Celebrating Women’s Day : ভাৰতৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী মহিলাসকলৰ বিষয়ে জানো আহক
Women's Day Celebration: ভাৰতীয় সমাজত নাৰীৰ স্থান যথেষ্ট উচ্চ। ভাৰতক আগুৱাই নিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বহু বিদূষী মহিলাই। আজি জানো আহক ভাৰতৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী মহিলাসকলৰ বিষয়ে।

ভাৰতৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী মহিলাসকল
ভাৰতৰ ইতিহাসত বহুতো শক্তিশালী আৰু অনুপ্ৰেৰণাদায়ক নাৰীৰ কাহিনী পোৱা যায় যিয়ে সমাজৰ বাবে অনন্য অৱদান আগবঢ়াইছিল। কিছুমানৰ জন্ম ৰজা-মহাৰজাৰ দিনত হৈছিল যিয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিছিল, আনহাতে আন কিছুমানে ভাৰতৰ ভেটি মজবুত কৰিবলৈ চেষ্টা কৰিছিল। এই লেখাটোত ভাৰতৰ মহীয়সী নাৰীৰ বিষয়ে উল্লেখ আছে, যিয়ে ভাৰতীয় ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
লক্ষ্মীবাই
১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহত নেতৃত্ব লোৱা অগ্ৰণীসকলৰ ভিতৰত ৰাণী লক্ষ্মীবাই অন্যতম আছিল। ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে ভাৰতীয় জাতীয়তাবাদীসকলৰ বিৰোধক সূচাবলৈ তেওঁ এটা প্ৰতীকত পৰিণত হৈছিল।
১৮৪২ চনৰ মে’ মাহত ঝান্সীৰ মহাৰাজ ৰজা গংগাধৰ নেৱালকাৰৰ সৈতে লক্ষ্মীবাইৰ বিয়া হৈছিল। ১৮৫১ চনত লক্ষ্মীবায়ে পুত্ৰ সন্তান এটা জন্ম দিছিল। পিছলৈ দামোদৰ ৰাও নাম দিয়া এই ল’ৰাটোৰ মাত্ৰ চাৰি মাহ পিছতে মৃত্যু হয়। মহাৰাজই সম্পৰ্কীয় ল’ৰা আনন্দ ৰাওক পুত্ৰৰূপে তুলি লৈছিল। মহাৰাজৰ মৃত্যুৰ মাত্ৰ এদিন পূৰ্বে আনন্দ ৰাওৰ নামটো দামোদৰ ৰাওলৈ সলনি কৰা হয়। এই কামটো ব্ৰিটিছ ৰাজনৈতিক বিষয়াৰ উপস্থিতিত কৰা হৈছিল। মহাৰাজই এখন চিঠিৰে নিৰ্দেশনাও দিছিল যে ল’ৰাটোক উপযুক্ত সন্মান দিব লাগিব আৰু ঝান্সীৰ চৰকাৰখন তেওঁৰ বিধৱা পত্নীয়ে গোটেই জীৱনকালৰ বাবে লাভ কৰিব।
১৮৫৩ চনৰ নৱেম্বৰত মহাৰাজৰ মৃত্যুৰ পিছত দামোদৰ ৰাও (পূৰ্বৰ নাম আনন্দ ৰাও) তোলনীয়া সন্তান হোৱাৰ অজুহাত দেখুৱাই গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিৰ অধীনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঝান্সীত স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰিলে। ৰাজসিংহাসনত দামোদৰ ৰাওৰ দাবীক প্ৰত্যাখ্যান কৰি ব্ৰিটিছে ইয়াক নিজৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰিলে। লক্ষ্মীবাইক এই খবৰটো দিয়াৰ লগে লগেই তেওঁ চিঞৰি উঠিছিল, “মই মোৰ ঝান্সীক সমৰ্পণ নকৰোঁ” (মে’ মেৰি ঝান্সী নে’হী দুংগা)। ১৮৫৪ চনৰ মাৰ্চ মাহত ৰাণী লক্ষ্মীবাইক ৬০০০০ টকাৰ বাৰ্ষিক পেঞ্চন দিয়া হৈছিল আৰু ৰাজপ্ৰাসাদ আৰু দুৰ্গ এৰিবলৈ নিৰ্দেশ দিছিল।
কল্পনা চাওলা
কল্পনা চাওলা এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা। ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে। ১৯৯৭ চনত এগৰাকী অভিযান বিশেষজ্ঞ আৰু মুখ্য ৰ’বটিক আৰ্ম অপাৰেটৰ হিচাপে স্পেছ শ্বাটল্ কলম্বিয়াত কল্পনা চাওলাই প্ৰথম মহাকাশ যাত্ৰা আৰম্ভ কৰে। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে স্পেছ শ্বাটল্ কলম্বিয়া পৃথিৱীৰ বায়ুমণ্ডলত পুনঃ প্ৰৱেশ কৰাৰ সময়ছোৱাতেই মহাকাশ যানখন ধ্বংসপ্ৰাপ্ত হৈ ছয়জন মহাকাশচাৰীসহ কল্পনা চাওলাৰ মৃত্যু হয়। মৰণোত্তৰভাৱে কল্পনা চাওলাক কংগ্ৰেছনেল স্পেছ মেডেল অৱ অন’ৰ, নাছাৰ মহাকাশ উৰণ পদক আৰু নাছাৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হৈছে। ইয়াৰোপৰি তেওঁৰ সন্মানাৰ্থে ভালেমান পথ, বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠান তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।
