শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Women Health Tips: ভাল স্বাস্থ্যৰ বাবে মহিলাসকলে খাব লাগে বিশেষ এই ৫ বিধ বস্তু…

সকলোৱে এটা সুস্থ জীৱন কামনা কৰে। সুস্থ জীৱন যাপন কৰিবলৈ মানুহে ভাল খাদ্য গ্ৰহণ কৰাতো প্ৰয়োজনীয়। এনে ক্ষেত্ৰত মহিলাসকলে খাদ্যত এনে কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিব পাৰে যাৰ ফলত তেওঁলোক সুস্থ হ'ব পাৰে।

Women Health Tips: ভাল স্বাস্থ্যৰ বাবে মহিলাসকলে খাব লাগে বিশেষ এই ৫ বিধ বস্তু…
মহিলাৰ স্বাস্থ্যসন্মত জীৱনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 19 Mar 2025 08:58 AM

ভাল আৰু সুস্থ জীৱনশৈলী বজাই ৰখা সকলোৰে বাবে প্ৰয়োজনীয়। স্বাস্থ্যসন্মত খাদ্যই কেৱল আমাৰ ভোক পূৰণ কৰাই নহয়, ই আমাৰ স্বাস্থ্য ভালে ৰখাতো সহায় কৰে। ভাল খাদ্যই সদায় আমাক পুষ্টি আৰু শক্তি প্ৰদান কৰে। বিশেষজ্ঞসকলৰ মতে পুৰুষ আৰু মহিলাৰ খাদ্যৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। এনে ক্ষেত্ৰত উভয়ে কিছুমান বিশেষ খাদ্য খাব লাগে। ঘৰুৱা বা অফিচৰ কামত মহিলাসকল ইমানেই ব্যস্ত যে ইয়াৰ বাবেই তেওঁলোকে নিজৰ স্বাস্থ্যকো আওকাণ কৰে। ভাল খাদ্য গ্ৰহণ নকৰে। কিন্তু ইয়ে আপোনাক সমস্যাত পেলাব পাৰে।

ইয়াৰ বাবে বহু মহিলাই ৰোগতো আক্ৰান্ত হয়। এনে পৰিস্থিতিত মহিলাসকলে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাতো প্ৰয়োজনীয়। এই লেখাটোত কেইটামান চুপাৰফুডৰ বিষয়ে উল্লেখ কৰা হৈছে, যিসমূহ মহিলাই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে সুস্থ হৈ থাকিব পাৰে।

ফল

মহিলাসকলে ফল-মূল খাব লাগে। ইয়াৰ ভিতৰত অমিতা, বগৰী,আঙুৰ, জামু আদি খাব পাৰে। এই সমূহ ফল হৃদৰ বাবে বহু ভাল। জামুৰ এন্টিঅক্সিডেন্ট গুণ থাকে। এইবোৰে কোষৰ ক্ষতি ৰোধ কৰে। ইয়াৰ ফলত আপোনাৰ মানসিক স্বাস্থ্যও ভালে থাকে। আনহাতে অমিতাই স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ ফলত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।

বিন

বিনত ফাইবাৰ আৰু প্ৰটিন থাকে। যাৰ বাবে ই মহিলাৰ বাবে ভাল। বিন খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ইয়াৰোপৰি ই ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ ৰখাত সহায় কৰে।

দৈ

মহিলাসকলৰ বাবে দৈ অতি ভাল। দৈ কেলচিয়ামৰ এক উৎকৃষ্ট উৎস। মহিলাসকলে দৈনিক এক বাটি দৈ খাব পাৰে। ই শৰীৰত কেলচিয়ামৰ অভাৱ দূৰ কৰে। ই হাড় মজবুত কৰে। মহিলাসকলে কম চৰ্বিযুক্ত দৈ খাব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকিব।

পালেং

পালেঙত থকা ফোলেট মহিলাৰ বাবে অতি উপকাৰী। ই হৃদৰোগৰ পৰা ৰক্ষা কৰে। ই পেটৰ কৰ্কট ৰোগৰ আশংকা ৰোধ কৰে। ইয়াৰ উপৰিও ইয়াত লুটিন থাকে। ইয়াক খালে চকুৰ দৃষ্টিশক্তিও বৃদ্ধি পায়। ইয়াৰ উপৰিও ছালৰ পৰা বলিৰেখা আঁতৰায়।

শন বীজ (Flaxseed)

ই এক চুপাৰফুড। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু ওমেগা-৩ থাকে। এই গুটিবোৰ চালাড আৰু দৈ আদিত অন্তৰ্ভুক্ত কৰিব পাৰে। এই বীজবোৰে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। লগতে মহিলাসকলক স্তন কেন্সাৰৰ পৰা ৰক্ষা কৰাৰ কাম কৰে।

 

অন্য খবৰ পঢ়কঃ উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰে নেকি? ঘৰুৱা পদ্ধতিৰে এই সামগ্ৰী ব্যৱহাৰ কৰক চুলিত…