শীতকালত কেনে ডায়েট মানি চলিব লাগে ডায়েবেটিছ ৰোগীয়ে? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

শীতকালত আমি সকলোৱে খাদ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত, কাৰণ শীতকালত শাৰীৰিক ক্ৰিয়া-কলাপ কমি যোৱা আৰু ভোক বৃদ্ধি পোৱাৰ বাবে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলী গ্ৰহণ কৰি এই সম্ভাৱনা দূৰ কৰিব পাৰি। ডায়েবেটিছ ৰোগীসকলে এইক্ষেত্ৰত অধিক মনোনিৱেশ কৰা প্ৰয়োজন। গতিকে এই ঋতুত ডায়েবেটিছ ৰোগীয়ে ডায়েট সম্পৰ্কে বিশেষজ্ঞৰ পৰামৰ্শ ভালদৰে মানি চলা উচিত।

শীতকালত কেনে ডায়েট মানি চলিব লাগে ডায়েবেটিছ ৰোগীয়ে? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

ডায়েবেটিছ ৰোগীৰ সঠিক ডায়েট (প্ৰতিনিধিত্বমূলক ছবি)

Published: 

20 Jan 2025 20:37 PM

বৰ্তমান সময়ত ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস ইয়াৰ প্ৰধান কাৰণ বুলিব পাৰি। লক্ষণীয়ভাৱে শীতকালত ডায়েবেটিছ ৰোগীৰ সংখ্যা অধিক বৃদ্ধি পায়। এই ঋতুত ৰোগীৰ তেজত চেনিৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। এনে পৰিস্থিতিত স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজনীয় হৈ পৰে। শীতকালত সুস্বাস্থ্য বজাই ৰখাটো একপ্ৰকাৰে প্ৰত্যাহ্বাষ্বৰূপ। ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত এই প্ৰত্যাহ্বান অধিক কষ্টকৰ হৈ পৰা বুলিব পাৰি।

শীতকালত আমি সকলোৱে খাদ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত, কাৰণ শীতকালত শাৰীৰিক ক্ৰিয়া-কলাপ কমি যোৱা আৰু ভোক বৃদ্ধি পোৱাৰ বাবে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলী গ্ৰহণ কৰি এই সম্ভাৱনা দূৰ কৰিব পাৰি। ডায়েবেটিছ ৰোগীসকলে এইক্ষেত্ৰত অধিক মনোনিৱেশ কৰা প্ৰয়োজন। গতিকে এই ঋতুত ডায়েবেটিছ ৰোগীয়ে ডায়েট সম্পৰ্কে বিশেষজ্ঞৰ পৰামৰ্শ ভালদৰে মানি চলা উচিত।

দিল্লীৰ জিটিবি হাস্পতালৰ চিকিৎসক ডাঃ অজিত কুমাৰে কয় যে শীতকালত চেনিৰ মাত্ৰা বৃদ্ধিৰ শংকা অধিক। কম শাৰীৰিক ক্ৰিয়া-কলাপ আৰু অনিয়মিত খাদ্যাভ্যাসৰ বাবে এই সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত মানুহে কিছুমান কথাৰ বিশেষ যত্ন লোৱা উচিত। যদি মানুহে ভাল খাদ্য খায় আৰু সঠিক ৰুটিন গ্ৰহণ কৰে, তেতিয়া নিজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে। এইক্ষেত্ৰত সঠিক ডায়েটৰ বিষয়ে চাওঁ আহক-

সেউজীয়া শাক-পাচলি

ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকে সেউজীয়া শাক-পাচলি খাব লাগে। যেনে বিলাহী, মূলা, চালগোম, পালেং, মেথি শাক, ব্ৰকলি আ্দি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ উপৰিও মানুহে বতৰৰ ফল-মূলো খাব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্ট থাকে। কমলা, আমলখি, আপেল আৰু নাচপতিৰ দৰে গ্লাইচেমিক ইনডেক্স কম থকা ফল খালে আপোনাৰ চেনি নিয়ন্ত্ৰণত থাকিব।

প্ৰটিন সমৃদ্ধ খাদ্য

প্ৰটিন সমৃদ্ধ খাদ্য যেনে দাইল, কণী, মাছ, কুকুৰাৰ মঙহ, পনীৰ আদি খাদ্যও আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

গৰম আৰু পুষ্টিকৰ পানীয়

শীতকালত গ্ৰীণ টি, বনৌষধি চাহ, বা হালধি মিহলি গাখীৰ খাব লাগে। এইবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰটো গৰম কৰি ৰখাত সহায় কৰে। ইয়াৰ বাহিৰেও অধিক পৰিমাণৰ কুহুমীয়া পানী খাব লাগে।

ঘৰতে ৰন্ধা খাদ্য খাওক

ডায়েবেটিছ ৰোগীয়ে কেৱল সতেজ আৰু ঘৰতে বনোৱা খাদ্যহে খাব লাগে। খাদ্যত তেলৰ পৰিমাণ কম হ’ব লাগে। লগতে ভজা আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰিব লাগে।

ব্যায়াম কৰক

শীতকালত শাৰীৰিক ক্ৰিয়া-কলাপ কমি গ’লে ওজন বৃদ্ধি হ’ব পাৰে। গতিকে নিয়মিতভাৱে ৩০-৪০ মিনিট খোজ কঢ়া, যোগাসন, বা লঘু ব্যায়াম কৰিব লাগে। অৱশ্যে ডায়েবেটিছ ৰোগীয়ে খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!