু নিস্তেজ দেখাবলৈ আৰম্ভ কৰে। এই ঋতুত বিয়া বা অনুষ্ঠানলৈ যোৱাৰ আগতে তৎক্ষণাত উজ্জ্বল হোৱাটো বিচাৰে তেন্তে ঘৰতে উপলব্ধ এইবোৰ বস্তু ব্যৱহাৰ কৰি ফেচ পেক বনাব পাৰে। ই ছালখনক প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰাত সহায়ক হ’ব পাৰে।
এতিয়া শীতকাল পৰিছে এই সময়ছোৱাত আপোনাৰ ঘৰৰ কোনো আত্মীয়, বন্ধু বা ওচৰ-চুবুৰীয়াৰ ঘৰত কিবা নহয় কিবা অনুষ্ঠান প্ৰায়ে থাকেই। যদি সকলো অনুষ্ঠানত নিজকে আকৰ্ষণীয় আৰু ষ্টাইলিছ দেখাব বিচাৰে তেন্তে এই খবৰ মাথোঁ আপোনাৰ বাবে। ইয়াৰ বাবে সাজ-পোছাকৰ লগতে জিলিকি থকা ছালেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শীতকালত ছালখন শুকান হ’বলৈ আৰম্ভ কৰে আৰু কেতিয়াবা ইয়াৰ বাবেই ছালৰ উজ্জ্বলতা কমিবলৈ আৰম্ভ কৰে।
মুখত গ্লো আনিবলৈ মানুহে বহু ধৰণৰ ফেচিয়েল আৰু আন বহুতো বস্তু গ্ৰহণ কৰে। কিন্তু যদি পাৰ্লাৰলৈ যাবলৈ সময় নাথাকে, তেন্তে অনুষ্ঠানলৈ যোৱাৰ এদিন আগতে এই ফেচ পেকটো ঘৰতে বনাই মুখত লগাব পাৰে। এইবোৰে ছাললৈ প্ৰাকৃতিক উজ্জ্বলতা অনাত সহায় কৰে।
কফি পাউদাৰ আৰু নাৰিকল তেল
কফি পাউদাৰ আৰু নাৰিকল তেলৰ ফেচ পেক শুকান ছালৰ লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। লগতে কফি পাউদাৰে ছালখন এক্সফ’লিয়েটৰৰ দৰে পৰিষ্কাৰ কৰাত সহায় কৰে। ই ছালখন জিলিকি উঠাত সহায় কৰে। এইটো বনাবলৈ প্ৰথমে ১ চামুচ কফি পাউদাৰ আৰু সমান পৰিমাণৰ নাৰিকল ল’ব লাগে। এতিয়া এই দুটা ভালদৰে মিহলাই কোমল পেষ্ট এটা প্ৰস্তুত কৰক। এতিয়া ১০ৰ পৰা ১৫ মিনিট মুখত লগাই পানীৰে মুখখন পৰিষ্কাৰ কৰক।
বেচন আৰু কেঁচা গাখীৰ
এই ফেচ পেক বনাবলৈ তিনি চামুচ কেঁচা গাখীৰ দুচামুচ বেচন মিহলাই লওক। তাত অলপ হালধী গুড়িও দিব পাৰে। এই মিশ্ৰণটো ২০ মিনিট মুখত লগাব আৰু তাৰ পিছত মুখখন পানীৰে ধুব। এই ফেচ পেকে ৰং উন্নত কৰা, ছালখনক প্ৰাকৃতিকভাৱে মইশ্ব’ৰাইজ কৰা, ছালখন উজ্জ্বল কৰা, মৃত ছালৰ কোষ আঁতৰোৱাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।
মৌ আৰু কফি
তৎক্ষণাত উজ্জ্বলতা পাবলৈ আপুনি মৌ আৰু কফিৰ ফেচ পেক এটাও বনাব পাৰে। কফিয়ে ছালৰ বাবে প্ৰাকৃতিক এক্সফোলিয়েণ্ট হিচাপে কাম কৰে। ই ছালৰ মৃত কোষ, ৰং আৰু টেনিং আঁতৰোৱাত সহায় কৰিব পাৰে। মৌত থকা পুষ্টিকৰ উপাদানসমূহে ছালত আৰ্দ্ৰতা আৰু গ্লো প্ৰদান কৰাত উপকাৰী হ’ব পাৰে। এই ফেচ পেক বনাবলৈ এটা বাটিত ২ চামুচ কফি পাউদাৰ, ২ চামুচ চেনি আৰু ১ চামুচ কেঁচা গাখীৰ দি ভালদৰে মিহলাই লওক। এতিয়া এই পেষ্টটো মুখ আৰু ডিঙিত ১৫ মিনিট লগাব আৰু তাৰ পিছত বৃত্তাকাৰ গতিৰে মালিচ কৰি পৰিষ্কাৰ কৰিব।