মাদাৰ টেৰেছা
মাদাৰ টেৰেছা এগৰাকী কেথ’লিক খ্ৰীষ্টান পন্থীয় নান (nun) আছিল। তেওঁ মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। তেওঁ কলিকতাত ‘মিছনেৰীজ অফ চেৰিটি’ স্থাপন কৰিছিল। ১৯৫০ চনৰপৰা ‘মিছনেৰীজ অফ্ চেৰিটি’ৰ জৰিয়তে এখেতে দুখীয়া, অনাথ, ৰোগী আৰু মৃত্যমুখী মানুহৰ সহায়ৰ বাবে কাম কৰিছিল। ভাৰতত এই কামৰ ভেঁটি স্থাপন হ’লেও পাছলৈ ‘মিছনেৰীজ অফ্ চেৰিটি’ৰ কাম-কাজ সমগ্ৰ বিশ্বলৈ বিয়পি পৰে। পোপ জন পল দ্বিতীয়-ই এখেতক মৃত্যুৰ পাছত ‘কলিকতাৰ স্বৰ্গীয় টেৰেছা’ (Blessed Teresa of Calcutta) সন্মানেৰে বিভূষিত কৰে।
মাদাৰ টেৰেছাই জীৱন কালত বহুতো বঁটা আৰু সন্মানেৰে বিভূষিত হোৱাৰ উপৰিও ভাৰত চৰকাৰে ১৯৮০ চনত তেখেতক ভাৰতৰত্ন প্ৰদান কৰে। ১৯৭৯ চনত মাদাৰ টেৰেজাক ‘শান্তিৰ নোবেল বঁটা’ প্ৰদান কৰা হয়। এখেতৰ সমাজসেৱা কৰ্মৰ কিছুমান দোষৰ বাবে তেখেতৰ কিছু সংখ্যক সমালোচকো আছে।
ইন্দিৰা গান্ধী
ইন্দিৰা গান্ধী ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল। ১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ, পূব আফ্ৰিকাত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-আমেৰিকানৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত ভাৰত ৰত্ন উপাধিৰে তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰে।
লতা মংগেশকাৰ
লতা মংগেশকাৰ বা লতাজী ভাৰতবৰ্ষৰ এগৰাকী নেপথ্য গায়িকা আছিল। সংগীত জীৱনত লতাজীয়ে ছত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষা আৰু কেইটামান বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰিছিল লগতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছিল।
ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাপে লতাই সক্ৰিয়ভাৱে কাম কৰিছিল। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ‘ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী’ আখ্যা দিছিল। তেওঁক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়।
তেওঁৰ কৰ্মজীৱনত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে। ২০০১ চনত, ৰাষ্ট্ৰলৈ তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আৰু এই সন্মান লাভ কৰা এম এছ চুব্বালক্ষ্মীৰ পিছত তেওঁ দ্বিতীয়গৰাকী মহিলা কণ্ঠশিল্পী আছিল। ফ্ৰান্সে ২০০৭ চনত তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা নেচনেল অৰ্ডাৰ অফ দ্য লিজিয়ন অফ অনাৰৰ বিষয়া প্ৰদান কৰিছিল।
তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৫টাকৈ বেংগল ফিল্ম জাৰ্নালিষ্ট এছ’চিয়েচন এৱাৰ্ড, চাৰিটাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা প্লেবেক বঁটা, দুটাকৈ ফিল্মফেয়াৰ বিশেষ বঁটা, ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰ লগতে আৰু বহুতো বঁটা লাভ কৰিছিল। ১৯৭৪ চনত তেওঁ লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত সংগীত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় নেপথ্য গায়িকাসকলৰ ভিতৰত এগৰাকী আছিল।